গুৱাহাটী
ভাৰতৰ লগতে আছিয়ান দেশসমূহত বিমান সেৱা আগবঢ়াই থকা আগশাৰীৰ প্রতিষ্ঠান এয়াৰ এছিয়াই প্রায় ১৩০ খন স্থানলৈ ১৫ নিযুত আসনৰ ক্ষেত্ৰত বিশেষ ৰেহাই আগবঢ়োৱা কথা ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত যাত্রীসকলে মালয়েছিয়া আৰু থাইলেণ্ডৰ বিভিন্ন গন্তব্যস্থানলৈ ভাৰতৰ পৰা যাত্ৰা কৰাৰ ক্ষেত্রত ৰেহাই লাভ কৰিব।
ইয়াৰ অধীনত গুৱাহাটীৰ পৰা বেংককলৈ, কলকাতাৰ পৰা ফুকেটলৈ, বিশাখাপট্টনম পৰা কুৱালালামপুৰলৈ ৬,৫৯৯ টকাত বিমান যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব যাত্ৰীসকলে। এয়াৰ এছিয়া এভিয়েচন মুখ্য বাণিজ্যিক বিষয়া আমান্দা উৱে কয় যে, ২০২৬ চনৰ মাজভাগলৈ যাত্রা কৰিব বিচৰা যাত্ৰীসকলৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে।
তেওঁ লগতে কয় যে, ভাৰতৰ বিভিন্ন চহৰৰ পৰা মালয়েছিয়া আৰু থাইলেণ্ডলৈ আগবঢ়োৱা পোনপটীয়া সেৱাৰ অধীনত এই সুবিধা আগবঢ়োৱা হৈছে। এই বুকিং প্রক্রিয়া অহা ২৩ ফেব্রুৱাৰীলৈকে মুকলি থাকিব। ২০২৫ চনৰ এক জুলাইৰ পৰা ২০২৬ চনৰ পোন্ধৰ জুনলৈ যাত্রা কৰিব পাৰিব লোকসকলে।