ৱাকফ ব্যৱস্থা দুৰ্নীতিমুক্ত হ'লে এজন সাধাৰণ মুছলমান সবাতোকৈ বেছি সুখী হ’ব

Story by  atv | Posted by  [email protected] • 2 d ago
লক্ষ্ণৌৰ এটা মছজিদত ঈদ-ই-গাদীৰ উপলক্ষে নামাজ আগবঢ়োৱাৰ দৃশ্য
লক্ষ্ণৌৰ এটা মছজিদত ঈদ-ই-গাদীৰ উপলক্ষে নামাজ আগবঢ়োৱাৰ দৃশ্য
 
  আতিৰ খান

একাংশ লোকে বিশ্বাস কৰে যে ভাৰতীয় মুছলমানসকলে গণতন্ত্ৰৰ সৈতে খাপ খাব নোৱাৰে, কাৰণ তেওঁলোকে ধৰ্ম আৰু ৰাজনীতিৰ মাজত পাৰ্থক্য উপলব্ধি কৰিব নোৱাৰে। কিন্তু এই ধাৰণা একেবাৰে সঁচা নহয়। অৱশ্যে এটা কথা ঠিক যে, কেতিয়াবা গণতান্ত্ৰিক ব্যৱস্থা এটাৰ ভিতৰত থাকি সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত মুছলমান সম্প্ৰদায়ৰ নেতাসকলৰ কাম কৰাৰ ধৰণ প্ৰায়ে অযুক্তিকৰ।

ভাৰতীয় মুছলমানসকল অনন্য; তেওঁলোক বিশ্বৰ বাকী অংশৰ মুছলমানসকলৰ দৰে নহয়, যিসকল স্বৈৰাচাৰী চৰকাৰৰ দ্বাৰা পৰিচালিত হয়। কিন্তু ভাৰতীয় মুছলমানসকলে পছন্দ অনুসৰি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ লগত খাপ খাই পৰিছে, যিয়ে দেশৰ প্ৰাচীন সভ্যতা আৰু মূল্যবোধৰ পৰা শক্তি লাভ কৰে। কিন্তু প্ৰায়ে ভাৰতীয় মুছলমান নেতাসকলে স্পৰ্শকাতৰ বিষয়ত জাঙুৰ খাই উঠে, যিবোৰ প্ৰায়ে প্ৰতিফলনশীল হৈ পৰে আৰু সম্প্ৰদায়ৰ কোনো উপকাৰ সাধন নকৰে।

উদাহৰণস্বৰূপে সংসদত ৱাকফ সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰাৰ সময়ত হোৱা অতিমাত্ৰা প্ৰতিক্ৰিয়াৰ কথাকে আমি উল্লেখ কৰিব বিচাৰিছো। প্ৰস্তাৱিত আইনখনৰ খচৰা ৰাজহুৱা হোৱাৰ আগতেই একাংশ নেতাই হৈ হাল্লা কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰতৰ গণতন্ত্ৰই সকলোকে অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰে। কিন্তু প্ৰতিবাদৰো এটা পদ্ধতি থাকিব লাগে; সকলো দিশ যুক্তসহকাৰে ভাবি-চিন্তি চাইহে প্ৰতিবাদ সাব্যস্ত কৰা উচিত। ৱাকফ সংশোধনী বিধেয়কৰ বিষয়টো সংসদৰ যুটীয়া সমিতিৰ বিবেচনাধীন হৈ থকাৰ সময়ত প্ৰতিবাদ কৰি কি লাভ?

যোৱা ২২ আগষ্টত নতুন দিল্লীত মুছলমান সংগঠনৰ এটা যুটীয়া গোটে এখন সংবাদমেল অনুষ্ঠিত কৰি লোকসভাত ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ উত্থাপন কৰাত অসন্তুষ্টি প্ৰকাশ কৰে।
 

একাংশ মুছলমান নেতাৰ সৈতে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু
 
সংসদত বিধেয়কখনৰ ওপৰত ব্যাপক বিতৰ্কৰ অন্তত ইয়াক সংসদৰ যুটীয়া সমিতি (জেপিচি)লৈ প্ৰেৰণ কৰাৰ পিছতেই তেওঁলোকৰ আপত্তি আৰু অসন্তুষ্টি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। মন কৰিবলগীয়া যে সদনৰ মজিয়াত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে মুছলমান সম্প্ৰদায়ক আশ্বস্ত কৰে যে এই বিধেয়কখন মুছলমানৰ স্বাৰ্থতহে অনা হৈছে। কোনোবাই হয়তো বুজিব পাৰে যে যিহেতু তেওঁ বিজেপিৰ, গতিকে তেওঁৰ মন্তব্য সন্দেহজনক। কিন্তু সম্প্ৰদায়টোৰ সমৰ্থনত দৃঢ়তাৰে থিয় দিয়া বিভিন্ন দলৰ বিৰোধী নেতাসকলৰ কথা কি ক’ব?

সংসদত বিধেয়কখন উত্থাপন হোৱাৰ দিনা যি হৈছিল, তাক লৈ প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত হোৱা উচিত। সেইদিনা চলি থকা কাৰ্য্যবিধিয়ে ভাৰতৰ শক্তিশালী গণতন্ত্ৰৰ প্ৰকৃত চৰিত্ৰ আৰু ইয়াৰ ধৰ্মনিৰপেক্ষ স্বৰূপ প্ৰদৰ্শন কৰিছিল। ফলত অধ্যক্ষই বিধেয়কখন অধিক আলোচনাৰ বাবে  জেপিচিলৈ প্ৰেৰণ কৰে।

জেপিচিৰ অধ্যক্ষ জগদম্বিকা পালে আশ্বাস দিয়ে যে খচৰা চূড়ান্ত কৰি সদনলৈ ঘূৰাই অনাৰ পূৰ্বে সকলো আগ্ৰহী পক্ষকে নিজৰ পৰামৰ্শ দিবলৈ আমন্ত্ৰণ জনোৱা হ’ব। মুছলমান নেতাসকলৰ বাবে সঠিক সিদ্ধান্ত হ’লহেঁতেন, কমিটীক সামূহিক প্ৰতিনিধিত্ব দিয়া যাতে তেওঁলোকৰ উদ্বেগ বুজিব পৰা যায় আৰু সমাধান কৰিব পৰা যায়।

কেৱল প্ৰতিবাদ বা সন্দেহে ভাৰতীয় মুছলমান সম্প্ৰদায়ক কোনো ধৰণে সহায় নকৰে; বৰঞ্চ ই সম্পৰ্কবোৰক তিক্ত কৰি তুলিব, আৰু শতিকাজুৰি একেলগে বাস কৰা সম্প্ৰদায়সমূহৰ মাজত অনাস্থাৰ সৃষ্টি কৰিব। সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা ভাৰতীয় মুছলমান নেতাসকলৰ মাজত মিল নথকা যেন লাগে আৰু তেওঁলোকৰ কাৰ্য্য ফলপ্ৰসূ গণতান্ত্ৰিক পদ্ধতিৰ সৈতে মিলি নাযায় বুলি কোৱাটো ভুল নহ’ব। এনে কাৰ্য্যই সম্প্ৰদায়টোৰ হৈ মাত মতা বিৰোধী নেতাসকলৰ সেই প্ৰচেষ্টাকো ক্ষতিগ্ৰস্ত কৰে। 

গণতন্ত্ৰ হৈছে ইছলামৰ এক অন্তৰ্নিহিত বৈশিষ্ট্য। হজৰত মহম্মদে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সদায় গণতান্ত্ৰিক পদ্ধতি গ্ৰহণ কৰিছিল; তেওঁ সদায় নিজৰ সংগীসকলৰ সৈতে আলোচনাত বিশ্বাস কৰিছিল। ভাৰতীয় মুছলমানসকলে গণতন্ত্ৰক আভ্যন্তৰীণ কৰি তোলাৰ প্ৰয়োজন; যি হ'ব সুশাসনৰ প্ৰতিশ্ৰুতি দিয়া এক গণতন্ত্ৰ।

কোনো ধৰ্মই গণতন্ত্ৰৰ লগত সামঞ্জস্যপূৰ্ণ নহয়। ধৰ্ম সম্পূৰ্ণৰূপে সত্যৰ সৈতে জড়িত, আনহাতে গণতন্ত্ৰ হৈছে মানুহৰ আপেক্ষিক সত্যৰ বিষয়। ধৰ্ম আৰু গণতন্ত্ৰই সৰ্বশ্ৰেষ্ঠ কাম কৰে, যেতিয়া ধৰ্মই উদাৰতাক আঁকোৱালি লৈ গণতন্ত্ৰৰ সৈতে নিজকে খাপ খুৱাবলৈ আপোচ কৰে, সেয়াই এখন দেশৰ জনসাধাৰণৰ ইচ্ছা।
 
ৱাকফ বিধেয়কৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মতামত ৰাখিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সদস্যসকলে
 
গোটেই বিশ্বত এতিয়া ইছলামিক বুদ্ধিজীৱীৰ এক নতুন প্ৰজন্মই ধৰ্মক উদাৰভাৱে লৈ সাৰ্বভৌমত্বক গ্ৰহণ কৰাৰ গুৰুত্বৰ কথা কৈছে। আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত ভগৱানৰ কথা আৰু মানুহৰ ইচ্ছাৰ মাজত সহ-অস্তিত্বৰ কথা উল্লেখ কৰিছে। ভাৰতীয় মুছলমান নেতাসকলে এই নীতি অনুসৰণ কৰা উচিত। আইনৰ শাসন তেওঁলোকৰ বাবে সৰ্বোচ্চ হ’ব লাগে।

আজি ৱাকফৰ সম্পত্তি পৰিচালনাত অবাধ দুৰ্নীতি আছে। এজন সাধাৰণ মুছলমান সবাতোকৈ বেছি সুখী হ’ব, যদিহে এই দুর্নীতিৰ প্রথাবোৰ ব্যৱস্থাটোৰ পৰা আঁতৰাই পেলোৱা হয়৷ ইয়াৰ দ্বাৰা সমগ্ৰ সমাজ আৰু সামগ্ৰিকভাৱে দেশখন লাভান্বিত হ’ব। এইটো সঁচা যে সামূহিকভাৱে সম্প্ৰদায়টোৱে ৱাকফৰ সমস্যাসমূহ ফলপ্ৰসূভাৱে সমাধান কৰাত ব্যৰ্থ হৈছে।

বৰ্তমানৰ বিধেয়কখনৰ বিধানসমূহত সঁচাকৈয়ে কিছুমান ডাঙৰ ক্ৰুটি আছে যিবোৰ পুনৰীক্ষণৰ প্ৰয়োজন। উদাহৰণস্বৰূপে, ৱাকফৰ ভূমিত চৰকাৰী সংস্থাৰ সম্পত্তিকে ধৰি ৱাকফৰ সম্পত্তিৰ অবৈধ দখল কেনেকৈ নিষ্পত্তি কৰা হ’ব সেই সম্পৰ্কে বিধেয়কখন সম্পূৰ্ণৰূপে নিমাত। লগতে, অন্য ধৰ্মৰ পৰা ৱাকফ ব’ৰ্ডৰ সদস্য নিযুক্তি দিয়াৰ ক্ষেত্ৰত বিধানসমূহৰ বৈষম্য আছে। 

এটা কথা নিশ্চিত যে মুছলমান সম্পৰ্কীয় বিষয়সমূহৰ সমাধানৰ পন্থাটোৰ ফলপ্ৰসূতাৰ বাবে পৰ্যালোচনা কৰাটো প্ৰয়োজন। আলোচনাই হৈছে আগুৱাই যোৱাৰ সঠিক পথ।