তেহৰাণ
ইণ্ডোনেছিয়াৰ পিছত আন এখন মুছলমান ৰাষ্ট্ৰই নিজৰ ৰাজধানী স্থানান্তৰ কৰিবলৈ সাজু হৈছে। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা ক্ৰমান্বয়ে সাগৰত ডুব যোৱাৰ ফলত চৰকাৰে ৰাজধানীখনক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এনে সময়তে ইৰানেও এতিয়া নিজৰ ৰাজধানী তেহৰাণৰ পৰা মাক্ৰাণলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে।
মঙলবাৰে চৰকাৰী মুখপাত্ৰই ঘোষণা কৰে যে ইৰানে নিজৰ ৰাজধানী দক্ষিণ উপকূলীয় অঞ্চল মাক্ৰাণলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। এই সাহসী পদক্ষেপৰ উদ্দেশ্য হৈছে তেহৰাণৰ অতিৰিক্ত জনসংখ্যা, বিদ্যুতৰ নাটনি, আৰু পানীৰ অভাৱৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ মোকাবিলা কৰা। চৰকাৰী বিষয়াসকলে এই পদক্ষেপৰ কৌশলগত আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে ইয়াৰ সৈতে জড়িত যথেষ্ট আৰ্থিক বোজা আৰু আনুসংগিক প্ৰত্যাহ্বানক লৈ সমালোচকসকলে উদ্বেগ প্ৰকাশ কৰিছে।
মঙলবাৰে চৰকাৰী মুখপাত্ৰ ফাতেমেহ মোহাজেৰানিৰ উদ্ধৃতিৰে ynetnews-এ কয় যে, ‘নতুন ৰাজধানী নিশ্চিতভাৱে দক্ষিণত, মাক্ৰাণ অঞ্চলত হ’ব আৰু আমি বৰ্তমান এই বিষয়টোৰ ওপৰত কাম কৰি আছো। জৰ্ডান, কুৱেইট, বা ছৌদি আৰৱৰ দৰে দেশৰ দৰে নহয়, আমাৰ দেশে বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ বাবে আৰু ইয়াৰ বৰ্তমানৰ নগৰ কেন্দ্ৰৰ ওপৰত বোজা হ্ৰাস কৰাৰ বাবে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে।'
মোহাজেৰানিৰ মতে, ৰাজধানীখন স্থানান্তৰিত কৰাৰ সম্ভাৱনীয়তা মূল্যায়নৰ বাবে দুখন সমিতি গঠন কৰা হৈছে। তেওঁ আলোকপাত কৰে যে, যদিও এই পদক্ষেপ তাৎক্ষণিক অগ্ৰাধিকাৰ নহয়, তথাপিও তেহৰানৰ ঘন জনসংখ্যা আৰু চহৰখনে সন্মুখীন হোৱা পৰিৱেশগত প্ৰত্যাহ্বানৰ বাবে বিশেষজ্ঞসকলৰ বাবে বিশদ মূল্যায়ন কৰাটো অতি প্ৰয়োজনীয়।
উল্লেখ্য যে, তেহৰাণৰ বাসিন্দাসকলে চলি থকা বিদ্যুৎ বিচ্ছিন্নতা আৰু ভয়াৱহ পানীৰ সংকটৰ সৈতে যুঁজি আছে। চৰকাৰী মুখপাত্ৰগৰাকীয়ে কয় যে তেহৰাণত এই সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা চলি থকাৰ সময়তে চৰকাৰে দেশৰ অন্যান্য অঞ্চলৰ সম্পদসমূহৰ উন্নত ব্যৱহাৰৰ বাবেও কৌশল বিবেচনা কৰি আছে।
ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত ৰাজধানীখন স্থানান্তৰকৰণৰ বিতৰ্ক সময়ে সময়ে পুনৰ উত্থাপন হৈছিল যদিও অৰ্থনৈতিক সীমাবদ্ধতা আৰু লজিষ্টিক বাধাৰ বাবে বাৰে বাৰে ইয়াক পিছুৱাই ৰখা হৈছিল। মাহমুদ আহমদিনেজাদৰ ৰাষ্ট্ৰপতি কাৰ্যকালৰ সময়ছোৱাত এই বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছিল।
প্ৰাক্তন ৰাষ্ট্ৰপতি হাছান ৰৌহানীয়েও এই বিষয়টো পুনৰ বিবেচনা কৰিছিল, আৰু এতিয়া ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ নেতৃত্বত বৰ্তমানৰ প্ৰশাসনে ইয়াক সক্ৰিয়ভাৱে বিবেচনা কৰি আছে। ইছলামিক গণৰাজ্য ইৰানে ওমান উপসাগৰৰ ওচৰৰ দক্ষিণ উপকূলৰ কাষৰীয়া চিস্তান আৰু বেলুচেষ্টান প্ৰদেশত অৱস্থিত মাক্ৰাণ অঞ্চলত নিজৰ নতুন ৰাজধানী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। বিষয়াসকলে কয় যে এই স্থানান্তৰে কৌশলগত আৰু অৰ্থনৈতিক দুয়োটা সুবিধা প্ৰদান কৰিব, যিহেতু মাক্ৰাণ অঞ্চলটোক সম্ভাৱ্য বাণিজ্যিক আৰু সামুদ্ৰিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো সহজ হ'ব। এই পদক্ষেপে ইৰাণৰ বাণিজ্যিক ক্ষমতা বৃদ্ধি কৰাৰ লগতে তেহৰাণৰ ওপৰত হেঁচা কমোৱাৰ সম্ভাৱনা আছে।