গেটৱে অৱ ইণ্ডিয়াত নাও দূৰ্ঘটনাঃ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ ৩০ যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে আৰিফ বামনেই

Story by  atv | Posted by  [email protected] • 5 h ago
গেটৱে অৱ ইণ্ডিয়াত দূৰ্ঘটনাগ্ৰস্ত নাওখন, ইনছেটত আৰিফ বামনে
গেটৱে অৱ ইণ্ডিয়াত দূৰ্ঘটনাগ্ৰস্ত নাওখন, ইনছেটত আৰিফ বামনে
 
আৱাজ দ্য ভইচ / মুম্বাই

নাম তেওঁৰ আৰিফ বামনে। মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াত নৌসেনাৰ স্পীডবোটৰ খুন্দাত ডুব যাবলৈ ধৰা নাওৰ ৩০ জন যাত্ৰীক ৰক্ষা কৰা নায়ক। দহজনতকৈও অধিক লোকৰ মৃত্যু হোৱা এই দুৰ্ঘটনাত প্ৰাণ উদ্ধাৰ হোৱাসকলৰ চকুৰ সন্মুখত এতিয়া কেৱল ভাহি উঠিছে আৰিফ বামনেৰ মুখখন। কাৰণ, বিপদৰ সময়ত ত্ৰাণকৰ্তাৰ ৰূপ ধাৰণ কৰি তেওঁ ডুব যোৱা মানুহবোৰক মৃত্যুৰ দুৱাৰদলিৰ পৰা ৰক্ষা কৰিছিল।
 
আৰিফ বামনেৰ এই দুঃসাহসিক অভিযান আৰম্ভ হৈছিল, যেতিয়া তেওঁ গেটৱে অৱ ইণ্ডিয়াৰ ঠিক সন্মুখতে নৌসেনাৰ এখন তীব্ৰবেগী নাও আৰু নীল কমল নামৰ নৌসেনাৰ স্পীডবোটৰ সংঘৰ্ষ হোৱা দেখিছিল। পানীৰ ঢৌত মানুহৰ মূৰবোৰ দেখা গৈছিল, কোনোৱে লাইফ জেকেট পিন্ধিছিল আৰু কোনোবাই পিন্ধা নাছিল। এই লোকসকলে পানীৰ প্ৰচণ্ড ঢৌৰ ওপৰত দুয়োখন হাত তুলি মানুহৰ সহায় বিচাৰিছিল। এই নাওখন গেটৱে অৱ ইণ্ডিয়াৰ পৰা এলিফেণ্টালৈ গৈ আছিল।
 
এই দুৰ্ঘটনাত শিশু, বৃদ্ধ, মহিলা আৰু যুৱক-যুৱতীসকলে মৃত্যু নিজ চকুৰে দেখিছিল। শ শ লোক পানীত ডুব গৈ থকা সময়ত আৰিফ বামনে পোৰৱা নামৰ এখন পাইলট নাওত উঠি আছিল। পাইলট নাওখনে সাগৰত থকা ডাঙৰ ডাঙৰ নাওবোৰক পাৰলৈ অনাত সহায় কৰে।
 
উদ্ধাৰ অভিযানৰ দৃশ্য, সোঁফালে আৰিফ বামনে
 
এই জৰুৰী পৰিস্থিতিত সকলোৱ হতবাক হৈছিল। কাৰণ দুৰ্ঘটনাটো সাগৰত সংঘটিত হৈছিল আৰু সকলোৱে পাৰৰ পৰা মানুহখিনিৰ উদ্ধাৰৰ বাবে চিঞৰ-বাখৰ আৰু প্ৰাৰ্থনা কৰাৰ বাহিৰে আন একো কৰিব পৰা নাছিল। দুৰ্ঘটনাটোৰ পিছৰ কেইমিনিটমানেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ, যেতিয়া মানুহবোৰ ডুব গৈ আছিল আৰু তেওঁলোক নিশ্চিত মৃত্যুৰ দিশে আগবাঢ়িছিল।
 
সেই সময়তে আৰিফ বামনে নিজৰ নাওখনেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। ঢৌৰ পৰা মহিলা আৰু ল’ৰা-ছোৱালীক উলিয়াই আনিবলৈ ধৰিলে। সাগৰৰ প্ৰচণ্ড ঢৌৰ ওপৰত হাত দাঙি জীৱন-মৃত্যুৰ সংগ্ৰাম কৰি থকা যাত্ৰীসকললৈ আৰিফ বামনৰ সহায়ৰ হাত অদৃশ্য শক্তিতকৈ কোনোগুণে কম নাছিল। দূৰৰ পৰা দূৰ্ঘটনাটো দেখা সকলে কয় যে আৰিফ বামনে ছুপাৰহিৰোৰ দৰে যাত্ৰীসকলৰ জীৱন উদ্ধাৰ কৰে। যদি আৰিফে সময়মতে সাহস প্ৰদৰ্শন কৰি সহায়ৰ হাত আগনবঢ়ালেহেঁতেনে, তেন্তে এই ৩০ জন ব্যক্তিৰ কি হ’লহেঁতেন? তেওঁলোকৰ মাজত এগৰাকী ৩ বছৰীয়া কন্যা শিশুৱো আছে। 
 
আৰিফে দূৰ্ঘটনাৰ উমান লাভ কৰি অকণো সময় নষ্ট নকৰে আৰু নিজৰ পাইলট নাওখনৰ ইঞ্জিন ষ্টাৰ্ট কৰি দুৰ্ঘটনাস্থলীত উপস্থিত হয়। সেই সময়ত সকলোৱে দূৰৰ পৰাই দুৰ্ঘটনাটো চাই আছিল আৰু দূৰ্ঘটনাগ্ৰস্ত যাত্ৰীসকলে কোনো ফালৰ পৰা সহায় পোৱা নাছিল। তেওঁলোকে মাথো সহায় বিচাৰি চিঞৰি আছিল।
 
আৰিফ বামনেৰ মতে, তেওঁ পাইলট জেকেট লৈ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সহায়ৰ বাবে চিঞৰি থকা মহিলাসকলক নাওখনৰ ওচৰলৈ টানি আনি লাইফ জেকেট দিয়ে, তেওঁলোকক সাহস আৰু সান্ত্বনা দিয়ে। ইয়াৰ পিছত তেওঁলোকক নিজৰ নাওত উঠাই সাগৰৰ পাৰলৈ লৈ যায়। 
 
সাগৰত ডুব যোৱা যাত্ৰীসকলক লাইফ জেকেট পিন্ধাই উদ্ধাৰ কৰাৰ মুহূৰ্ত
 
উদ্ধাৰ অভিযানৰ সময়ছোৱাত আৰিফৰ দৃষ্টি আকৰ্ষণ কৰিছিল এটা তিনি বছৰীয়া ছোৱালীৰ হৃদয় বিদাৰক আৰ্তনাদে। ছোৱালীজনী পানীত ডুব গৈ আছিল, ঢৌৱে তাইক বাৰে বাৰে ওপৰলৈ ঠেলি দিছিল, যেন এই নিৰীহ শিশুটিক সাগৰে নিজৰ গভীৰতালৈ নিব বিচৰা নাছিল। তেনে সময়তে আৰিফ বামনে সাগৰত জপিয়াই ছোৱালীজনীক কোলাত লৈ নাওখনৰ ওচৰলৈ লৈ আহিছিল।
 
আৰিফ বামনেৰ কাম তেতিয়াও শেষ হোৱা নাছিল। কাৰণ বহুত পানী খোৱাৰ ফলত শিশুটোৰ উশাহ-নিশাহ বন্ধ হৈ গৈছিল। ইয়াৰ পিছত তেওঁ ছোৱালীজনীক ওলোটাকৈ শুৱাই লৈ পেটৰ পৰা পানী উলিয়াই দিলে। তথাপি, সেই সময়ত ছোৱালীজনী জীয়াই থকাৰ কোনো আশা নাছিল। কিন্তু আৰিফে ছোৱালীজনীক বুকুত সাৱটি ধৰি তাইৰ মুখত উশাহ-নিশাহ দিয়ে।
 
আৰিফৰ এই প্ৰচেষ্টাৰ বাবেই কণমানিজনী মৃত্যুৰ কবলৰ পৰা ওলাই আহে। কণমানি ছোৱালীজনীৰ মাকে নিজ কন্যাৰ জীৱন উদ্ধাৰৰ এই সমগ্ৰ দৃশ্য আৱেগিকভাৱে চাই আছিল আৰু তেওঁ আৰিফ বামনেৰ মাজত স্বয়ং ভগৱানক দেখিবলৈ পাইছিল।