অসম কৃষি বিভাগৰ চাৰিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত কৃষি বিষয়া সকলৰ সৈতে প্ৰশিক্ষাৰ্থীসকল
গুৱাহাটী
বৰ্তমান বহু নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ বাবে আশা কৰি ঘৰতে বহি নাথাকি কৃষিকৰ্ম তথা অন্যন্য ব্যৱসায়ীৰ জৰিয়তে স্বাৱলম্বী হোৱা দেখা গৈছে। এই যুৱক-যুৱতীসকলক নিজৰ উপাৰ্জনৰ পথ বাচি লোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ খনাপাৰাস্থিত অসম কৃষি বিভাগৰ উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সঞ্চালকালয়ৰ অধীনত তথা অসম কৃষি বিভাগৰ উত্তৰ-পূব আৰু হিমালয়ৰ ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযানৰ উদ্যোগত অলপতে এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।
২২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণৰ ২৫ অক্টোবৰত সামৰণি পৰে। এই চাৰিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত বেকাৰী আৰু মিঠাই প্ৰস্তুত, খাদ্য প্ৰক্ৰিয়াকৰণ, কাঠঁফুলা খেতি আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলা ক্ৰমে কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, মঙলদৈ, শিৱসাগৰ, ডিগবৈ, তামুলপুৰ, যোৰহাট আদিকে ধৰি বিভিন্ন জিলাৰ মুঠ ৯০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
আটাইকেইগৰাকী প্ৰশিক্ষাৰ্থীক সামৰণি অনুষ্ঠানত বিভাগৰ সঞ্চালক তথা বিষয়াসকলে প্ৰশিক্ষণৰ প্ৰমাণপত্ৰসমূহ প্ৰদান কৰে। উল্লেখ্য যে, ২০০০ চনৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ বাবে বিভাগটোৱে থকা-খোৱাৰো ব্যৱস্থা কৰি আহিছে।