স্মৃতিৰ গৰাহত অসমৰ মহাত্মা গান্ধী

Story by  atv | Posted by  [email protected] • 3 d ago
দাণ্ডী যাত্ৰাৰ সময়ত জাতিৰ পিতা গান্ধীজীৰ সৈতে কৃষ্ণনাথ শৰ্মা
দাণ্ডী যাত্ৰাৰ সময়ত জাতিৰ পিতা গান্ধীজীৰ সৈতে কৃষ্ণনাথ শৰ্মা
 
দৌলত ৰহমান / গুৱাহাটী

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটো সমগ্ৰ দেশতে আজি গান্ধী জয়ন্তী হিচাপে উদযাপন কৰাৰ সময়তে ধৰ্মীয়ভাৱে গান্ধী দৰ্শন আৰু গান্ধীৰ জীৱন-ধাৰণৰ পদ্ধতি অনুসৰণ কৰা এজন ব্যক্তিৰ বলিদানৰ কথা অসমবাসীৰ হয়তো মনত নাই। 'অসমৰ গান্ধী' নামেৰে পৰিচিত এইগৰাকী ব্যক্তি হৈছে কৃষ্ণনাথ শৰ্মা। তেওঁ কেৱল নিপীড়িত লোকৰ হৈ মাত মতাই নহয়, ভাৰতৰ স্বাধীনতা সংগ্রামত সক্ৰিয়ভাৱে অংশগ্রহণ কৰি কেইবাবছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল৷

১৯৩৪ চনত পূব অসমৰ যোৰহাট জিলাৰ ছাবাইবন্ধাৰ কৃষ্ণনাথ শৰ্মাই নিজৰ পৰিয়ালৰ নামঘৰৰ দুৱাৰ হৰিজনসকলক প্ৰাৰ্থনা কৰিবৰ বাবে মুকলি কৰি দিছিল। তেওঁৰ এই পদক্ষেপৰ লক্ষ্য আছিল সমাজত অস্পৃশ্যতাৰ বিষয়টো দূৰ কৰা। কিন্তু এই পদক্ষেপে শৰ্মাৰ ব্ৰাহ্মণ সম্প্ৰদায়ক ক্ষোভিত কৰিছিল আৰু তেওঁৰ পৰিয়ালক সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল। জাতিৰ পিতা মহাত্মা গান্ধীয়ে এক অনুষ্ঠানত সেই বছৰৰ ১৮ এপ্ৰিলত যোৰহাট ভ্ৰমণৰ সময়ত হৰিজনৰ বাবে নামঘৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।
 
যোৰহাট ভ্ৰমণৰ সময়ত মহাত্মা গাান্ধীৰ সৈতে কৃষ্ণনাথ শৰ্মা
 
ভক্তিপ্ৰাণ ব্ৰাহ্মণ সম্প্ৰদায়ৰ সন্তান শৰ্মাই অসমত হৰিজন কল্যাণ আঁচনিৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত তেওঁলোকৰ বাবে কৃষ্ণনাথ শৰ্মাই নিজৰ পৰিয়ালৰ নামঘৰ মুকলি কৰি দিছিল। নামঘৰ হৈছে অসমৰ বিভিন্ন স্থানত স্থাপন কৰা সমূহীয়া প্ৰাৰ্থনা গৃহ। 

“আজি গান্ধী জয়ন্তী উপলক্ষে দেশবাসীয়ে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিছে। এনে সময়তে অৱশ্যে আমি পাহৰিছো অসমৰ গান্ধীক। তেওঁ নিপীড়িতৰ বাবে কাম কৰিব পৰাকৈ বিধানসভাৰ এখন আসনও এৰি দিছিল।’- এই মন্তব্য কৃষ্ণ শৰ্মা স্মৃতি সুৰক্ষা সমিতিৰ এগৰাকী বিষয়ববীয়াৰ।
 

কৃষ্ণনাথ শৰ্মাৰ পৰিয়ালৰ নামঘৰটো আৰু সোঁফালে অসমৰ মহাত্মা গান্ধী নামেৰে পৰিচিত কৃষ্ণনাথ শৰ্মা
 
তেওঁ কয় যে ২০০৬ চনত তেওঁলোকে সমিতি গঠন কৰাৰ পিছত নামঘৰকে ধৰি ছয় বিঘাতকৈও অধিক সম্পত্তি থকা পথটোৰ নাম মুক্তি যুজাৰু পথ (ফ্ৰিডম ফাইটাৰছ ৰোড) ৰাখে। ‘যোৰহাটৰ নামঘৰ সংৰক্ষণৰ বিষয়টোক সমিতিয়ে ঐতিহ্য গৃহ হিচাপে লৈ আহিছে যদিও এই কাম কৰিবলৈ কৰ্তৃপক্ষই বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই।’ বিষয়ববীয়াগৰাকীয়ে কয়।

ইফালে, কৃষ্ণনাথ শৰ্মাৰ নাতিনী গায়ত্ৰী শৰ্মা গোস্বামীয়ে কয় যে তেওঁৰ সকলো পূৰ্বপুৰুষ জেললৈ যোৱা স্বাধীনতা সংগ্ৰামী আছিল। তেওঁৰ পৰিয়ালে কেতিয়াও খ্যাতি আৰু প্ৰচাৰ নিবিচাৰে বুলিও গোস্বামীয়ে জানিবলৈ দিয়ে।