মুছলমান অধ্যুষিত সমষ্টিত ১১জন মুছলমান প্ৰাৰ্থীক চেৰ পেলাই জয়ী হ'ল বিজেপিৰ হিন্দু প্ৰাৰ্থী ৰামবীৰ ঠাকুৰ

Story by  atv | Posted by  [email protected] • 1 h ago
জয়ৰ পিছত সমৰ্থক আৰু দলীয় কৰ্মীৰ সৈতে বিজেপিৰ প্ৰাৰ্থী ৰামবীৰ ঠাকুৰ
জয়ৰ পিছত সমৰ্থক আৰু দলীয় কৰ্মীৰ সৈতে বিজেপিৰ প্ৰাৰ্থী ৰামবীৰ ঠাকুৰ
 
লক্ষ্ণৌ
 
"একতাৰে থাকিলে আমি নিৰাপদে থাকিম" (ek hain to safe hain) শ্লোগানেৰে উত্তৰ-প্ৰদেশৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে ৰাজ্যখনৰ কুণ্ডাৰকী বিধানসভা সমষ্টিত চমকপ্ৰদ ফলাফল লাভ কৰিছে। মুছলমান অধ্যুষিত সমষ্টিটোৰ পৰা বিজেপিৰ ৰামবীৰ ঠাকুৰে ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। 

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কুণ্ডাৰকীত ৰামবীৰ ঠাকুৰে মুছলমান সম্প্ৰদায়ৰ ১১ জন প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি চমক সৃষ্টি কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হৈছে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ হাজী ৰিজৱান। এক লাখৰো অধিক ভোটৰ ব্যৱধানত হাজীক পৰাস্ত কৰে ৰামবীৰ ঠাকুৰে। ৬৫ শতাংশ মুছলমান ভোটাৰেৰে গঠিত সমষ্টিটোত এই বিজয় ৰাজনৈতিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
 
কুণ্ডাৰকী সমষ্টিৰ নিৰ্বাচনী ফলাফলে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক মহলৰো চকু কপালত তুলিছে। অখিলেশ যাদৱৰ দলে ইভিএমৰ খেলিমেলিৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে দাবী কৰে যে ৰামবীৰ সিঙে মুছলমান ভোটাৰ বিশেষকৈ শ্বেখসকলৰ মাজত কৌশলগতভাৱে প্ৰচাৰ কৰাটোৱে তেওঁৰ এই চকমপ্ৰদ জয়ত নিৰ্ণায়ক ভূমিকা পালন কৰিছে। ধৰ্মীয় মেৰুকৰণৰ বাবে পৰিচিত এটা সমষ্টিত এইবাৰ বিভাজন যেন মুছলমান সম্প্ৰদায়ৰ তুৰ্ক আৰু শ্বেখ উপগোটৰ ভিতৰতে স্থানান্তৰিত হৈছে।
উল্লেখ্য যে, বিগত দুটা দশক ধৰি ৰামবীৰ ঠাকুৰে তৃণমূল পৰ্যায়ত ধাৰাবাহিকভাৱে কাম কৰি আহিছে। একেৰাহে তিনিটা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো তেওঁ জনসাধাৰণৰ সৈতে সংযুক্ত হৈ আছিল, স্থানীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, ৰাইজক সহায় কৰি আহিছে আৰু ৰাইজৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি আহিছে। 
 
আনকি তেওঁ টুপী আৰু আৰবী স্কাৰ্ফ পিন্ধিও মুছলমান ভোটাৰৰ মাজত মিলি গৈছিল। উল্লেখযোগ্য যে মুছলানৰ শ্বেখ সম্প্ৰদায় তেওঁৰ সমৰ্থনত একত্ৰিত হোৱাৰ বিপৰীতে তুৰ্ক সম্প্ৰদায়ৰ হাজী ৰিজৱানে বিধায়ক হিচাপে তিনিটা কাৰ্যকালৰ অন্তত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈছিল। 
 
হাজী ৰিজৱানৰ পৰাজয়ৰ আন এক কাৰণ হ’ল তেওঁৰ প্ৰদৰ্শনক লৈ ভোটাৰৰ মাজত অসন্তুষ্টি। নিৰ্বাচনৰ মাজভাগত নিৰ্বাচন বাতিল কৰাৰ তেওঁৰ বিতৰ্কিত দাবীয়ে সমৰ্থকসকলক আৰু অধিক ক্ষুণ্ণ কৰি তুলিছিল। এই অসন্তুষ্টিৰ লগতে সম্প্ৰদায়ৰ ভিতৰৰ মেৰুকৰণে সমাজবাদী পাৰ্টিৰ দুৰ্গ কুণ্ডাৰকীত ৰামবীৰ সিঙক এক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰে। ভোটগ্ৰহণৰ দিনটোৰ বিয়লিৰ ভাগলৈ মুছলমান ভোটাৰসকলে বিজেপিৰ ফালে মুখ কৰাৰ লগে লগে সমষ্টিটোত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছিল।
 
সূত্ৰই জনোৱা মতে, মুছলমানসকলে অহা ডেৰ-দুবছৰত ৰামবীৰ ঠাকুৰক নিজকে প্ৰমাণ কৰাৰ সুযোগ দিয়াৰ বিষয়ে জল্পনা-কল্পনা কৰিছিল। বহু ভোটাৰে কৈছে যে তেওঁলোকে বিজেপিৰ প্ৰাৰ্থীগৰাকীক প্ৰতিশ্ৰুতি পূৰণৰ এক সুযোগ দিব বিচাৰিছে আৰু যদিহে তেওঁ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে, তেন্তে মুছলমান ভোটাৰসকল  পৰৱৰ্তী নিৰ্বাচনত পুনৰ সমাজবাদী পাৰ্টিলৈ ঘূৰি যাব।