ত্ৰিপুৰা
ত্ৰিপুৰাৰ বক্সানগৰ আৰু ধনপুৰ বিধানসভা সমষ্টিত মঙলবাৰে (৫ ছেপ্টেম্বৰ) অনুষ্ঠিত উপ-নিৰ্বাচনত বিজেপিয়ে বিশাল ব্যৱধানত জয়লাভ কৰিছে। বক্সানগৰত বিজেপিৰ এই জয় অত্যন্ত তাৎপৰ্যপূৰ্ণ, কাৰণ এই সমষ্টিটো মুছলমান সংখ্যাগৰিষ্ঠ ভোটাৰেৰে গঠিত আৰু চিপিআই (এম)ৰ দুৰ্গ আছিল। বিজেপিৰ তফাজ্জ্বল হোছেইনে চি পি আই (এম)ৰ মিজান হুছেইনক ৩০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জানিব পৰা মতে, বক্সানগৰৰ ৫৫ শতাংশতকৈও অধিক ভোটাৰ মুছলমান।
চলিত বৰ্ষৰ জুলাই মাহত মৃত্যু হোৱা প্ৰাক্তন বিধায়ক ছামছুল হকৰ পুত্ৰ মিজান হুছেইনে মাত্ৰ ৩,৯০৩ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে যদিও তফাজ্জ্বল হোছেইনে ৩৪,১৪৬ টা ভোট লাভ কৰে। ইফালে, ধনপুৰত বিজেপিৰ বিন্দু দেৱনাথে তেওঁৰ নিকটতম চিপিআই (এম) প্ৰতিদ্বন্দ্বী কৌশিক চন্দক ১৮,৮৭১ ভোটত পৰাস্ত কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে দখল নকৰাৰ আগলৈকে ধনপুৰ সমষ্টিটো চি পি আই (এম)ৰ দুৰ্গ আছিল। বিজেপিৰ প্ৰতিমা ভৌমিকে চি পি আই (এম)ৰ কৌশিক চন্দক ৩৫০০ৰো অধিক ভোটত পৰাস্ত কৰিছিল। কিন্তু কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বৰ পালনৰ বাবে লোকসভাৰ সদস্য পদ অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিমা ভৌমিকে বিধায়িক পদ ত্যাগ কৰে। তেওঁৰ পদত্যাগৰ বাবে সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল।
বক্সানগৰত বিজেপিৰ এই বিজয় যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ ই চি পি আই (এম)ৰ প্ৰতি আনুগত্যশীল হৈ থকা মুছলমান সংখ্যাগৰিষ্ঠ আসন। লগতে বক্সানগৰ আৰু ধনপুৰ উভয় সমষ্টিতে চি পি আই (এম)ৰ প্ৰাৰ্থীগৰাকীক কংগ্ৰেছে সমৰ্থন জনাইছিল।
‘বক্সনগৰৰ মুছলমানে অতি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকে বিজেপিক অস্পৃশ্য বুলি গণ্য নকৰে। মোৰ বাবে বিপুল হাৰত ভোটদান কৰি তেওঁলোকে সমগ্ৰ দেশৰ মুছলমানসকললৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে বিজেপিয়ে সকলোৰে বাবে উন্নয়নৰ হকে কাম কৰিছে আৰু কাৰো বিৰুদ্ধে বৈষম্য নকৰে।’-এইদৰে কয় বিজয়ী তফাজ্জ্বল হোছেইনে।
হোছেইনে আঙুলিয়াই দিয়ে যে বক্সানগৰত বিজেপিয়ে ভোটৰ অংশ বৃদ্ধি কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত হোছেইনৰ ভোটৰ অংশীদাৰিত্ব ৩৭.৭৬ শতাংশ হোৱাৰ বিপৰীতে বিজয়ী চিপিআই (এম) প্ৰাৰ্থী ছামছুল হকৰ ভোটৰ অংশ আছিল ৫০.৩৪ শতাংশ। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত চি পি আই (এম)ৰ চাহিদ চৌধুৰীয়ে ৫৭.৭৬ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ বাহাৰুল ইছলাম মজুমদাৰে ৩৪.৪৫ শতাংশ ভোট লাভ কৰে। আৰু ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী মন্তু সৰকাৰে ১.৪৩ শতাংশ ভোট লাভ কৰিছিল।
উল্লেখ্য যে, ধনপুৰ সমষ্টি ১৯৭২ চনৰ পৰা চিপিআই (এম)ৰ দুৰ্গ হিচাপে পৰিগণিত হৈ আছিল। ১৯৭২ চনৰ পৰা ২০১৮ চনৰ ভিতৰত মাৰ্ক্সবাদীয়ে একেৰাহে ১০ বাৰ এই আসন লাভ কৰিছিল। ৰাজ্যখনৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰে ১৯৯৮ চনৰ পৰা ২৫ বছৰ ধৰি ধনপুৰক প্ৰতিনিধিত্ব কৰিছিল।