নোবেল বঁটা ঘোষণা হোৱাৰ বহু আগতেই চি ভি ৰমনে ছুইডেনলৈ বিমানৰ টিকট বুকিং কৰিছিল

Story by  atv | Posted by  [email protected] • 5 h ago
 বঁটা গ্ৰহণৰ সময়ত চিভি ৰমন (সোঁফালে), কাষত তেওঁৰ পত্নী লোকসুন্দৰী আম্মাল (মাজত)
বঁটা গ্ৰহণৰ সময়ত চিভি ৰমন (সোঁফালে), কাষত তেওঁৰ পত্নী লোকসুন্দৰী আম্মাল (মাজত)
 
চাকিব চেলিম

প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত ছাৰ চি ভি ৰমনৰ ৰমন ইফেক্টৰ যুগান্তকাৰী আৱিষ্কাৰক সন্মান জনাই ভাৰতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰে। ১৯২৮ চনৰ আজিৰ দিনটোতে ৰমনে এনে এক আৱিষ্কাৰ কৰিছিল যিয়ে পোহৰ আৰু পদাৰ্থ বিজ্ঞানৰ বিষয়ে বিশ্বৰ ধাৰণা সলনি কৰিছিল। এই কামৰ ফলত ১৯৩০ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰাই নহয়, এই সন্মানীয় বঁটা লাভ কৰা তেওঁ প্ৰথম এছিয়ান হিচাপে পৰিগণিত হয় আৰু এইদৰে তেওঁ ভাৰতক বিশ্বৰ বৈজ্ঞানিক মানচিত্ৰতো স্থান দিছিল।
 
এই মহান আৱিষ্কাৰৰ যাত্ৰা আৰম্ভ হৈছিল চি ভি ৰমন আৰু তেওঁৰ ছাত্ৰ অধ্যাপক কে এছ কৃষ্ণনৰ পৰা, যিয়ে একেলগে কাম কৰি পোহৰে স্বচ্ছ মাধ্যমৰ মাজেৰে পাৰ হ’লে কেনে আচৰণ কৰে সেই কথা বুজিবলৈ সক্ষম হৈছিল। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত সিঁচৰতি পোহৰৰ পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতে ৰমনে অসাধাৰণ কিবা এটা লক্ষ্য কৰিছিল। 
 
পিছলৈ কৃষ্ণনে সেই মুহূৰ্তটো মনত পেলাই কৈছিল, "সেইদিনা দুপৰীয়া মই লেবৰেটৰীলৈ গৈছিলো। অধ্যাপক ৰমন ইতিমধ্যে তাত আছিল। আমি পোহৰৰ তৰংগদৈৰ্ঘ্যই এই পৰিঘটনাটোক কেনেদৰে প্ৰভাৱিত কৰে সেইটো পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিলো। তাৰ পিছত তেওঁ ডাইৰেক্ট ভিজন স্পেকট্ৰস্কোপ ব্যৱহাৰ কৰি সিঁচৰতি হৈ থকা পোহৰটো নিৰীক্ষণ কৰিছিল। প্ৰথমতে মোৰ সন্দেহ হৈছিল। মাত্ৰ কেইবছৰমান আগতে আমাৰ এজন সহকৰ্মীয়েও একেধৰণৰ পৰীক্ষা এটা কৰি চেষ্টা কৰিছিল আৰু বিফল হৈছিল। কিন্তু হঠাতে অধ্যাপকজনে জোৰেৰে চিঞৰ মাৰিলে। তেওঁ নতুন কিবা এটা দেখিছিল—বৰ্ণালীত ৰঙৰ এটা টুকুৰা যিটো আগতে নাছিল। তেওঁ আনন্দত উল্লসিত হৈ পৰিছিল, ময়ো। তেওঁ লগে লগে মোক নতুন বৰ্ণালীৰ ফটো এখন তুলিবলৈ ক’লে।"
 
ইয়াৰ পৰাই ৰমন ইফেক্টৰ জন্ম হৈছিল, যিটো পিছলৈ কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ অন্যতম ভেটি হিচাপে পৰিগণিত হৈছিল। ইয়াৰ দ্বাৰা ফ’টন (পোহৰৰ কণা)ৰ আচৰণৰ বিষয়ে ব্যাখ্যা কৰা হৈছিল আৰু ইয়াৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বৃহৎ উন্নতি ঘটিছিল। ৰমনৰ এই আৱিষ্কাৰক আৰু অধিক উল্লেখযোগ্য কৰি তোলা কথাটো হ’ল যে ভাৰতত, ব্ৰিটিছ শাসনৰ সময়ত, যি সময়ত ভাৰতীয় বিজ্ঞানীসকলৰ সম্পদ অতি কম আছিল, সেই সময়ত এই আৱিষ্কাৰ কৰা হৈছিল।
 
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে এজন শিশুৱে অংকণ কৰা এটা চিত্ৰ
 
সুসজ্জিত পৰীক্ষাগাৰত কাম কৰা পশ্চিমীয়া বিজ্ঞানীসকলৰ দৰে নহয়, ৰমনে সহজ সঁজুলি আৰু এটা সৰু দলেৰে কাম কৰিছিল। বছৰ বছৰ পিছত তেওঁ এই কথাবোৰ মনত পেলাই কৈছিল, "বিজ্ঞানৰ সাৰমৰ্ম ব্যয়বহুল সঁজুলি নহয়, স্বাধীন চিন্তা, কঠোৰ পৰিশ্ৰম, আৰু কৌতুহলহে। যেতিয়া মই নোবেল বঁটা লাভ কৰিছিলো, তেতিয়া মোৰ গৱেষণাৰ বাবে মোৰ মাত্ৰ ২০০ টকা খৰচ হৈছিল। মই মাত্ৰ তিনিটা বস্তুহে ব্যৱহাৰ কৰিছিলো— এটা পাৰাৰ লেম্প, এটা বেনজিনৰ ফ্লাস্ক আৰু এটা পকেট স্পেকট্ৰস্কোপ।" 
 
উল্লেখ্য যে, এই সীমিত সম্পদৰ মাজতো তেওঁ সেই সাফল্য লাভ কৰিবলৈ সক্ষম হয়, যিটো আগতে আন কোনো ভাৰতীয়ই কৰিব পৰা নাছিল। তেওঁৰ এটা মৌলিক বৈজ্ঞানিক আৱিষ্কাৰে পোহৰক বুজাৰ ধৰণ সলনি কৰি দিলে।
 
ৰমন একেবাৰে নিশ্চিত আছিল যে এই আৱিষ্কাৰৰ বাবে তেওঁ নোবেল বঁটা লাভ কৰিব। ১৯২৪ চনত যেতিয়া তেওঁ ৰয়েল ছ’চাইটিৰ ফেলো নিৰ্বাচিত হৈছিল, তেতিয়া কোনোবাই তেওঁক সুধিছিল, "তাৰ পিছত কি হ'ব?" তেওঁ আত্মবিশ্বাসেৰে উত্তৰ দিছিল, "নিশ্চয়কৈ নোবেল বঁটা!" তেওঁৰ আত্মবিশ্বাস ইমানেই প্ৰবল আছিল যে ১৯৩০ চনৰ জুলাই মাহত নোবেল কমিটীয়ে সিদ্ধান্ত লোৱাৰ আগতেই তেওঁ ছুইডেনৰ ষ্টকহ’মলৈ দুটা টিকট বুকিং কৰিছিল। ইয়াৰে এখন নিজৰ বাবে আৰু আনখন পত্নীৰ বাবে আছিল। ষ্টকহ'মত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।
 
ৰমন ইফেক্টক অতি সোনকালেই সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে স্বীকৃতি প্ৰদান কৰে। জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ বিশিষ্ট আলোকীয় পদাৰ্থবিজ্ঞানী অধ্যাপক আৰ ডব্লিউ উডে ৰমনৰ এই তথ্য নিশ্চিত কৰি লিখিছিল, "অধ্যাপক ৰমনৰ এই উজ্জ্বল আৰু আচৰিত আৱিষ্কাৰ কোৱাণ্টাম তত্ত্বৰ অন্যতম শক্তিশালী প্ৰমাণ।" লৰ্ড ৰাদাৰফোৰ্ডে ১৯২৯ চনত ৰয়েল ছ’চাইটিৰ আগত দিয়া ভাষণত কৈছিল, "এই নতুন আৱিষ্কাৰটোৱে অণুবোৰ বুজিবলৈ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। ই গৱেষণাৰ এক নতুন ক্ষেত্ৰ মুকলি কৰে।"
 
১৯৩০ চনৰ নোবেল বঁটা প্ৰদান অনুষ্ঠান, ষ্ট'কহামত

উল্লেখ্য যে, ১৯৩০ চনৰ জুলাই মাহলৈকে বিশ্বজুৰি ৰমন প্ৰভাৱৰ বিষয়ে আলোচনা কৰি ৩৫০ খনতকৈও অধিক বৈজ্ঞানিক গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ৰমনৰ এই আৱিষ্কাৰে তেওঁলৈ বহু সন্মান কঢ়িয়াই আনিছিলঃ যেনে-বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰৰ বাবে ইটালীয় ছ’চাইটি অৱ চাইন্সৰ পৰা মেটেউচি সোণৰ পদক, ব্ৰিটিছ চৰকাৰৰ পৰা নাইটৰ পদবী, ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ছুইজাৰলেণ্ডৰ ফিজিকেল ছ'চাইটীৰ পৰা সন্মানীয় সদস্যপদ আদি।
 
ভাৰত তেতিয়া ব্ৰিটিছৰ শাসনৰ অধীনত আছিল যদিও ৰমনৰ কামে প্ৰমাণ কৰিলে যে ভাৰতীয় বিজ্ঞানীসকলৰ কোনো তুলনা নাই। ১৯৩০ চনৰ ১০ ডিচেম্বৰত যেতিয়া তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল, তেতিয়া তেওঁৰ সৈতে ষ্টকহ’মলৈ যোৱা পত্নী লোকসুন্দৰী আম্মালে পিছলৈ মনত পেলাইছিল, "নোবেল বঁটা প্ৰদান অুষ্ঠানত ছাৰ ৰমনে প্ৰাচীন ভাৰতৰ গৌৰৱৰ কথা কৈছিল। তেওঁ বুদ্ধ, মহান তপস্বী আৰু গুৰুৰ বিষয়ে আৰু সকলো জীৱৰ প্ৰতি তেওঁৰ শান্তি আৰু প্ৰেমৰ বাৰ্তাৰ কথা কৈছিল।"
 
উল্লেখ্য যে, ৰমন ইফেক্ট কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু আণৱিক বিজ্ঞানৰ এটা মূল নীতিত পৰিণত হৈছে। আজি ইয়াক চিকিৎসা নিদান, ঔষধ, বস্তু বিজ্ঞান, মহাকাশ গৱেষণাত ব্যৱহাৰ কৰা হয়। ই বিজ্ঞানীসকলক অণুৰ গঠন অধ্যয়ন কৰাত সহায় কৰিছে, যাৰ ফলত চিকিৎসা বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু নেন’টেকন’লজীৰ উন্নতি হৈছে। আনকি নাছা আৰু ইছৰ’ই মহাকাশ অন্বেষণত ৰমন স্পেকট্ৰস্কপি ব্যৱহাৰ কৰি দূৰৈৰ গ্ৰহৰ গঠন অধ্যয়ন কৰে।
 
চি ভি ৰমনৰ এই যাত্ৰা হৈছে আবেগ, নিষ্ঠা আৰু আত্মবিশ্বাসৰ কাহিনী। তেওঁ প্ৰমাণ কৰিলে যে মহান আৱিষ্কাৰৰ বাবে ব্যয়বহুল সঁজুলিৰ প্ৰয়োজন নহয়, বৰঞ্চ চোকা মন আৰু দৃঢ় হৃদয়ৰ প্ৰয়োজন। তেওঁৰ কাহিনীয়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ যুৱ বিজ্ঞানীসকলক সদায় অনুপ্ৰাণিত কৰি আহিছে। প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি বিজ্ঞানৰ প্ৰতি তেওঁৰ অৱদানক সন্মান জনোৱা হয়।