অনলাইন ট্রেডিঙৰ কেলেংকাৰী নোহোৱা কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হব: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

Story by  atv | Posted by  Munni Begum • 5 d ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা
 
গুৱাহাটী
 
অনলাইন ট্রেডিং কেলেংকাৰীৰ বিষয়টো চর্চিত হৈ অহাৰ সময়তে বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।
 
মুখ্যমন্ত্রীগৰাকীয়ে কয়, "ভৱিষ্যতে অসমত কিদৰে অনলাইন ট্রেডিঙৰ কেলেংকাৰী নোহোৱা কৰিব পাৰি, তাৰ বাবে আমি চিন্তা-চৰ্চা কৰি আছো। শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰা হ'ব।" 
 
ইপিনে ৯ দিনত ৰাজ্যৰ বিশ লক্ষাধিক লোকে বিজেপিৰ সদস্য পদ গ্রহণ কৰা বুলি সদৰী কৰি তেওঁ কয়, "২০১৯ত অসমত বিজেপিৰ সদস্য পদ লোৱা লোকৰ সংখ্যা আছিল ওঠৰ লাখ। এইবাৰ ৯ দিনতে ৰাজ্যৰ ২০,৪২,৭৯৩ গৰাকী লোকে বিজেপিৰ সদস্য পদ গ্রহণ কৰিছে। অহা ২৫ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব আমাৰ সদস্যভর্তি অভিযান। সদস্যৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত।" 
 
উল্লেখযোগ্য যে, সদস্যভর্তি অভিযানৰ লগতে সাংগঠনিক দিশৰ বিষয়ে আলোচনা কৰিবলৈ আজি দলৰ বি টি এ ডি অঞ্চলৰ প্ৰভাৰী তথা নেতা-বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্রী শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।