বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাত উত্থাপন কৰা হ'ল ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪

Story by  atv | Posted by  [email protected] • 5 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৱাকফ আইন, ১৯৯৫ সংশোধন কৰি ৱাকফ ব’ৰ্ডৰ ক্ষমতা হ্ৰাস কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে লোকসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ সময়ত বিৰোধীয়ে ইয়াৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 
 
বিৰোধী সাংসদসকলে এই বিধেয়কক “অসাংবিধানিক” আৰু “কঠোৰ” বুলি অভিহিত কৰে। কংগ্ৰেছ নেতা কে চি ভেনুগোপালে কয় যে এই বিধেয়কখন “অত্যন্ত কঠোৰ” আৰু সংবিধানৰ ওপৰত “মৌলিক আক্ৰমণ”। তেওঁ অভিযোগ কৰে যে এই বিধেয়কখনে সম্প্ৰদায়সমূহৰ মাজত ধৰ্মীয় বিভাজন আৰু ঘৃণাৰ সৃষ্টি কৰিব।

"আমি হিন্দু, কিন্তু একে সময়তে আমি আন ধৰ্মৰ বিশ্বাসক সন্মান কৰো। এই বিধেয়ক মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা নিৰ্বাচনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। শেহতীয়াকৈ লোকসভা নিৰ্বাচনত ভাৰতৰ জনসাধাৰণে বিজেপিক এসেকা দিয়াৰ পিছতো তেওঁলোকে এইধৰণৰ বিভাজনকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো ফেডাৰেল ব্যৱস্থাৰ ওপৰত তীব্ৰ আক্ৰমণ।’-কে চি ভেনুগোপালে আৰু কয়।
উল্লেখ্য যে, এই বিধেয়কখনে সমগ্ৰ দেশৰ ৱাকফ ব’ৰ্ডসমূহ নিয়ন্ত্ৰণ কৰা আইনখন সংশোধন কৰিব বিচাৰিছে আৰু এনে সংস্থাসমূহত মুছলমান মহিলা আৰু অমুছলমানসকলৰ প্ৰতিনিধিত্ব বিচাৰিছে।
 
এটা ডাঙৰ পৰিৱৰ্তন হ’ল কোনো সম্পত্তি ৱাকফৰ সম্পত্তি নে চৰকাৰী মাটি সেইটো নিৰ্ণয় কৰিবলৈ জিলা উপায়ুক্তক মধ্যস্থতাকাৰী হিচাপে অন্তৰ্ভুক্ত কৰা।
বিধেয়কখনত "ৱাকফ" শব্দটোৰ ঠাইত "ইউনিফাইড ৱাকফ ব্যৱস্থাপনা, সৱলীকৰণ, দক্ষতা আৰু উন্নয়ন"ৰ প্ৰস্তাৱ দিয়া হৈছে আৰু জিলা উপায়ুক্তক সম্পত্তিৰ স্থিতি সন্দৰ্ভত তদন্ত আৰু প্ৰতিবেদন দিয়াৰ অনুমতি দিয়া হৈছে, যাৰ ফলত ৱাকফ ন্যায়াধিকৰণে লোৱা পূৰ্বৰ সিদ্ধান্তসমূহ সলনি হোৱাৰ সম্ভাৱনা আছে।
 
ইয়াৰ উপৰিও ৱাকফ ব’ৰ্ডৰ চিইঅ’ মুছলমান সম্প্ৰদায়ৰ হ’ব লাগিব বুলি কোৱা আদেশ বাতিল কৰা আৰু কঠোৰ অডিট আৰু ৰিপ’ৰ্টৰ প্ৰয়োজনীয়তা প্ৰৱৰ্তন কৰা।
 
বিধেয়কখনে ডিজিটেল ৰেকৰ্ড ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে আৰু ৱাকফ ব’ৰ্ডত মহিলাৰ অধিক প্ৰতিনিধিত্বৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তি পৰিচালনাত স্বচ্ছতা আৰু সমন্বয়ক প্ৰসাৰিত কৰা। ৱাকফ ব’ৰ্ডে লাভ কৰা ধন বিধৱা, বিবাহ বিচ্ছেদ হোৱা, অনাথ শিশুৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব লাগিব।
 
ৱাকফৰ সম্পত্তিৰ পঞ্জীয়ন কেন্দ্ৰীয় পৰ্টেল আৰু ডাটাবেছৰ জৰিয়তে হ’ব লাগিব। 
সংশোধনী বিধেয়কখন ৰূপায়নৰ চিন্তা-চৰ্চা বিগত কেইবাবছৰ ধৰি চলি আছে আৰু চৰকাৰে সমাজৰ গণ্যমান্য ব্যক্তি, বিশিষ্ট আইনবিদ, অধিবক্তাকে ধৰি বিভিন্ন অংশীদাৰক সাক্ষাৎ কৰি আহিছে। মঙলবাৰে দৰগাহৰ কেইবাজনো মূৰব্বীয়ে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰি আইনখনৰ প্ৰতি সমৰ্থন আগবঢ়ায়।
 
উল্লেখ্য যে, ৱাকফ শব্দটোৱে  ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যত উৎসৰ্গিত সম্পত্তিক বুজায়।বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত ৯.৪ লাখ একৰ ভূমিতবিস্তৃত ৮.৭ লাখ সম্পত্তি ৱাকফ ব’ৰ্ডে নিয়ন্ত্ৰণ কৰে যাৰ আনুমানিক মূল্য ১.২ লাখ কোটি টকা।
 
ই তেওঁলোকক ভাৰতৰ সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰে’লৱেৰ পিছত তৃতীয় বৃহত্তম মাটিৰ মালিক হিচাপে গঢ়ি তুলিছে। ১৯৯৫ চনৰ ৱাকফ আইনখনে এজন ‘ৱাকিফ’ (সম্পত্তি উচৰ্গা কৰা ব্যক্তি)ৰ দ্বাৰা ‘আউকাফ’ (দান কৰা আৰু ৱাকফ হিচাপে অধিসূচনা কৰা সম্পত্তি) নিয়ন্ত্ৰণৰ বাবে গৃহীত হৈছিল। এই আইনখন শেষবাৰৰ বাবে ২০১৩ চনত সংশোধন কৰা হৈছিল।
ৱাকফ ব’ৰ্ড হৈছে সম্পত্তি অধিগ্ৰহণ, ধৰি ৰখা আৰু হস্তান্তৰ কৰিব পৰা আইনী সংস্থা।প্ৰতিখন ৰাজ্যত এজন অধ্যক্ষৰ নেতৃত্বত ৱাকফ ব’ৰ্ড থাকে, য’ত ৰাজ্য চৰকাৰৰ পৰা মনোনীত ব্যক্তি, মুছলমান বিধায়ক, সংসদ সদস্য, ৰাজ্যৰ বাৰ কাউন্সিলৰ সদস্য, ইছলামিক পণ্ডিত, আৰু বাৰ্ষিক ১ লাখ টকা আৰু তাতকৈ অধিক আয়ৰ ৱাকফৰ মতাৱালী (পৰিচালক) থাকে। 
 
কেন্দ্ৰই আজি এই সংশোধনী বিধেয়ক লোকসভাত দাখিল কৰাৰ সময়তে দেশজুৰি বিৰোধী আৰু ৱাকফ ব’ৰ্ডসমূহৰ তীব্ৰ  প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছে।
 
তামিলনাডু ৱাকফ  ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে কৈছে যে এই সংশোধনীৰ জৰিয়তে সংগঠনটোক “দুৰ্বল” আৰু “অস্থিৰ” কৰাৰ কৌশল ৰচনা কৰা হৈছে। সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে কয় যে আইনখনৰ যিকোনো পৰিৱৰ্তন “সহ্য কৰা নহ’ব”।
 
এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে কয় যে কেন্দ্ৰই ৱাকফ ব’ৰ্ডৰ কাম-কাজত হস্তক্ষেপ কৰি স্বায়ত্তশাসন কাঢ়ি নিব বিচাৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দ্যোপাধ্যায়ৰ লগতে বিৰোধী নেতাসকলে বিধেয়কখন উত্থাপন হোৱাৰ পিছত সংসদৰ স্থায়ী সমিতিলৈ তদন্তৰ বাবে প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰে।