বাংলাদেশৰ সংখ্যালঘু সদস্যৰ ঢাকাত প্ৰতিবাদ (বাওঁফালে) আৰু ইউএছচিআইআৰএফৰ প্ৰাক্তন আয়ুক্ত জনী মূৰ
ৱাশ্বিংটন
বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুয়ে সন্মুখীন হোৱা পৰিস্থিতিক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগৰ প্ৰাক্তন আয়ুক্ত জনী মূৰে। তেওঁ কয় যে দেশত এনে কোনো সংখ্যালঘু নাই যিয়ে বৰ্তমান ভাবুকিৰ সন্মুখীন হোৱা নাই আৰু সেয়ে মহম্মদ ইউনুছ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।
এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মূৰে কয় যে ভাবুকিৰ সন্মুখীন হোৱা লোকসকলক সুৰক্ষা দিয়াটো চৰকাৰৰ প্ৰথম দায়িত্ব। এয়া কেৱল বাংলাদেশৰ সংখ্যালঘুসকলৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে অস্তিত্বৰ ভাবুকিৰ এক মুহূৰ্ত। বাংলাদেশ আৰক্ষীয়ে হিন্দু ধৰ্ম গুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাক সমালোচনা কৰি জনী মূৰে কয় যে সংখ্যালঘুৰ মাজত ধাৰণা হৈছে যে চৰকাৰখনে যদি চিন্ময় কৃষ্ণ দাসৰ দৰে ব্যক্তিৰ পিছত পৰিছে, গতিকে তেওঁলোকে আমাৰ দৰে সকলো সংখ্যালঘুৰে পিছত পৰিব।
ইউ এছ চি আই আৰ এফৰ প্ৰাক্তন আয়ুক্তগৰাকীয়ে কয় যে বিশ্বৰ সকলো খ্ৰীষ্টান সম্প্ৰদায় বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ সৈতে থিয় দিছে। "বাংলাদেশ কেৱল মুছলমান দেশ নহয়। ই মুছলমান সংখ্যাগৰিষ্ঠ দেশ য'ত বহুত সংখ্যক সংখ্যালঘু আছে। বৰ্তমান তাত ভাবুকি অনুভৱ নকৰা সংখ্যালঘু এজনো নাই। যোৱা কিছুদিনত সেইটো বিশ্বজুৰি স্পষ্ট হৈ পৰিছে কাৰণ এই হাই-প্ৰফাইল গ্ৰেপ্তাৰ কেৱল হিন্দু বাংলাদেশী সম্প্ৰদায়ৰ এজন নেতাৰ নহয়, সঁচাকৈয়ে এজন অতি গুৰুত্বপূৰ্ণ ধৰ্মীয় ব্যক্তিৰ।"-জনী মূৰে কয়।
তেওঁ পুনৰ কয়, "মই ভাবো যে যদি তেওঁলোকে এগৰাকী গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মগুৰুক অত্যাচাৰ কৰিব পাৰে, তেন্তে তাত কোনো ধৰ্মীয় সংখ্যালঘু সুৰক্ষিত নহয়। মই স্পষ্ট কৰি দিব বিচাৰুছো যে বিশ্বব্যাপী খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকল বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ সমৰ্থনত থিয় দিছে। ভাবুকিৰ সন্মুখীন হোৱা লোকসকলক সুৰক্ষা দিয়াটো চৰকাৰৰ প্ৰথম দায়িত্ব। বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলে সঁচাকৈয়ে এতিয়া অসুৰক্ষিত অনুভৱ কৰিছে আৰু তেওঁলোক আমাৰ সমৰ্থনৰ যোগ্য।"
“আমি নিশ্চিত নহয় যে আচলতে কোনে এই কাম কৰিছে, কিন্তু মই মাত্ৰ কওঁ, মই যিদৰে দেখিছো, মহম্মদ ইউনুছ বিফল হৈছে। বাংলাদেশত এতিয়া অৰাজকতা চলিছে। দেশৰ অন্তৱৰ্তীকালীন নেতা হিচাপে তেওঁৰ বাংলাদেশী জনসাধাৰণৰ বাবে কোনো আকাংক্ষা নাই। যদি আপুনি নাগৰিক সমাজৰ এটা অতি সৰল অংশক সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰে। তেন্তে আপুনি অদক্ষ আৰু ব্যৰ্থ। আপুনি মানুহক সুৰক্ষা দিব লাগিব, মানুহ নিৰাপদ হ’ব লাগিব। যদি আইনৰ শাসন ইমানেই অদক্ষ হৈ পৰে যে যথাযথ ন্যায় পোৱাৰ পৰিৱৰ্তে এজন অধিবক্তাক হত্যা কৰা হয়। এইটো বিশ্বাস কৰিব নোৱাৰা কথা, বাংলাদেশ চৰকাৰত মহম্মদ ইউনুছৰ প্ৰতিক্ৰিয়া দেখি মই আচৰিত হৈ পৰিছো।’-তেওঁ লগতে কয়।
মূৰে কয় যে বাংলাদেশৰ পৰা প্ৰকাশ পাই থকা ভিজুৱেল আৰু ৰিপ’ৰ্টসমূহে দেখুৱাইছে যে কেনেকৈ এজন হিন্দু ধৰ্মীয় গুৰুক প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত তেওঁক স্থানীয় আদালতে জামিনৰ পৰা বঞ্চিত কৰিছিল। একেদৰে, আদালতৰ বাহিৰত প্ৰতিবাদৰ মাজতে ধৰ্মীয় গুৰুজনৰ পক্ষ লোৱা অধিবক্তাজনক হত্যা কৰা হয়, য’ত প্ৰতিবাদকাৰীয়ে অধিবক্তাজনক চেম্বাৰৰ পৰা টানি উলিয়াই আনি হত্যা কৰে।
দেশৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে এখন গণতান্ত্ৰিক দেশ জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰি আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগৰ প্ৰাক্তন আয়ুক্ত জনী মূৰে কয় যে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা আক্ৰমণৰ মাজতে বাংলাদেশৰ এটৰ্নী জেনেৰেলে সংবিধানৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আঁতৰাই পেলোৱাটো আন এক উদ্বেগৰ বিষয়।
"বাংলাদেশে ভাৰত আৰু আমেৰিকাৰ পৰা পৰামৰ্শ বিচাৰিব লাগে। এইবোৰ অবিশ্বাস্যভাৱে বহুত্ববাদী দেশ, যিবোৰ দেশত বিভিন্ন জাতি-ধৰ্মৰ লোকক চৰকাৰে সুন্দৰভাৱে পৰিচালনা কৰাৰ উপায় বিচাৰি পাইছে। মই কাকো নিখুঁত বুলি ক'ব বিচৰা নাই। আমাৰ কোনো এখন দেশেই নিখুঁত নহয়। আমি বহুত বহুত ভুল কৰিছো। কিন্তু বাংলাদেশে ভাৰত আৰু আমেৰিকাৰ পৰা কিছু সহায় বিচৰা উচিত।"-জনী মূৰে কয়।
সংখ্যালঘুৰ সৈতে সংঘটিত হৈ থকা ঘটনাসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বাংলাদেশৰ দূৰ্বল স্থিতিৰ পিছত বাংলাদেশী জনসাধাৰণে ওচৰ চুবুৰীয়া দেশ হিচাপে ভাৰতৰ পৰা লাভ কৰি থকা অর্থনৈতিক, প্রযুক্তিগত আৰু ৰাজনৈতিক সুবিধাৰ পৰাও বঞ্চিত হোৱাৰ আশংকা আছে বুলি মূৰে উল্লেখ কৰে।