ষট্‌ পূজাক লৈ বিশেষ সতর্কতা অৱলম্বন মহানগৰ আৰক্ষীৰ

Story by  atv | Posted by  Munni Begum • 17 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
আজি বিয়লি আৰু ৮ নৱেম্বৰৰ পুৱা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰকে ধৰি বশিষ্ঠ, বাহিনী নৈৰ ঘাটত মাংগলিক পৰম্পৰাৰে ষট্‌ পূজা উদযাপন কৰা হ'ব। ষট্‌ পূজাক লৈ মহানগৰ আৰক্ষীয়ে অৱলম্বন কৰিছে বিশেষ সতর্কতা। ষট্‌ পূজাক লৈ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে বিভিন্ন স্থানত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। 
 
কিন্তু ইয়াৰ উপৰিও ষট্‌ পূজা পালন কৰিবলগীয়া গুৱাহাটীৰ ঘাটসমূহত মহানগৰ আৰক্ষীয়ে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে ঘাটসমূহৰ আশে-পাশে যান-বাহনৰ পার্কিং নিষিদ্ধ কৰিছে। তদুপৰি পুৰণি গাড়ী, স্ক্রেপ আদিও ঘাটসমূহৰ পৰা আঁতৰাইছে। আজি মহানগৰ আৰক্ষীয়ে ঘাটসমূহত সম্ভাব্য কূটাঘাত ৰোধৰ বাবে বিস্ফোৰক আদিৰ সন্ধানতো তালাচী চলায়। 
 
উল্লেখযোগ্য যে, যোৱা ১৫ আগষ্টত আলফা স্বাধীনে গুৱাহাটীৰ কেইবা স্থানতো বোমা স্থাপন কৰাৰ বাৰ্তা দি আতংক বিয়পাইছিল। সেয়ে ষট্‌ পূজাৰ সময়তো যাতে আলফাই তেনে আতংকৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষীয়ে গ্রহণ কৰিছে সকলো প্রয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা। 
 
ষট্‌ পূজা উপলক্ষে আজি দিনৰ ১২ বজাৰ পৰা গুৱাহাটীত মহানগৰ আৰক্ষীয়ে গধুৰ যান-বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাসভৱনলৈ এই পথছোৱাত আজি ষট্‌ পূজা কৰিবলৈ অহা ব্যক্তি কঢ়িওৱা গাড়ীৰ বাহিৰে অন্য সকলো ধৰণৰ যান-বাহনৰ চলাচলত বাধা আৰোপ কৰিছে।