নতুন দিল্লী
অত্যন্ত ব্যস্ততাপূর্ণ সময়ত দিল্লী বিমান বন্দrলৈ অহা-যোৱা কৰা ঘৰুৱা বিমান যাত্রীসকলৰ বাবে ব্যয়বহুল হ'ব যাত্রা প্রক্রিয়া। দিল্লী ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট লিমিটেডে যাত্ৰীসকলৰ পৰা গ্ৰহণ কৰা ব্যৱহাৰকাৰী উন্নয়ন মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে।
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ পৰিচালনা কৰি থকা দিল্লী ইণ্টাৰনেচনেল এয়াৰপ'র্ট লিমিটেডে ব্যৱহাৰকাৰীক উন্নয়ন মাচুল ৬১০ (১,০৭৩ শতাংশ বৃদ্ধি) আৰু ১.৬২০ টকা (কৰ বাদ দি ৩,০১৫ শতাংশ বৃদ্ধি) টকা নির্ধাৰণ কৰাৰ পৰিকল্পনা কৰিছে।
এয়াৰপর্ট ইক'ন'মিক ৰেগুলেটৰী অথ'ৰিটিয়ে অনুমোদন জনোৱাৰ পিচতে কার্যকৰী হ'ব এই সিদ্ধান্ত। ঘৰুৱা বিমান যাত্ৰীৰ বিপৰীতে প্রথম আৰু বিজনেছ শ্রেণীৰ আন্তঃৰাষ্ট্ৰীয় যাত্রীসকলে অধিক মাচুল ভৰিব লাগিব।