মনোজ চৌহানক অসমৰ নতুন সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি কংগ্ৰেছৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
ৰাহুল গান্ধীৰ সৈতে মনোজ চৌহান
ৰাহুল গান্ধীৰ সৈতে মনোজ চৌহান
 
গুৱাহাটী 
 
অসমত আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে এআইচিচিৰ সম্পাদক মনোজ চৌহানক ৰাজ্যখনৰ নতুন সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়ে। পূৰ্বে সদ্য অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়ত হাৰিয়ানাৰ সহ-ভাৰপ্ৰাপ্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌহানে এতিয়া অসমৰ দায়িত্ব গ্ৰহণ কৰিব। 
 
মধ্যপ্ৰদেশৰ সিধি জিলাৰ পৰা অহা চৌহানক কেইবছৰমানৰ আগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলৰ ভিতৰত যুৱ নেতাক পুষ্ট কৰাৰ লক্ষ্যৰে প্ৰতিভা অনুসন্ধানৰ পদক্ষেপৰ সময়ত চিনাক্ত কৰিছিল। তেওঁৰ নিযুক্তিয়ে কংগ্ৰেছ দলৰ ৰাজ্যসমূহত গুৰুত্বপূৰ্ণ ভূমিকাত গতিশীল আৰু উদীয়মান নেতাসকলক অন্তৰ্ভুক্ত কৰাৰ কৌশল প্ৰতিফলিত কৰিছে।
 
হাৰিয়ানাৰ নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত চৌহানৰ অভিজ্ঞতাই অসমত কংগ্ৰেছৰ উপস্থিতি আৰু সাংগঠনিক সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰচেষ্টাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আগন্তুক উপ-নিৰ্বাচনৰ বাবে অসম আৰু মধ্যপ্ৰদেশৰ বিধানসভালৈ ছয়জন প্ৰাৰ্থীৰ মনোনয়নত অনুমোদন জনায়। 
 
ছয়জনৰ ভিতৰত অসমৰ পৰা চাৰিজন আৰু মধ্যপ্ৰদেশৰ পৰা দুগৰাকী প্ৰাৰ্থীয়ে মনোনীত হৈছে। অসমৰ ধোলাই সমষ্টিৰ বাবে ধ্ৰুৱজ্যোতি পুৰাকায়স্থৰ মনোনয়ন অনুমোদন জনোৱা হৈছে। আনহাতে, চিদলী সমষ্টিৰ বাবে সঞ্জীৱ ৱাৰলে, বঙাইগাঁও সমষ্টিৰ বাবে ব্ৰজেনজিৎ সিংহাক আৰু চামগুৰি সমষ্টিৰ বাবে তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীক মনোনয়নত অনুমোদন জনোৱা হৈছে।  


শেহতীয়া খবৰ