পৰিস্থিতি আৰু পদবীয়ে মোৰ জীৱনলৈ কোনো পৰিৱৰ্তন অনা নাইঃ প্ৰথমটো প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 2 d ago
নিখিল কামাথৰ সৈতে এক প’ডকাষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নিখিল কামাথৰ সৈতে এক প’ডকাষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 

নতুন দিল্লী

সময়ৰ লগে লগে পৰিস্থিতি আৰু পদবী সলনি হৈছে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব আৰু স্বভাৱ একেই আছে।জিৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথৰ সৈতে হোৱা এক প’ডকাষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এতিয়াও সেইজন ব্যক্তিয়ে হৈ আছে, যিয়ে এসময়ত মজিয়াত বহিছিল।

নিখিল কামাথে প্ৰধানমন্ত্ৰী মোদীক সোধে যে ১৯৯৫ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ শপত গ্ৰহণ অনুষ্ঠানৰ ফটো এখনত  জ্যেষ্ঠ ৰাজনীতিবিদসকলে চকীত বহি থকাৰ বিপৰীতে তেওঁ মজিয়াত বহি আছিল, আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে তেওঁৰ জীৱনত কিধৰণৰ সলনি হৈছে। তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোৰ পদবী সলনি হৈছে, আৰু পৰিস্থিতিও সলনি হৈছে।চেটআপ সলনি হ'ব পাৰে।কিন্তু মোদী সেইজন ব্যক্তিয়ে হৈ আছে, যিয়ে এসময়ত মজিয়াত বহিছিল।মোৰ বাবে এয়াই বাস্তৱ।মোৰ বাবে ইয়াৰ মাজত কোনো পাৰ্থক্য নাই।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া তেওঁ আবুধাবিলৈ গৈ ক্ৰাউন প্ৰিন্সক মন্দিৰৰ বাবে মাটি আবণ্টন দিবলৈ কয় তেতিয়া কোনো পলম নকৰাকৈ মাটি আবণ্টন দিছিল। “মই আবুধাবিলৈ গৈ ক্ৰাউন প্ৰিন্সক কৈছিলো যে তেওঁ যদি মন্দিৰৰ বাবে অলপ মাটি আবণ্টন দিব পাৰে, তেন্তে সেয়া এক মহান সেৱা হ’ব। তেতিয়া তেওঁ কোনো পলম নকৰাকৈ ইছলামিক দেশ এখনত মন্দিৰ নিৰ্মাণৰ বাবে মাটি দিছিল। আজি তাত থকা লাখ লাখ হিন্দু আনন্দৰে উল্লসিত হৈ পৰিছে।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

আন দেশৰ বিষয়ে আৰু তেওঁৰ খাদ্যৰ পছন্দৰ বিষয়ে সোধাত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ খাদ্যপ্ৰেমী নহয়। "মই কোনো খাদ্যপ্ৰেমী নহয়। মই যিখন দেশ ভ্ৰমণ কৰো সেইখন দেশত মোক যি পৰিবেশন কৰা হয় মই ইয়াক গ্ৰহণ কৰো। কিন্তু মোৰ দুৰ্ভাগ্য যে আজি যদি আপুনি মোক ৰেষ্টুৰেণ্ট এখনলৈ লৈ যায় আৰু মোক মেনু এখন দি খাদ্য নিৰ্বাচন কৰিবলৈ কয়, তেন্তে মই নোৱাৰিম। কাৰণ,ৰেষ্টুৰেণ্টলৈ যোৱা মোৰ বহু বছৰ হ’ল৷ আগতে মই যেতিয়া সাংগঠনিক কাম-কামৰ বাবে ঘুৰি ফুৰিছিলো, তেতিয়া অৰুণ জেটলীৰ খোৱা-বোৱাত বৰ আকৰ্ষণ দেখিছিলো। তেওঁ জানিছিল যে দেশৰ কোনখন চহৰত ক’ত ভাল ৰেষ্টুৰেণ্টত কি ভাল খাদ্য আছে। তেওঁ আছিল বিশ্বকোষৰ দৰে। গতিকে যেতিয়া আমি একেলগে যাত্ৰা কৰিছিলো তেতিয়া ৰেষ্টুৰেণ্ট এখনত এটা আহাৰ গ্ৰহণ কৰাটো এটা নিৰ্দিষ্ট কথা আছিল।"

"কিন্তু যদি কোনোবাই খাদ্য বাছনি কৰিবলৈ মেনুখন মোৰ হাতত তুলি দিয়ে, তেন্তে মই কৰিব নোৱাৰো। কাৰণ খাদ্যৰ নাম আৰু প্ৰকৃততে কি সেই বিষয়ে মই অৱগত নহয়। যিহেতু মোৰ প্ৰৱণতা নাই। সেয়ে মই সদায় অৰুণ জেটলীক খাদ্য অৰ্ডাৰ দিবলৈ কৈছিলো। মোৰ একমাত্ৰ পছন্দ আছিল যে মই নিৰামিষ খাদ্য খাব বিচাৰিছিলো।"-তেওঁ পুনৰ কয়।

প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীক সোধা হয় যে যিহেতু তেওঁ গুজৰাটৰ হয়, তেন্তে তেওঁ কেনেকৈ ইমান সুন্দৰকৈ হিন্দী ক’ব পাৰে। "আগতে যেতিয়া মই যেতিয়া সংঘৰ কাম কৰিছিলো, তেতিয়া মানুহে মোক উত্তৰ ভাৰতৰ বুলি ভাবিছিল যদিও মই গুজৰাটত বাস কৰিছিলো। কাৰণ আমি যেতিয়া ৰেলৱে ষ্টেচনত চাহ বিক্ৰী কৰিছিলো তেতিয়া মোৰ গাঁৱৰ মেহছানা, মেহ মানে ম'হ, গতিকে মোৰ গাঁৱত যেতিয়া ম'হবোৰে গাখীৰ দিবলৈ আৰম্ভ কৰিছিল তেতিয়া মুম্বাইলৈ লৈ যোৱা হৈছিল। মুম্বাইত মানুহে গাখীৰ বিক্ৰী কৰিছিল। যেতিয়া ম’হবোৰে তাত গাখীৰ দিয়া বন্ধ কৰি দিছিল, তেতিয়া সিহঁতক গাঁৱলৈ ঘূৰাই অনা হৈছিল। আগতে এই ব্যৱসায়ত কাম কৰা লোকসকল উত্তৰ প্ৰদেশৰ আছিল। আহিলে তেওঁলোকে মালবাহী ৰেলৰ বাবে অপেক্ষা কৰিছিল। যেতিয়া তেওঁলোকে ৰেলখন পাইছিল তেতিয়া তেওঁলোকে তাক ঘাঁহেৰে ভৰাইছিল, আৰু চাৰিটা ম’হ ৰখাইছিল। ৩০ৰ পৰা ৪০ জন এনেকুৱা মানুহ সদায় প্লেটফৰ্মত থাকিছিল। আগতে মই চাহ বিক্ৰী কৰি সিহঁতৰ ওচৰলৈ গৈছিলোঁ। মই তেওঁলোকৰ লগত কথা পাতিছিলো আৰু এইদৰে শৈশৱতে হিন্দী শিকিছিলো।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ আৰু কয় যে সন্ধিয়া তেওঁলোকে ভক্তিমূলক গীত গাই চাহ অৰ্ডাৰ দিছিল আৰু তেওঁলোকৰ পৰা তেওঁ হিন্দী শিকিছিল।

নৰেন্দ্ৰ মোদীয়ে কয় যে মানুহে, "নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন"ৰ অৰ্থ ভুলকৈ বুজি পায়। তেওঁ কয় যে চৰকাৰী বিভাগসমূহে কৰা কামৰ গতি বৃদ্ধিৰ বাবে প্ৰচেষ্টা হ’ব লাগে আৰু এইদৰে তেওঁ দক্ষতা, সমবায়, আৰু মীনপালনৰ বাবে বিভিন্ন মন্ত্ৰালয় গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে বিভিন্ন বিভাগৰ কামৰ গতি বৃদ্ধিৰ বাবে ৪০ হাজাৰ কম্প্লাইয়েন্স (compliances) নোহোৱা কৰিছে।

"মই ১৫০০খন পুৰণি আইন বিলুপ্ত কৰিছো। কিছুমান কথাক অপৰাধমূলক বুলি গণ্য কৰা আইন সলনি কৰিছো। এয়া মোৰ নূন্যতম চৰকাৰ আৰু সৰ্বোচ্চ শাসনৰ দৃষ্টিভংগী। মই এই সকলোবোৰ ঘটনাৰ সাক্ষী হৈ আছো।’-তেওঁ লগতে কয়। সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰযুক্তিগত স্থান সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে প্ৰযুক্তিক গণতান্ত্ৰিক কৰি তুলিবলৈ সক্ষম হৈছে আৰু ইয়াক কেনেকৈ কৰা হয় সেই বিষয়ে বিশ্ববাসীক শিকাইছে।

"মাত্ৰ ত্ৰিশ ছেকেণ্ডতে ১০ কোটি কৃষকৰ একাউণ্টত ধন ট্ৰেন্সফাৰ কৰিব পাৰো। ৩০ ছেকেণ্ডত ১৩ কোটি লোকৰ চিলিণ্ডাৰ ৰাজসাহায্যৰ ক্ষেত্ৰতো একে কাম কৰিব পৰো। ভাৰতে বিশ্ববাসীক শিকাইছে যে কেনেকৈ প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ কৰিব পাৰি। মাত্ৰ এটা মোবাইলৰ প্ৰয়োজন। এইটো এটা প্ৰযুক্তি-চালিত শতিকা। আমি উদ্ভাৱন আয়োগ আৰু উদ্ভাৱন পুঁজি বনাইছো।"-এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।

সমগ্ৰ বিশ্বতে ভাৰতৰ ধাৰণা কেনেকৈ সলনি হৈছে সেই সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনেকুৱা এটা দিন আহিব যেতিয়া ভাৰতীয় ভিছাৰ বাবে বিশ্বই শাৰী পাতি থিয় হ’ব। "ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে আমেৰিকাই মোৰ ভিছা নাকচ কৰিছিল। সেইদিনা মই এখন সংবাদমেল পাতিছিলো য'ত মই কৈছিলোঁ, "এদিন ভাৰতীয় ভিছাৰ বাবে পৃথিৱীখনে শাৰী পাতি থিয় হ'ব"। মই এই বক্তব্য ২০০৫ চনত দিছিলো। এতিয়া, ২০২৫ চন। মই দেখিছোঁ যে এতিয়া ভাৰতৰ সময়। আগতে মই ৰাজহুৱাভাৱে কৈছিলোঁ যে প্ৰৱাসী ভাৰতীয়সকল ভাৰতলৈ ঘূৰি নাহিলে এদিন অনুশোচনা কৰিব লাগিব, পৃথিৱীখন সলনি হৈ আছে”- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।