ধিং দলবদ্ধ ধৰ্ষণ কাণ্ড: নগাঁও আৰক্ষীৰ আগত আত্মসমৰ্পণ ২ অভিযুক্ত

Story by  atv | Posted by   Imtiaz Ahmed • 10 d ago
ফৰিদুল ইছলাম খান আৰু গুলাপ উদ্দিন
ফৰিদুল ইছলাম খান আৰু গুলাপ উদ্দিন
নগাঁও

ধিঙৰ নাবালিকা ছোৱালীক দলবদ্ধ ধৰ্ষণ গোচৰৰ দুই অভিযুক্তই শুকুৰবাৰে ইয়াত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। ২২ আগষ্টত সংঘটিত হোৱা এই ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল এই যুটিটো।

এই দুজনৰ নাম ফৰিদুল ইছলাম খান আৰু গুলাপ উদ্দিন বুলি চিনাক্ত কৰা হৈছে। আত্মসমৰ্পণৰ বাবে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। অভিযুক্ত দুটা নাগালেণ্ডৰ ডিমাপুৰত আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।

দশম শ্ৰেণীৰ ছাত্ৰী ১৪ বছৰীয়া কিশোৰী এগৰাকীক টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত নগাঁও জিলাৰ ধিংত তিনিজন লোকে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। এটা পুখুৰীৰ ওচৰত অৰ্ধচেতন অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী।

স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক সতৰ্ক কৰি দিয়াৰ পিছতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ধিং এফ আৰ ইউলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে কিশোৰীগৰাকীৰ অৱস্থা দেখি তাইক নগাঁওলৈ ৰেফাৰ কৰা হ’ল।

এই ঘটনা পোহৰলৈ অহাৰ পাছত ধিংত উত্তাল প্ৰতিবাদ হয়। অন্যান্য নাগৰিক সমাজৰ সংগঠনকে ধৰি ছাত্ৰ সন্থাই অঞ্চলটোত এদিন বন্ধৰ আহ্বান জনায়। মহিলা আৰু স্থানীয় বাসিন্দাসকলে ৰাজপথলৈ ওলাই আহি ন্যায় আৰু ইয়াৰ লগত জড়িত সকলো দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। চৰকাৰ আৰু আৰক্ষীক ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে।

২৪ আগষ্টত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তসকলৰ এজন তফাজুল ইছলামৰ পুখুৰীত ডুব গৈ মৃত্যু হয়। পিছত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

তফাজুল ইছলাম, জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰি পুখুৰীত পৰিছিল বুলি জানিব পৰা গৈছিল। তেওঁক বচাব নোৱাৰি পিছত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উলিয়াই আনে।

নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কৈছিল যে, "অভিযুক্তক অপৰাধস্থলীলৈ লৈ যোৱা হৈছিল। অফিচাৰৰ পৰা পলাই আহি পুখুৰীত পৰিছিল। লগে লগে আমি অঞ্চলটো ঘেৰাও কৰি এছ ডি আৰ এফক মাতি অনা হৈছিল। অৱশ্যে কিছু সময়ৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।"