সফলতা অৰ্জনৰ পথত আইতাকে অনুপ্ৰাণিত কৰিছিল হিমালয়া ৱেলনেছ কোম্পানীৰ সঞ্চালক ডাঃ চৈয়দ ফাৰুকক

Story by  atv | Posted by  [email protected] • 1 Months ago
লণ্ডনত ৰজা চাৰ্লছৰ সৈতে ডাঃ চৈয়দ ফাৰুক
লণ্ডনত ৰজা চাৰ্লছৰ সৈতে ডাঃ চৈয়দ ফাৰুক
 
মহম্মদ আক্ৰাম/নতুন দিল্লী

বিখ্যাত আয়ুৰ্বেদিক মেডিচিন কোম্পানী হিমালয়া ৱেলনেছৰ মৃদুভাষী সঞ্চালক ডাঃ চৈয়দ ফাৰুকে তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী আৱাজ দ্য ভইচৰ সন্মুখত প্ৰকাশ কৰিছে। এক বিশেষ বাৰ্তালাপত তেওঁ জীৱনৰ সকলো সফলতাৰ কৃতিত্ব নিজৰ মাতৃৰ ফালৰ আইতাকক দিয়ে, যাক তেওঁ মৰেমেৰে ‘নানী আপা’ বুলি মাতিছিল।

আইতাকৰ দ্বাৰা ডাঃ ফাৰুক ইমানেই প্ৰভাৱিত যে আজিও তেওঁৰ শৈশৱৰ স্মৃতিবোৰৰ মাজত আইতাকক বিচাৰি পায়। আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত তেওঁ শৈশৱৰ বহু কাহিনী বৰ্ণনা কৰে আৰু এই সকলোবোৰৰ সৈতে আইতাক জড়িত হৈ আছে।
 
ডেৰাডুনৰ আয়ুৰ্বেদৰ প্ৰখ্যাত গৱেষক চৈয়দ ৰছিদ আহমেদৰ পৰিয়ালত ১৯৫৫ চনত জন্মগ্ৰহণ কৰিছিল ডাঃ চৈয়দ ফাৰুক। হেমৱতী নন্দন বহুগুণ গড়ৱাল বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি, পি.এইচ.ডি, ডি.এছ.চি. সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আই আই এম এ দিল্লীৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিপ্লমা সম্পূৰ্ণ কৰে।

দিল্লীস্থিত ডাঃ চৈয়দ ফাৰুক ইউনিভাৰ্চিটিজ জাৰ্নেল অৱ ফাইটোকেমিষ্ট্ৰি এণ্ড আয়ুৰ্বেদিক মেডিচিনৰো মুখ্য সম্পাদক। তেওঁ তছমিয়া অল ইণ্ডিয়া এডুকেচন এণ্ড ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটিৰ অধ্যক্ষও। ২০০৪ চনত পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱা  বাবে মনোনীত হৈছিল।
 
 
তেওঁ হিমালয়া ড্ৰাগৰ সঞ্চালক আৰু বহু ডিগ্ৰী কলেজ আৰু বিদ্যালয়ৰ পৃষ্ঠপোষক হিচাপে কাম কৰাৰ উপৰিও বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ সৈতে জড়িত হৈ আছে। উল্লেখ্য যে, হিমালয়া ড্ৰাগ কোম্পানী হৈছে বেংগালুৰুত অৱস্থিত এটা আগশাৰীৰ ভাৰতীয় বহুজাতিক ঔষধ কোম্পানী।
 
প্ৰথমে ১৯৩০ চনত ডেৰাডুনত মহম্মদ মানলে কোম্পানীটে প্ৰতিষ্ঠা কৰিছিল। ইয়াত হিমালয়া হাৰ্বেল হেল্থকেয়াৰ নামেৰে আয়ুৰ্বেদিক উপাদান যুক্ত স্বাস্থ্যসেৱাৰ সামগ্ৰী প্ৰস্তুত কৰা হয়। ইয়াৰ ব্যৱসায় সমগ্ৰ ভাৰত, আমেৰিকা, মধ্যপ্ৰাচ্য, এছিয়া, ইউৰোপ, আৰু ওচেনিয়াত বিয়পি থকাৰ বিপৰীতে ইয়াৰ সামগ্ৰীসমূহ ১০৬খন দেশত বিক্ৰী হয়।
 
ডেৰাডুনত ডাঙৰ হোৱা দিনবোৰৰ কথা কওঁতে কোম্পানীটোৰ সঞ্চালক ডাঃ চৈয়দ ফাৰুকে কয়, "মোৰ ঘৰ ডেৰাডুনত আছিল আৰু আইতাৰ ঘৰ মুজাফ্ফৰনগৰত আছিল। গ্ৰীষ্মকালীন ছুটীত আমি তালৈ গৈছিলোঁ। আইতাৰ ঘৰত ওচৰ-চুবুৰীয়াৰ সকলো মানুহে ব্যৱহাৰ কৰা হেণ্ড পাম্প এটাৰ পৰা পানী আহিছিল। ঘৰৰ এটা অংশ মাটিৰ লেপনেৰে তৈয়াৰ কৰা হৈছিল আৰু এয়া মোৰ বৰ ভাল লাগিছিল। ইয়াৰ এক সুগন্ধি আছিল আৰু গৰমৰ দিনত ঘৰটো শীতল হৈ আছিল।"
 
 
তেওঁ আৰু কয়, "মোৰ মনত আছে, গ্ৰীষ্মকালত আমি জামু গছৰ তলত শুইছিলো। ৰাতিপুৱা পকা জামু মহৰ জালত পৰি থাকে। সেই ফলবোৰৰ সোৱাদ আজি আমি বজাৰত পোৱাবোৰতকৈ বহুত বেলেগ আছিল।" শৈশৱৰ স্মৃতি ৰোমন্থন কৰি ডাঃ চৈয়দ ফাৰুকে কয়, "সৰুতে মই চিকাৰ আৰু ঘোঁৰা চলোৱাৰ প্ৰতি আকৰ্ষিত আছিলো। ঘৰৰ পৰা বহু দূৰলৈ গৈ চিকাৰ কৰিছিলো, কাৰো কোনো বাধা নাছিল। আমাৰ বাগিচাত বিভিন্ন ধৰণৰ আম লাগিছিল আৰু পকিলে আমি সুস্বাদু ফলবোৰ আনন্দৰে খাইছিলো।"

"যেতিয়া মই ডেৰাডুনৰ এখন স্কুলত পঢ়ি আছিলো তেতিয়া স্কুলৰ ইউনিফৰ্মৰ অংশ হিচাপে টাই পিন্ধিছিলো। বাটৰ মানুহে মোক প্ৰায়ে ৰখাইছিল আৰু এটা পেছেজ পঢ়িবলৈ কৈছিল। তেতিয়া ল’ৰা-ছোৱালীয়ে বয়োজ্যেষ্ঠসকলক যথেষ্ট সন্মান কৰিছিল। তেওঁলোকলৈ ভয়ো কৰিছিল। মানুহেও ল’ৰা-ছোৱালীবোৰক ভাল পাইছিল। অচিনাকি মানুহকে ধৰি বয়োজ্যেষ্ঠসকলে পথত খোজ কঢ়াৰ সময়ত শিশুসকলক আশীৰ্বাদ দিছিল। সেই আশীৰ্বাদ দিয়া মানুহবোৰ আজিকালি ক'ত গ'ল? এতিয়া কোনো আশীৰ্বাদ দিওতাও নাই, গ্ৰহণ কৰোতাও নাই। দাৰ্শনিক সুৰত তেওঁ কয় যে মানুহে উপলব্ধি কৰা উচিত যে চুলিৰ ৰং বগা হয় এটা উদ্দেশ্যৰ বাবে। আল্লাহে বয়সৰ লগে লগে ইয়াক বগালৈ সলনি কৰে, কাৰণ বগা হৈছে শান্তিৰ প্ৰতীক।"-তেওঁ কয়।

তেওঁৰ আইতা নানি আপাৰ স্মৃতি স্মৰণ কৰি ডাঃ চৈয়দ ফাৰুক কয়, "মোৰ আইতা এগৰাকী সাধাৰণ ভদ্ৰমহিলা আছিল। নানি আপাই আমাৰ সকলো দুষ্টামিৰ কথা মাৰ আগত বেলেগ ধৰণে উপস্থাপন কৰিছিল। তেওঁ আমাৰ মাৰ ওচৰত অভিযোগ কৰি কৈছিল, "নূৰ জাহান, তোমাৰ সন্তানক দেখাৰ পিছত মোৰ চকু মেল খাই গৈছে আৰু আচৰিত হৈ পৰিছো।"

নানি আপা কেতিয়াও অকলশৰীয়াকৈ বহি থকা নাছিল, তেওঁ সদায় কিবা নহয় কিবা এটা কামত লাগি থকা আছিল। কাম নাথাকিলে তেওঁ ল’ৰা-ছোৱালীহঁতৰ লগত বহি কথা পাতিছিল আৰু কাহিনী শুনিছিল যদিও তেওঁ কেতিয়াও কোনো কাহিনী কোৱা নাছিল।
 

 
নানি আপাই চাট খাই খুব ভাল পাইছিল। যেতিয়া তেওঁ কেতিয়াবা ল’ৰা-ছোৱালীবোৰৰ দুষ্টামিত খং কৰিছিল, তেতিয়া আমি তেওঁক চাট খুওৱাৰ প্ৰতিশ্ৰুতি দিছিলো, যাতে তেওঁ আমাৰ দুষ্টামিৰ কথা মাক নকয়। তেতিয়া তেও আমাক কৈছিল, "ঠিক আছে, তোমালোকক ক্ষমা কৰা হৈছে, কিন্তু আৰু কেতিয়াও এনেকুৱা কাম নকৰিবা।"

ডাঃ চৈয়দ ফাৰুকে মনত পেলাই যে তেওঁৰ বয়স যেতিয়া ১০ বছৰ আছিল, তেতিয়া তেওঁৰ ককাক নিয়াজ আহমেদৰ মৃত্যু হৈছিল। ইংৰাজৰ শাসনৰ সময়ত তেওঁ পুলিচত আছিল। তেওঁ ল’ৰা-ছোৱালীক ভালপোৱা এজন অতি আনন্দময় আৰু বন্ধুত্বপূৰ্ণ ব্যক্তি আছিল। হিমালয়া কোম্পানীৰ সঞ্চালকগৰাকীয়ে কয় যে তেওঁৰ ককাকে ল’ৰা-ছোৱালীক কাহিনী কোৱাৰ সময়ত আকৰ্ষণীয় শব্দ ব্যৱহাৰ কৰিব পাৰিছিল। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত তেওঁৰ এতিয়াও মনত পৰে। 

ডাঃ চৈয়দ ফাৰুকে কয় যে তেওঁৰ আজোককা চৈয়দ হামিদ মাদানী আছিল এজন ব্যৱসায়ী। তেওঁলোকে ৰুৰকীত বাস কৰিছিল আৰু কাৰ্পেটৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল।