১ এপ্ৰিলৰ পৰা ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল

Story by  atv | Posted by  Munni Begum • 5 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
উৎকট গৰম আৰম্ভ হোৱাৰ পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় এক নিৰ্দেশনা প্ৰকাশ কৰিছে। সেই অনুসৰি শীঘ্ৰেই ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল। ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ এই নতুন নিৰিখ। এই সম্পৰ্কত গুৱাহাটীৰ ছয়মাইলস্থিত অসম বিদ্যুৎ নিয়ামক ভৱনত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই।
 
সংবাদমেলত অধ্যক্ষগৰাকীয়ে জনাই, "সাধাৰণ ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল। ১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য এই নিৰিখ। বাকী সকলো ধৰণৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটতত হ্ৰাস পাব ২৫ পইচাকৈ।" 
 
সংবাদমেলত অধ্যক্ষগৰাকীয়ে কয়, "প্ৰত্যেক বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুৎ মাচুলৰ নিৰিখ ঘোষণা কৰো। সেই অনুপাতে এইবাৰো আমি আয়োগে এটা নিৰিখ ধাৰ্য কৰিছো। সেই অনুসৰি যোৱা বছৰৰ তুলনাত এইবাৰ ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল। ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকে প্ৰতি ইউনিটত যোৱা বছৰ ৬ টকা ৩৪ পইচা দিয়াৰ বিপৰীতে এইবাৰ ৫ টকা ৩৪ পইচা দিব লাগিব। ইয়াৰোপৰি ১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য হব এই নিৰিখ।"
 
তেওঁ লগতে কয়, "১২০ ইউনিটৰ তলত গ্ৰাহকে পূৰ্বে ৬ টকা ৯৯ দিয়াৰ বিপৰীতে এতিয়া ৫ টকা ৯৯ পইচা দিব লাগিব। লগতে ১২০ ইউনিটৰ পৰা ২৪০ ইউনিটলৈ ৮ টকা ২৯ পইচাৰ বিপৰীতে এতিয়া ৭ টকা ২৯ পইচা দিব লাগিব। বাকী সকলো ধৰণৰ গ্ৰাহক যেনে কৃষি, স্কুল, কলেজ, বাণিজ্য, কোম্পানী আদিৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব ২৫ পইচাকৈ।"  
 
উল্লেখ্য যে, বিগত কেইটামান বছৰত বিদ্যুৎ মাচুল বৃদ্ধিয়ে সমস্যাত পেলাইছিল সাধাৰণ জনতাক। বিগত তিনিটা বছৰত পইচাৰ হিচাপত মাত্ৰ এবাৰহে বিদ্যুৎ মাচুল হ্ৰাস পাইছিল যদিও টকাৰ হিচাপত কেইবাবছৰৰ মূৰত এইবাৰ বিদ্যুৎ মাচুল হ্ৰাস পোৱাত ৰাইজে কিছু সকাহ পাব বুলি আশা কৰা হৈছে।