নতুন দিল্লী
প্ৰাক্তন ন্যায়াধীশ, আমোলা আৰু ৰাষ্ট্ৰদূতকে ধৰি ৬৫০ জনতকৈ অধিক বিশিষ্ট ব্যক্তিয়ে বাংলাদেশৰ জনসাধাৰণলৈ মুকলি পত্ৰ লিখি পাঁচ দশকৰো অধিক সময় দুয়োখন দেশক একতাৰ দোলেৰে বান্ধি ৰখা শান্তি আৰু বন্ধুত্বৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। স্বাক্ষৰকাৰীসকলৰ ভিতৰত প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত এছ ৱাই কুৰাইছিও আছে। পত্ৰখনত সংখ্যালঘু, তেওঁলোকৰ সম্পত্তি, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণ শীঘ্ৰে বন্ধ কৰাৰ আহ্বান জনোৱা হৈছে।
স্বাক্ষৰকাৰীসকলে কয় যে ভাৰত-বাংলাদেশৰ ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য দ্বিপাক্ষিক সম্পৰ্ক দুয়োখন দেশৰ নাগৰিকৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ বাবে ভাল। এই সম্পৰ্ক দুৰ্বল কৰিব বিচৰা ভাৰত-বিৰোধী দুষ্টচক্ৰৰ কৱলৰ পৰা বাংলাদেশৰ জনসাধাৰণ ওলাই অহা উচিত বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে।
পত্ৰখনত লিখা হৈছে, "ভাৰতৰ মানুহে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ অত্যন্ত উদ্বিগ্ন। বাংলাদেশত চলি থকা এই অৰাজকতাৰ পৰিস্থিতিয়ে সমগ্ৰ দেশখনৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডক প্ৰভাৱিত কৰিছে। ন্যায়পালিকাৰ পৰা আৰম্ভ কৰি আৰক্ষী, শিক্ষাবিদ আনকি সংবাদ মাধ্যমকো এই হিংসাই সামৰি লোৱা দেখা গৈছে। আৰক্ষী বাহিনী এতিয়াও পূৰ্ণ শক্তিৰে কৰ্তব্যলৈ ঘূৰি অহা নাই আৰু সেনাক দণ্ডাধীশ আৰু আৰক্ষীৰ ক্ষমতা প্ৰদান কৰাৰ পিছতো স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই।"
পত্ৰখনত এই কথাও উল্লেখ কৰা হৈছে যে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণে বাংলাদেশৰ সৈতে দীঘলীয়া সীমান্ত থকা ভাৰতত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। "বাংলাদেশত বিৰাজমান বিশৃংখল পৰিস্থিতিৰ আটাইতকৈ ভয়াৱহ বোজা কঢ়িয়াইছে বাংলাদেশৰ ডেৰ কোটি শক্তিশালী সংখ্যালঘু সম্প্ৰদায়ে, য'ত হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, লগতে ছিয়া, আহমদিয়া আদি লোক আছে।"
ইয়াত কোৱা হৈছে যে বিশুদ্ধ মানৱীয় দিশৰ বাহিৰেও বাংলাদেশৰ অস্থিৰ পৰিস্থিতিয়ে সীমান্তৰ সিপাৰে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰি ভাৰতত গুৰুতৰ আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰিব পৰাৰ আশংকা আছে। উল্লেখ্য যে, ৬৮৫ গৰাকী স্বাক্ষৰকাৰীৰ ভিতৰত আছে ১৯ গৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, ৩৪ গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আই আই টি আৰু আই আই এমৰ সঞ্চালককে ধৰি ৩০০ শিক্ষাবিদ।
ইয়াৰ উপৰিও ইউ পি এছ চিৰ অধ্যক্ষ, এন চি ই আৰ টিৰ অধ্যক্ষ, মুখ্য নিৰ্বাচন আয়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধান, আয়কৰ আয়ুক্তকে ধৰি ১৩৯ গৰাকী প্ৰাক্তন আমোলাও স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছে। ১৯২ জন অৱসৰপ্ৰাপ্ত সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু নাগৰিক সমাজৰ ৩৫ জন ব্যক্তিয়েও পত্ৰখনত স্বাক্ষৰ কৰিছে।
"ভাৰত আৰু বাংলাদেশে স্থল আৰু সামুদ্ৰিক সীমাৰ দৰে ডাঙৰ ডাঙৰ দ্বিপাক্ষিক সমস্যা সমাধান কৰিছে, আৰু শক্তি, সংযোগ আৰু আন্তঃগাঁথনি উন্নয়নত সহযোগিতা আৰু বিনিয়োগৰ এনে এক আৰ্হি গঢ়ি তুলিছে যিয়ে বাংলাদেশৰ প্ৰতিজন নাগৰিকক উপকৃত কৰিছে। ভাৰতে বাংলাদেশক, অতি অনুকূল চৰ্তত অনুদান আৰু ক্ৰেডিট লাইনৰ জৰিয়তে সদায় সহায় কৰি আহিছে। এটা ঘনিষ্ঠ, সহযোগিতামূলক আৰু বিশ্বাসযোগ্য দ্বিপাক্ষিক সম্পৰ্ক বাংলাদেশ আৰু ভাৰত উভয়ৰে জনসাধাৰণৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ বাবে ভাল। আমি বাংলাদেশৰ জনসাধাৰণক আহ্বান জনাইছো যে যোৱা পাঁচ দশক আৰু তাতোকৈ অধিক সময় ধৰি ক্ৰমাগতভাৱে বিকশিত হোৱা পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ ভেটিক দুৰ্বল কৰিব বিচৰা ভাৰত বিৰোধী অভিযানৰ ওচৰত আপোনালোকে হাৰ নামানিব।"-পত্ৰখনত কোৱা হৈছে।
পত্ৰখনত বাংলাদেশৰ সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানক হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলৰ অধিকাৰকে ধৰি গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতা পুনৰুদ্ধাৰৰ দিশত কাম কৰিবলৈ আহ্বান জনোৱা হৈছে।