মুম্বাই
বিত্তীয় সংকট সময়ত দেশক উদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ প্ৰাক্তন গৱর্নৰ এছ ভেংকিটাৰামাননৰ শনিবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।
এজন দক্ষ আই এছ বিষয়া ভেংকিটাৰামাননে কেন্দ্ৰীয় বিত্ত সচিব আৰু কৰ্ণাটক চৰকাৰৰ উপদেষ্টা হিচাপেও দায়িত্ব পালন কৰিছিল। ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ ৰিজাৰ্ভ বেংকৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শশীকান্ত দাসে গভীৰ শোক প্ৰকাশ কৰি ভেংকিটাৰামাননৰ অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰে আৰু তেওঁক অসাধাৰণ ব্যক্তি বুলি অভিহিত কৰে। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী কন্যা আৰু তেওঁলোকৰ পৰিয়ালক এৰি থৈ যায়।