জি-২০ ভাৰতৰ উত্তোৰণৰ দিশত এক আৰম্ভণি মাত্ৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
 আতিৰ খান
 
ভাৰতে জি-২০ অধ্যক্ষতাৰ শিখৰত উপনীত হোৱা উপলক্ষে নতুন দিল্লীত অহা ৯-১০ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব জি-২০ শীৰ্ষ সন্মিলন। ইয়াৰ বাবে বিশ্বৰ শীৰ্ষ নেতাসকলক উষ্ম আদৰণি জনাবলৈ সাজু হৈছে আয়োজক দেশ ভাৰত। এনে সময়তে বিশেষজ্ঞসকলৰ মূল্যায়নে এই কথা প্ৰকাশ কৰিছে যে ভাৰতৰ সময় এতিয়া আহি পৰিছে। 
 
ভাৰতৰ সামগ্ৰিক বিষয়বস্তু "এখন পৃথিৱী, এটা পৰিয়াল আৰু এক ভৱিষ্যত"-এ দেশখনৰ যুগ যুগ ধৰি চলি অহা বসুধৈৱ কুটুম্বকমৰ ধাৰণাটোক প্ৰতিফলিত কৰিছে, যিয়ে এটা পৰিয়াল হিচাপে একত্ৰিত এখন পৃথিৱীক বুজাইছে—যিটো ধাৰণা আজিৰ পৃথিৱীত উজ্জ্বল ভৱিষ্যতৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হয়।
 
অতি সফল জি-২০ সভাপতিত্বই ভাৰতৰ নিখুঁত পৰিকল্পনা আৰু এই সুযোগৰ ফলপ্ৰসূ ব্যৱহাৰক প্ৰদৰ্শন কৰি উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে ভাৰতে এতিয়া নিজকে বহু আওপুৰণি চিন্তা-ধাৰণাৰ পৰা মুক্ত কৰিব পাৰিছে।  
 
আজি ভাৰতে নিজৰ শক্তিশালী মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা সৱল হৈ বিশ্ব নেতৃত্বৰ দায়িত্ব কান্ধত ল’বলৈ সাজু হৈছে। ক্ষমতাৰ পৰিৱৰ্তনশীল ভাৰসাম্যই দ্ৰুতগতিত গ্ল’বেল ছাউথক অনুকূল কৰি তুলিছে, যিটো ক্ষেত্ৰত ভাৰতে নিজকে এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।
 
জি-২০ হৈছে ভাৰতৰ সমৃদ্ধিৰ আকাংক্ষাৰ প্ৰতি দায়বদ্ধতা, নিৰ্দিষ্ট ক্ষেত্ৰত নিৰন্তৰ উন্নতি, আৰু যিকোনো সম্ভাৱ্য বিঘিনিৰ নিপুণ ব্যৱস্থাপনাৰ ওপৰত নিৰ্ভৰশীল উত্তৰণৰ এক প্ৰাৰম্ভিক পদক্ষেপ মাত্ৰ।
 
২০ শতিকাত অসাধাৰণ অগ্ৰগতি দেখা গৈছিল যদিও একাংশ পশ্চিমীয়া দেশৰ অহংকাৰে ইয়াক টুকুৰা-টুকুৰ কৰি পেলালে। দুয়োখন বিশ্বযুদ্ধৰ ফলত অসংখ্য লোকে প্ৰাণ হেৰুৱায় আৰু অৱশেষত বিশ্বব্যৱস্থাত উত্তেজনাৰ সৃষ্টি হয়। পশ্চিমৰ অৰ্থনীতি এতিয়া মন্দাৱস্থালৈ গৈ আছে। অতীতৰ পৰা আমি এই শিক্ষা লোৱা উচিত।
 
বিশ্বৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ পূৰ্বাভাস অনুসৰি ভাৰতে নিজৰ বিখ্যাত ইতিহাস পুনৰ উদ্ধাৰৰ পথত আগবাঢ়িছে। ভাৰতীয়সকলে ঐক্যবদ্ধভাৱে থিয় দি উন্নয়নৰ বাবে দৃঢ়তাৰে মনোনিৱেশ কৰিলে এই পুনৰুত্থান বাস্তৱায়িত হ’ব পাৰে। এই দিশত সফল হ’লে ভাৰতক আমেৰিকাৰ দৰে বিশ্বৰ আগশাৰীৰ দেশলৈ উন্নীত হোৱাত একোৱেই বাধা দিব নোৱাৰে৷
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জি-২০ সন্মিলনস্থলীত
 
বৰ্তমানৰ বিশ্বব্যাপী পৰিৱেশ বিবেচনা কৰিলে অধ্যয়নসমূহে প্ৰকাশ কৰে যে আমি বৰ্তমান মানৱ ইতিহাসৰ আটাইতকৈ শান্ত আৰু সমৃদ্ধিশালী যুগটো অনুভৱ কৰি আছো। আমি এনে এখন পৃথিৱীত বাস কৰি আছো যিখন পৃথিৱী এতিয়ালৈকে আটাইতকৈ সুস্থ আৰু ধনী।
 
আমাৰ জীৱনৰ মান উন্নত হৈছে, লগতে আমাৰ আয়ুস। আমাৰ গৰিষ্ঠসংখ্যকে ২০৪৭ বৰ্ষৰ সাক্ষী হ’ব বুলি আশা কৰা হৈছে, যিটো আশাব্যঞ্জক ভৱিষ্যত যেতিয়া ভাৰতে প্ৰক্ষেপণ অনুসৰি আমেৰিকা আৰু চীনৰ সমান্তৰালভাৱে বিশ্বৰ শীৰ্ষ তিনিখন শক্তিৰ ভিতৰত স্থান লাভ কৰিব।
 
আমাৰ অৰ্থনৈতিক বিকাশৰ গতি অতি আশাব্যঞ্জক, আৰু ভাৰতৰ হাতত দেশখনক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় মূল্যবোধ আৰু পূৰ্বচৰ্ত আছে। আমাৰ চুবুৰীয়া চীনৰ বৃদ্ধ জনসংখ্যাৰ বিপৰীতে আমাৰ সৈতে আছে যুৱ কৰ্মশক্তি। দেশখনত কোনো উল্লেখযোগ্য ৰাজনৈতিক পৰিৱৰ্তন নহ’লে চীনে অহা দশকলৈকে নিজৰ বিশ্বব্যাপী প্ৰভাৱ অব্যাহত ৰাখিব বুলি আশা কৰা হৈছে। কিন্তু নেতৃত্বৰ বাবে চলি থকা প্রতিযোগিতাত ভাৰতে অধিক সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে৷ এই প্ৰক্ষেপণসমূহ হামিছ মেকৰেৰ দৰে বিশিষ্ট আৰু নিৰপেক্ষ অৰ্থনৈতিক সাংবাদিকসকলৰ দৃষ্টিভংগীৰ সৈতে মিল খায়।
 
কানাডাৰ জ্ঞানমূলক মনোবিজ্ঞানৰ অধ্যাপক ষ্টিফেন পিংকাৰে ২০১১ চনত লিখা "দ্য বেটাৰ এঞ্জেলছ অৱ আৱাৰ নেচাৰ" নামৰ কিতাপখনত উল্লেখ কৰিছে যে বিশ্বজুৰি হিংসা হ্ৰাস পাইছে। মানুহে ইজনে সিজনৰ প্ৰতি উন্নত আচৰণ প্ৰদৰ্শন কৰিছে -মানৱ ইতিহাসৰ পূৰ্বৰ যিকোনো সময়তকৈ তেওঁলোক অধিক দয়ালু আৰু সহযোগী।
 
বিপৰীতমুখীভাৱে এই ইতিবাচক ধাৰাবোৰৰ মাজতো আমাৰ ধাৰণাটো প্ৰায়ে বেলেগ যেন লাগে। ইয়াৰ কাৰণ হ’ব পাৰে আমাৰ সংবাদ মাধ্যমৰ প্ৰৱেশ আৰু ইয়াৰ ব্যৱহাৰ বৃদ্ধি। বেয়া খবৰবোৰে শিৰোনামবোৰত আধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতা থাকে, আনহাতে ভাল খবৰবোৰ চৰ্চা নোহোৱাকৈয়ে থাকি যায়। নিৰাশাবাদ দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় হোৱাৰ প্ৰৱণতা থাকে। সফলতাৰ কাহিনীত গুৰুত্ব দিয়াসকলক কেতিয়াবা আশাবাদৰ বাবে উপহাস কৰা হয়। কিন্তু আমি উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ আকাংক্ষা কৰিলে এই দৃষ্টিভংগীৰ বিকাশ হ’ব লাগিব।
 
মানুহে প্ৰায়ে নিজৰ ধাৰণাৰ লগত মিল থকা ধাৰণাত আবদ্ধ হৈ থাকে, যাৰ ফলত আমি ভিন্ন দৃষ্টিভংগীৰ প্ৰতি কম ধৈৰ্য্যশীল হ’ব পাৰো। আমি হয়তো আগৰ তুলনাত হিংসাৰ প্ৰতি কম সহনশীল হ’ম, যিটো আচলতে এটা ভাল কথা।
 
জি-২০ সন্মিলনৰ স্থান ভাৰত মণ্ডপম
 
অৱশ্যে ছ’চিয়েল মিডিয়া আৰু বাতৰিৰ পৰা ইমানবোৰ তথ্য পোৱাৰ এটা নেতিবাচক দিশ আছে। বেছিভাগ ছ’চিয়েল মিডিয়াৰ নিয়ন্ত্ৰণ পশ্চিমীয়া দেশসমূহৰ সৈতে আছে। ভাৰতে সাৱধান হোৱাটো প্ৰয়োজন কাৰণ তাত আপুনি দেখা সকলো তথ্য নিৰ্ভৰযোগ্য নহয়।
 
আমি এনে এখন পৃথিৱীত বাস কৰিছো য’ত মধ্যবিত্ত শ্ৰেণী বাঢ়িছে, আৰু এইটো ইতিহাসৰ নতুন কথা। কেৱল ধনীসকলে নহয়, মধ্যবিত্ত শ্ৰেণীয়ে যি বিচাৰে তাৰ দ্বাৰা ভৱিষ্যত গঢ় লৈ উঠিব। বয়স বঢ়াৰ লগে লগে আৰু মানুহ ধনী হোৱাৰ লগে লগে তেওঁলোকে নিজৰ সন্তান আৰু নাতি-নাতিনীৰ ভৱিষ্যতৰ কথা ভাবিবলৈ আৰম্ভ কৰে।
 
সেইটোৱেই ভাৰতে মনোনিৱেশ কৰা উচিত। ডাঙৰ প্ৰত্যাহ্বানটো হ’ল জাতীয়তাবাদৰ অনুভূতিক ইতিবাচকভাৱে ব্যৱহাৰ কৰা। ইয়াৰ অৰ্থ হ’ল এটা নিৰ্দিষ্ট ধৰ্মীয় পৰিচয়ৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে প্ৰগতিৰ ওপৰত মনোনিৱেশ কৰা। ভাৰতে নিজৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ প্ৰয়োজন আছে।
 
ভাৰতে ইয়াৰ বিপুল জনসংখ্যাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ, শিক্ষাৰ উন্নতি, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অৱশ্যে দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’বলৈ এতিয়াও বহু কাম বাকী আছে।
 
দেশ হিচাপে ভাৰতৰ যাত্ৰা আৰম্ভ হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ পৰা, তাৰ পিছত জৱাহৰলাল নেহৰুৱে আন্তঃগাঁথনিৰ মূল কামসমূহ আৰম্ভ কৰে। ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ সময়ত ইন্দিৰা গান্ধীয়ে বৃহৎ নেতৃত্ব দক্ষতা দেখুৱাইছিল আৰু তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে চৰকাৰী কাৰ্যালয়ৰ কম্পিউটাৰাইজেচনৰ সূচনা কৰিছিল, যাৰ ফলত টেলিকম বিপ্লৱৰ সূচনা হৈছিল।
 
১৯৯১ চনত মুক্ত অৰ্থনীতিৰ বাট মুকলি কৰি পি.ভি. নৰসিংহ ৰাও আৰু মনমোহন সিঙে এক উল্লেখযোগ্য কাম কৰে, প্ৰকৃতাৰ্থত সেয়া ভাৰতৰ বাবে এক টাৰ্নিং পইণ্ট আছিল। পিছলৈ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতে পাৰমাণৱিক শক্তি হিচাপে স্বীকৃতি লাভ কৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ আৰম্ভ কৰে।
 
সম্প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে এক শক্তিশালী জাতীয় পৰিচয় লাভ কৰি বিশ্বৰ মঞ্চত নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইছলামিক সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলোৱা হৈছে, আৰু বাওঁপন্থী উগ্ৰবাদক ৰোধ কৰা হৈছে। চীন আৰু পাকিস্তানৰ দৰে আগ্ৰাসী প্ৰতিবেশী দেশৰ পৰা অহা বাহ্যিক ভাবুকিও ভাৰতে ফলপ্ৰসূভাৱে পৰিচালনা কৰিছে, যিটো উল্লেখযোগ্য কৃতিত্ব।
 
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব শৈলীয়ে ভাৰতৰ উন্নয়নৰ পৰিকল্পনাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। তেওঁৰ চৰকাৰে পাঠ্যক্ৰম সংশোধন কৰিছে, যিটো শাসনৰ বিভিন্ন দিশত পৰিৱৰ্তিত সময়ৰ লগে লগে প্ৰয়োজনীয় হৈ পৰিছিল।
 
তেওঁলোকেৰ আন এটা উল্লেখযোগ্য পদক্ষেপ আছিল থলুৱা প্ৰতিৰক্ষা উৎপাদন আৰু চিকিৎসা গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া। এই মনোনিৱেশৰ ফলত ভাৰতে ক'ভিড-১৯ ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম হ’ল, যিটো কৃতিত্বই বিশ্ববাসীক আচৰিত কৰি তুলিলে।
 
ডিজিটেল ইণ্ডিয়াৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীয়ে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। এই কাম সম্ভৱ হৈছিল ব্যাপক ইণ্টাৰনেটৰ ব্যৱহাৰৰ দ্বাৰা, আনকি দূৰৱৰ্তী গাঁৱতো। চন্দ্ৰযান-৩ৰ শেহতীয়া সফলতাকে ধৰি মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য কৃতিত্ব ইয়াৰ অগ্ৰগতিৰ প্ৰমাণ।
 
এই পটভূমিত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দুৱাৰমুখত থিয় দিছে। কিন্তু আমি পাহৰিব নালাগে যে ভাৰতৰ জনসাধাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণৰ এয়া অতি গুৰুত্বপূৰ্ণ সময়।
 
(আতিৰ খান আৱাজ-দ্য ভইচৰ মুখ্য সম্পাদক)