অসম চৰকাৰৰ অসামৰিক সন্মান ঘোষণা; অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ বঁটা

Story by  atv | Posted by  Munni Begum • 4 d ago
অসম চৰকাৰৰ অসামৰিক সন্মান ঘোষণা
অসম চৰকাৰৰ অসামৰিক সন্মান ঘোষণা
 
গুৱাহাটী  
 
অসম চৰকাৰে বিভিন্ন ক্ষেত্ৰত ব্যক্তিসকললৈ তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' বঁটা আগবঢ়াইছে। এইবেলিও কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি দেওবাৰে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ ঘোষণা কৰে। 
 
মুখ্যমন্ত্ৰীয়ে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰি কয় যে, অসমৰ সুযোগ্য সন্তান ৰঙিয়াৰ নিবাসী অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট বিষয়া ৰাণা প্ৰতাপ কলিতালৈ এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াইছে। 
 
আনহাতে ৰাজ্যৰ ৬ গৰাকী ব্যক্তিলৈ অসম সৌৰভ বঁটা ঘোষণা কৰিছে। বিশিষ্ট সংগীত শিল্পী দ্বিপেন বৰুৱা, বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তৰ লগতে ভাৰতীয় মহিলা দলৰ ক্ৰিকেটাৰ উমা ছেত্ৰীলৈ। লগতে অসম সৌৰভ বঁটা আগবঢ়োৱা আন তিনিজন ব্যক্তি হৈছে TCS চেয়াৰমেন ডঃ এছ ৰামাডুৰাই,বিজ্ঞানী ড০ বাপী পাল আৰু ড০ পূৰৱী শইকীয়া।
 
ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে মুঠ ১৫ গৰাকী ব্যক্তিলৈ। অসম গৌৰৱ বঁটা প্রাপকসকল ক্রমে-শগুণৰ সংৰক্ষণৰ কাৰণে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা লখিমপুৰৰ ফুলেশ্বৰী দত্তৰ লগতে বাইক ৰাইডাৰ মীনাক্ষী দাস,কাঁহ শিল্পী ধীৰেন্দ্র নাথ পাল, ISL খেলুৱৈ পাৰ্থ সুন্দৰ গগৈ, বিৰং টেৰণ, শ্রীভূমি জিলাৰ নজৰুল হক, যোৰহাটৰ যুৱক বিশ্বজিত বৰা, বজালীৰ দুগ্ধ উদ্যোগী ভাৰত কলিতা, বৰলাংছফা নাজাৰ্ৰী আৰু উপমন্যু বৰকাকতি।
 
ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ অগ্রণী ৰাম চাচনীলৈ অসম গৌৰৱ বঁটা ঘোষণা কৰে অসম চৰকাৰে। সমান্তৰালকৈ পৰিৱেশ আৰু জন্তু সংৰক্ষণৰ বাবে ৩টা অনুষ্ঠান ক্ৰমে- চোৰেণ এহেম, ইক’ ডেভলেপমেণ্ট ছ’চাইটী, হস্তীবন্ধুলৈ এই বঁটা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।