গুৱাহাটীক বিমান আৰু লজিষ্টিক হাব হিচাপে গঢ়ি তোলা হব: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  Munni Begum • 9 d ago
আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এক মূহুৰ্ত
আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এক মূহুৰ্ত
 
গুৱাহাটী 
 
মহাকাশ প্রযুক্তিৰ ক্ষেত্রত গৱেষণা, শৈক্ষিক দক্ষতা আৰু বিকাশৰ যুগান্তকাৰী পথ প্রশস্ত কৰণেৰে অঞ্চলটোৰ মহাকাশ প্রযুক্তিৰ উন্নয়ন সাধনৰ উদ্দেশ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। আই আই টি গুৱাহাটীৰ ড° ভূপেন হাজৰিকা প্রেক্ষাগৃহত শুকুৰবাৰে আয়োজিত এক অনুষ্ঠানত আই আই টি গুৱাহাটীৰ হৈ আই আই টি খনৰ সঞ্চালক অধ্যাপক দেৱেন্দ্র জলিহাল আৰু এয়াৰ বাছৰ হৈ এয়াৰ বাছ ইণ্ডিয়াৰ উপাধ্যক্ষ সুৰজ চেত্ৰীয়ে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। 
 
উল্লেখ্য যে, এই চুক্তিৰ ফলত প্রযুক্তিগত উৎকৰ্ষতা সাধন হোৱাৰ লগতে অঞ্চলটো ভৱিষ্যতে মহাকাশ প্রযুক্তিৰ ক্ষেত্ৰত অন্যতম গৱেষণাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এই চুক্তিৰ জৰিয়তে নতুন প্রজন্মক মহাকাশ সম্পর্কীয় জ্ঞান প্ৰদান কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে, এই চুক্তিয়ে উত্তৰ পূৰ্বাঞ্চলৰ দক্ষতাৰ ব্যৱধান দূৰ কৰাৰ লগতে বিমান আৰু লজিষ্টিক খণ্ডৰ স্থায়ী বিকাশৰ বাট মুকলি কৰিব। এই চুক্তিয়ে এক শক্তিশালী আৰু গতিশীল কর্ম শক্তিৰ সৃষ্টি কৰিব। 
 
অনুষ্ঠানত মুখ্যমন্ত্রীয়ে অংশীদাৰীসকলৰ শলাগ লৈ কয় যে, এই সহযোগিতাই ৰাজ্যখনত বিমান উদ্যোগৰ উদ্ভাৱন আৰু উৎকর্ষ সাধনৰ দিশত বিশেষ বৰঙণি যোগাবলৈ সক্ষম হ'ব। এই সহযোগিতাই বিমান পৰিবহণ, লজিষ্টিক আৰু সংশ্লিষ্ট খণ্ডসমূহক জৰুৰীকালীন প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। 
 
তেওঁ লগতে কয় যে, এই অংশীদাৰীত্বই অঞ্চলটোৰ বিমান পৰিবহণৰ প্ৰযুক্তিগত বিকাশৰ দিশত ৰূপান্তৰ সাধন কৰি বিশ্বৰ প্রেক্ষাপটত সমভাৱে আগুৱাই যোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিব। এই চুক্তিখন কেৱল আই আই টি গুৱাহাটীৰ সামগ্রিক সামর্থ্য বৃদ্ধি আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডক সহায় কৰাৰ বাবেই নহয়, ইয়াৰ জৰিয়তে উদ্যোগিকীকৰণ আৰু প্রযুক্তিগত বিকাশৰ দিশত বিশ্বৰ উদ্যোগসমূহক অঞ্চলটোত উদ্যোগ স্থাপনৰ বাবে আকৰ্ষিত কৰিব। 
 
কেইবা দশক পুৰণি অঞ্চলটোৰ বিমান পৰিবহণৰ ইতিহাস আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰয়াসৰ ফলত অঞ্চলটোত বিমান পৰিবহণ খণ্ডই এক নতুন মাত্রা লাভ কৰিছে। উড়ান আঁচনিৰ অধীনত প্রধানমন্ত্রীয়ে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক সংযোগ বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। বিশেষকৈ উড়ান-২ আঁচনিৰ অধীনত গুৰুত্বপূৰ্ণ নগৰসমূহ বিমান পৰিবহণ সেৱাৰে সামৰি লৈ জনসাধাৰণৰ বাবে বিমান যাত্রা অধিক সুচল কৰি তুলিছে। তদুপৰি জনসাধাৰণৰ যাতায়াত, সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সুবিধা প্রদান কৰাৰ ফলত আঞ্চলিক উন্নয়ন নিশ্চিত কৰি এই আঁচনিখনে পৰৱৰ্তী সময়ত পর্যটন, নিয়োগ সৃষ্টি আৰু অর্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূর্ণ ভূমিকা ল'বলৈ সক্ষম হৈছে। 
 
মুখ্যমন্ত্রী শৰ্মাই কয় যে, এই বুজাবুজিৰ চুক্তিৰ অধীনত প্রস্তাৱিত লজিষ্টিক ব্যৱসায়ৰ গ্লোবেল স্কীলিং চেল্টাৰে উদ্যোগৰ চাহিদা পূৰণৰ বাবে বিস্তৃত প্রশিক্ষণ প্রদানৰ উপৰি উত্তৰ পূৰ্বাঞ্চলত উড়ান আঁচনিৰ পদক্ষেপকো সহায় কৰিব। এই পদক্ষেপে নিয়োগ আৰু কেৰিয়াৰ উন্নতিৰ সুযোগ যথেষ্ট বৃদ্ধি কৰিব। অঞ্চলটোৰ জনসাধাৰণৰ লজিষ্টিক আৰু বিমান খণ্ড দুয়োটাতে সেৱাৰ মান উন্নত কৰি দেশৰ ভিতৰে-বাহিৰে বাণিজ্যিক সুযোগ বৃদ্ধি পাব। 
 
তেওঁ লগতে কয় যে, উত্তৰ-পূব আৰু বিভিন্ন দেশসমূহৰ পৰা বাণিজ্যিক সুযোগ বৃদ্ধি পাব।উত্তৰ পূব আৰু বিভিন্ন দেশসমূহৰ পৰা বছৰি ২ হেজাৰ ছাত্ৰ-ছাত্ৰী প্রশিক্ষণ প্ৰদানৰ বাবে কেন্দ্ৰত আৰম্ভ হ'বলগীয়া পাঠ্যক্রমে অঞ্চলটোত বিমান শিক্ষাৰ বাবে এক নতুন মান সৃষ্টি কৰিব। গুৱাহাটীক দেশৰ অন্যতম শ্রেষ্ঠ বিমান আৰু লজিষ্টিক হাব হিচাপে গঢ়ি তোলাৰ বাবে আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডক অসম চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব।