ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ নিশ্চিত

Story by  atv | Posted by  Munni Begum • 5 d ago
গুৱাহাটী উচ্চ ন্যায়ালয়
গুৱাহাটী উচ্চ ন্যায়ালয়
 
গুৱাহাটী
 
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰংমহলত প্রস্তাৱিত ন্যায়ালয়ৰ স্থায়ী তথা নতুন ভৱনৰ মাষ্টাৰ প্লেন সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই শনিবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যাম, ৰাজ্যৰ মুখ্য সচিবসহ আন জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এক পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকৰ পৰা স্পষ্ট হৈ পৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰ নিশ্চিত। 
 
কইনাধৰাৰ অতিথিশালাত অনুষ্ঠিত এই বৈঠকত পাৱাৰ পইন্ট প্রদর্শনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাষ্টাৰ প্লেনৰ নক্সা, স্থায়ী ভৱনত থাকিবলগীয়া মুখ্য ন্যায়াধীশ, জ্যেষ্ঠ ন্যায়াধীশৰ কক্ষ, অধিবক্তাসকলৰ কক্ষৰ লগতে উচ্চ ন্যায়ালয়ৰ প্রবেশ পথ, প্রস্থান পথকে ধৰি আনুষংগিক সকলো দিশৰ বিষয়ে বিতংভাৱে বুজ লয়। 
 
পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাষ্টাৰ প্লেনত নতুনকৈ যিকোনো ধৰণৰ অন্তর্ভুক্তি সন্দর্ভত উচ্চ ন্যায়ালয়ৰ কর্তৃপক্ষৰ লগত আলোচনামর্মে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশনা প্রদান কৰে। 
 
উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰীতো মুখ্যমন্ত্রীয়ে লোকনির্মাণ বিভাগৰ বিষয়া-অভিযন্তাসকলেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রস্তাৱিত ভৱনক লৈ আলোচনাত বহিছিল।