নতুন দিল্লী
ইমৰাণ খান চৰকাৰৰ প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানক ভূয়সী প্ৰশংসা কৰিছে। পাকিস্তানৰ সংবাদ মাধ্যমে ভাৰতৰ এই ঐতিহাসিক মহাকাশ অভিযানৰ অৱতৰণ অনুষ্ঠান পোটপটীয়াকৈ সম্প্ৰচাৰ কৰিব লাগে বুলি তেওঁ পৰামৰ্শ আগবঢ়াইছে। তেওঁ ভাৰতীয় বিজ্ঞানী আৰু মহাকাশ সমূদায়ক অভিনন্দন জনাই কয় যে ভাৰতৰ চন্দ্ৰযান-৩ অভিযান “সমগ্ৰ মানৱ জাতিৰ বাবে ঐতিহাসিক মুহূৰ্ত”।
টুইটাৰত শ্বেয়াৰ কৰা এটা পোষ্টত ফাৱাদ চৌধুৰীয়ে মঙলবাৰে লিখিছে, "পাক সংবাদ মাধ্যমে বুধবাৰে সন্ধিয়া ৬:১৫ বজাত চন্দ্ৰযানৰ অৱতৰণৰ মুহূৰ্ত লাইভ দেখুৱাব লাগে...মানৱ জাতিৰ বাবে বিশেষভাৱে ভাৰতীয় জনসাধাৰণ, মহাকাশ সমূদায় আৰু বিজ্ঞানী সমাজৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। তেওঁলোকলৈ বহুত বহুত অভিনন্দন জনালো।"
ইফালে, বুধবাৰে সন্ধিয়া ভাৰতৰ চন্দ্ৰযান-৩এ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সাজু হোৱাৰ সময়ত সমগ্ৰ দেশত তীব্ৰ উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। মন্দিৰ-মছজিদ-গীৰ্জা চৌদিশে চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা চলিছে। বিজ্ঞানীসকলে অৱতৰণৰ পূৰ্বৰ ২০ মিনিট আতংকময় বুলি ভৱিষ্যদ্বাণী কৰিছে আৰু এই সময়খিনি সফলতাৰে পাৰ হৈ যাব বুলি দেশবাসীয়ে আশাৰে বাট চাইছে।
অৱতৰণৰ সমগ্ৰ দৃশ্য বিশ্ববাসীয়ে টেলিভিছন আৰু অনলাইনত লাইভ উপভোগ কৰিব পাৰিব। এই অনুষ্ঠানৰ বাবে বিদ্যালয়সমূহো সন্ধিয়ালৈ মুকলি কৰি ৰখা হ’ব, যাতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ মহাকাশ অভিযানৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব পাৰে। সম্প্ৰতি দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনলাইন যোগে অনুষ্ঠানত যোগদান কৰিব।
দেওবাৰে অৱতৰণৰ সময়ত চন্দ্ৰৰ পৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা-২৫ৰ বিফলতাৰ পিছত ভাৰতৰ চন্দ্ৰযান-৩ৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে। ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২এ চন্দ্ৰৰ একেটা অঞ্চলতে নিৰাপদে অৱতৰণ কৰিব নোৱাৰিলে, যিটো অঞ্চল শিল আৰু গভীৰ খাদেৰে ভৰি আছে।
মহাকাশ সংস্থা ইছৰ’ই আশা প্ৰকাশ কৰিছে যে এই অৱতৰণ কোনো বাধা নোহোৱাকৈ সম্পন্ন হ’ব, কিয়নো বিজ্ঞানীসকলে চন্দ্ৰযান-২ৰ ভুলৰ পৰা শিকি অহা সকলো মূল্যৱান শিক্ষা আৰু অভিজ্ঞতা চন্দ্ৰযান-৩ত প্ৰয়োগ কৰিছে।