হাৰিয়ানাৰ এহাল দম্পতীয়ে কেনেকৈ আৱিষ্কাৰ কৰিলে এ পি জে আব্দুল কালামৰ ব্যক্তিত্বৰ আধ্যাত্মিক মহানতা

Story by  atv | Posted by  [email protected] • 1 Months ago
এজাক শিশুৰ সৈতে এ পি জে আব্দুল কালাম, ৰামেশ্বৰমৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধৰ দৃশ্য
এজাক শিশুৰ সৈতে এ পি জে আব্দুল কালাম, ৰামেশ্বৰমৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধৰ দৃশ্য

আছা খোছা/নতুন দিল্লী

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশ্বৰ প্ৰখ্যাত বিজ্ঞানী ড০ এ পি জে আব্দুল কালামৰ আজি নৱম মৃত্যু বাৰ্ষিকী। ২০১৫ৰ ২৭ জুলাইত শ্বিলঙত আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা মহান ব্যক্তিগৰাকী আমাৰ মাজৰ পৰা বিদায় মগাৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত সোণেপটৰ দম্পতী সুমন আৰু দিৱান আৰোৰাই তামিলনাডুস্থিত কালামৰ গৃহ চহৰ ৰামেশ্বৰম ভ্ৰমণৰ কথা স্মৰণ কৰিছে, য’ত তেওঁলোকে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিত্বৰ মহানতা অনুভৱ কৰিব পাৰিছিল।
 
ডেৰ বছৰৰ আগৰ কথা, আৰোৰা দম্পতীয়ে হিন্দুসকলৰ পবিত্ৰ স্থান ৰামেশ্বৰম ভ্ৰমণলৈ গৈছিল। তেতিয়া তেওঁলোকে আন এটা পবিত্ৰ স্থান ভ্ৰমণৰ সুযোগ পাইছিল, সেয়া আছিল ৰামেশ্বৰমৰ সন্তান আভুল পাকিৰ জৈনুলাবদীন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam) ওৰফে ডাঃ এ পি জে আব্দুল কালামৰ স্মৃতিসৌধ।
 
জন্মস্থান ৰামেশ্বৰমত অৱস্থিত আব্দুল কালামৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধ ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া সুমনে কয়, ‘সেই স্থানটো মোৰ এৰি যাবলৈ মন যোৱা নাছিল। স্মৃতিসৌধত প্ৰৱেশ কৰিবলৈ জোতাযোৰ খুলি লোৱাৰ মুহূৰ্ততে তেওঁ মনৰ ভিতৰত এক ইতিবাচক শক্তিৰ ঢৌ অনুভৱ কৰিছিল। স্মৃতিসৌধৰ ভিতৰত থকা বিশ্ৰাম স্থানত তেওঁ আৰু অন্যান্য পৰ্যটকসকলে জনদৰদী প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক প্ৰণাম জনায়।"
 
ৰামেশ্বৰমত অৱস্থিত আব্দুল কালামৰ স্মৃতিসৌধ
 
তেওঁ পুনৰ কয়, “মন্দিৰ ভ্ৰমণ কৰাৰ পিছত মই কালাম ছাৰৰ স্মৃতিসৌধ ভ্ৰমণ কৰিছিলো; তাত গৈ মই অনুভৱ কৰিছিলোঁ যে মই আন এখন পবিত্ৰ ঠাইত প্ৰৱেশ কৰিছো।” দক্ষিণ ভাৰতলৈ প্ৰথম যাত্ৰা কৰা সন্দৰ্ভত সুমনে কয় যে ৰামেশ্বৰম, আৰু মাদুৰাইৰ মীনাক্ষী মন্দিৰৰ স্থাপত্যই যিদৰে তেওঁলোকক অভিভূত কৰিছিল, ঠিক সেইদৰে মহান ভাৰতীয় এ পি জে আব্দুল কালামৰ জীৱনৰ সৰলতা আৰু মহানতাই আমাক উদ্বুদ্ধ কৰিছিল।
 
“মন্দিৰবোৰৰ অবিশ্বাস্য স্থাপত্য-ভাস্কৰ্য দেখাটো এটা ডাঙৰ অভিজ্ঞতা আছিল। ৰাষ্ট্ৰপতি আব্দুল কালামৰ সংগ্ৰহালয় ভ্ৰমণ কৰাটোও ইয়াতকৈ কম নাছিল। ই আমাৰ বাবে তীৰ্থযাত্ৰাৰ দৰেই আছিল। যদিও আন বহু ঠাইৰ দৰে ইয়াক চৰ্চা কৰা নাযায়, তথাপিও ৰামেশ্বৰম চহৰৰ পৰ্যটন মানচিত্ৰত এই সংগ্ৰহালয়টো আছে। আনকি দৰ্শনাৰ্থীক ভ্ৰমণৰ পেকেজ সেৱা আগবঢ়োৱা স্থানীয় অটোৰিক্সা চালকসকলেও সংগ্ৰহালয়টোক প্ৰথম স্থান হিচাপে পৰামৰ্শ দিয়ে।”-সুমন আৰোৰাই কয়। 
 
তেওঁ কয় যে যদিও তেওঁলোকৰ ভ্ৰমণ সাতদিনীয়া ভাগৱদ গীতা পথ (Narration of the Bhagwad Gita)ৰ সৈতে জড়িত আৰু এটা ধৰ্মীয় গোটৰ দ্বাৰা আয়োজিত আছিল, তথাপিও বন্ধু এজনে যিকোনো মূল্যৰ বিনিময়ত সংগ্ৰহালয়টো চাবলৈ পৰামৰ্শ দিছিল।
 
ৰামেশ্বৰমত সুমন আৰু দিৱান আৰোৰা
 
সুমনে কয়, ‘ঠাইখন ভ্ৰমণ কৰাৰ পিছত মই মোৰ দক্ষিণ ভাৰতীয় বন্ধুজনক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰিলো। কালামৰ নাতি ভতিজা এ পি জে এম জে শ্বেইক ছালিমে আৱাজ দ্য ভইচক কয় যে এতিয়ালৈকে ২০১৭ চনৰ ২৭ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা সংগ্ৰহালয়টো এতিয়ালৈকে এক কোটি লোকে ভ্ৰমণ কৰিছে।
 
শেহতীয়াকৈ বিজেপিত যোগদান কৰা শ্বেইক ছালিমে নিজৰ ব্যৱসায় আৰু সামাজিক কামৰ বাবে এটা ফাউণ্ডেশ্যন চলাই আছে। তেওঁ কয় যে কালামৰ  স্মৃতিসৌধলৈ যোৱাৰ সময়ত তেওঁৰ পূৰ্বপুৰুষৰ প্ৰতি মানুহৰ ভক্তি আৰু প্ৰেমৰ বিষয়ে তেওঁ অৱগত।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছেলিমে কয়, ‘সংগ্ৰহালয়টো প্ৰতিদিনে কমেও ৭ হাজাৰ দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰে আৰু এতিয়ালৈকে প্ৰায় এক কোটি লোকে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওচৰত প্ৰণাম জনাইছে।"
 
গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে APJMJ শ্বেখ ছালীম
 
সুমন, তেওঁৰ স্বামী আৰু তেওঁলোকৰ গোটৰ বহুতেই স্মৃতিসৌধৰ ভিতৰতে প্ৰায় দুঘণ্টা সময় কটাইছিল। দৰ্শনাৰ্থীসকলে খালী ভৰিৰে প্ৰৱেশ কৰিব লাগে আৰু লগতে ফটো ক্লিক কৰিবলৈ কেমেৰা বা মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে। এই সকলোবোৰে স্মৃতিসৌধটোৰ পবিত্ৰতা বৃদ্ধি কৰে।
 
দিৱান আৰোৰাই কয় যে এই তীৰ্থযাত্ৰাত পঞ্জাৱ আৰু হাৰিয়ানাৰ ৩০০ লোকে ভাগৱত গীতাৰ সপ্তাহজোৰা অনুষ্ঠান “ভাগৱত সপ্তাহ’ৰ বাবে ৰামেশ্বৰম ভ্ৰমণ কৰিছিল। সংগ্ৰহালয়টোৰ উপৰিও এ পি জে আব্দুল কালামৰ শৈশৱৰ ঘৰটোও সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে যিটো তেওঁৰ ডাঙৰ ভাতৃয়ে ৰক্ষণাবেক্ষণ কৰে। “এইটো ফটো আৰু পৰিয়ালৰ স্মৃতিচিহ্নৰ সৰু সংকলন। প্ৰতিদিনে কমেও ৪ হাজাৰ লোকে এই স্থান ভ্ৰমণ কৰে।’-শ্বেইখ ছালিমে কয়।
 
ডি আৰ ডি অ’ৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সংগ্ৰহালয়টোত উপকূলীয় চহৰখনৰ এজন বাতৰি কাকতৰ হকাৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ মিছাইল মেন আৰু আটাইতকৈ জনপ্ৰিয় ৰাষ্ট্ৰপতি হোৱালৈকে এপিজে আব্দুল কালামৰ জীৱন যাত্ৰা বৰ্ণনা কৰা হৈছে। ইয়াত ক্ষেপণাস্ত্ৰ, ৰকেট, আৰু কালাম জড়িত থকা পোখ্ৰাণ পাৰমাণৱিক পৰীক্ষাৰ ছবি আৰু মডেল প্ৰদৰ্শন কৰা হৈছে। 
 
উল্লেখ্য যে, ২০০২ চনৰ পৰা ২০০৭ চনলৈ ৰাষ্ট্ৰপতি ভৱনত আছিল ড০ এ পি জে আব্দুল কালাম। পিপলছ প্ৰেচিডেন্টৰ উপাধি লাভ কৰিবলৈ তেওঁ হৈ পৰিছিল দেশৰ আটাইতকৈ প্ৰিয় আৰু সন্মানীয় মুৰব্বী।
 
স্মৃতিসৌধ উদ্বোধন কৰাৰ পাছত ড° এ পি জে আব্দুল কালামৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
কালাম আছিল মহাকাশ অভিযানৰ এজন সন্মানীয় বিজ্ঞানী। তেওঁৰ সৰলতা আৰু দেশ সেৱাৰ প্ৰতি থকা নিষ্ঠাই বহু যুৱক-যুৱতীৰ বাবে এক প্ৰেৰণাদায়ক ব্যক্তিত্ব হৈ পৰিছিল। তেওঁৰ স্মৃতিসৌধৰ ভিতৰত নিৰ্বাচিত ফটো, চিত্ৰ, ক্ষেপণাস্ত্ৰৰ ক্ষুদ্ৰ মডেল আদি দেখা পোৱা যায়। ৰামেশ্বৰমৰ পৰা ১ কিলোমিটাৰতকৈও কম দূৰত্বত এই স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে।
 
সংগ্ৰহালয়টোৰ প্ৰদৰ্শনীত তেওঁৰ জীৱন আৰু কৃতিত্বৰ কাহিনী বৰ্ণনা কৰা হৈছে। মছজিদ ষ্ট্ৰীটত অৱস্থিত প্ৰদৰ্শনীটো পুৱা ৮ বজাৰ পৰা বিয়লি ৭ বজালৈকে খোলা থাকে। এ পি জে আব্দুল কালাম ৰামেশ্বৰমত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈ বিজ্ঞানী হৈ ডি আৰ ডি অ’ আৰু ইছৰোত কাম কৰাৰ পিছত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত তদানীন্তন এন ডি এ চৰকাৰে ভাৰতৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে।
 
২০১৫ চনৰ ২৭ জুলাইত আই আই টি শ্বিলঙৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাত হঠাতে তেওঁ মৃত্যবৰণ কৰে। ৩০ জুলাইত ৰামেশ্বৰমৰ পেই কাৰুম্বুত কালামৰ শেষকৃত্য সম্পন্ন কৰা হয়।

(আজি এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী উপলক্ষে লেখাটো প্ৰকাশ কৰা হ'ল)