শংকৰ কুমাৰ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই চলিত বৰ্ষত ইণ্ডোনেছিয়াৰ দুটা উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছে। এই উৎক্ষেপণৰ সঠিক তাৰিখ আৰু সময় এতিয়াও নিশ্চিত হোৱা নাই যদিও এই অভিযানে ইছৰ’ৰ বিদেশী উপগ্ৰহ সফলতাৰে উৎক্ষেপণৰ প্ৰচেষ্টাক আৰু অধিক সম্প্ৰসাৰিত কৰিব। ১৯৯৯ চনৰ মে’ মাহৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈকে ইছৰোৱে ৪৩০ টাতকৈও অধিক বিদেশী উপগ্ৰহ উৎক্ষেপণ কৰিছে।
ইছৰোৱে এটা দশকৰ ভিতৰত তৃতীয়বাৰৰ বাবে ইণ্ডোনেছিয়াৰ উপগ্ৰহসমূহ উৎক্ষেপণ কৰিব। ভাৰতীয় মহাকাশ সংস্থাই নিজৰ প'লাৰ ছেটেলাইট উৎক্ষেপণ বাহন (PSLV) ব্যৱহাৰ কৰি ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত LAPAN-A2 আৰু ২০১৬ চনৰ ২২ জুনত LAPAN-A3 ইণ্ডোনেছিয়াৰ দুটা উপগ্ৰহ উৎক্ষেপণ কৰে।
এই উৎক্ষেপণে ভাৰতৰ সৈতে চিৰস্থায়ী বন্ধুত্ব আৰু গভীৰভাৱে শিপাই থকা ঐতিহাসিক সম্পৰ্ক থকা ইণ্ডোনেছিয়াক নিজৰ টেলিকমিউনিকেচন, সম্প্ৰচাৰ, আৰু ৰিম’ট চেন্সিং ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিছে। ভাৰতে ইণ্ডোনেছিয়াক টেলিমেট্ৰি, ট্ৰেকিং, এণ্ড কমাণ্ড (টিটিচি) ব্যৱস্থা স্থাপনতো সহায় কৰিছে।
কিন্তু ইছৰোৰ জৰিয়তে ভাৰতৰ মহাকাশ সহযোগিতা কেৱল ইণ্ডোনেছিয়াতে নহয়, নতুন দিল্লীয়ে চৌদি আৰব, ইউ এ ই, বাহৰেইন, কুৱেইট, ওমান, ইজিপ্ত, নাইজেৰিয়া, আলজেৰিয়া, টিউনিছিয়া, মালয়েছিয়া, ব্ৰুনাই, বাংলাদেশ, আৰু মালদ্বীপৰ দৰে ডজনৰো অধিক ইছলামিক দেশৰ মাজত নিজৰ ধনী আৰু প্ৰভাৱ বৃদ্ধি কৰিছে।
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ব্ৰুনাইয়ে ভাৰতৰ সৈতে উপগ্ৰহ আৰু উৎক্ষেপণ বাহনৰ বাবে টেলিমেট্ৰি, ট্ৰেকিং, আৰু টেলিকমাণ্ড ষ্টেচন পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ভাৰতে ব্ৰুনাইত এটা টেলিমেট্ৰি, ট্ৰেকিং, আৰু কমাণ্ড ষ্টেচন স্থাপন কৰিছে আৰু ই ২০০০ চনৰ পৰা ইছৰোৰ তত্বাৱধানত কাম কৰি আহিছে।
তথাপিও প্ৰথমবাৰৰ বাবে মহাকাশ খণ্ডত ভাৰতৰ সৈতে সহযোগিতা সম্প্ৰসাৰণৰ আগ্ৰহ প্ৰকাশ কৰি ব্ৰুনাইয়ে মহাকাশ গৱেষণা, বিজ্ঞান আৰু প্ৰয়োগৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ২০২৪ চনৰ ৩ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী দেশখনলৈ প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰাৰ সময়ত এই চুক্তি স্বাক্ষৰিত হৈছিল। এইদৰে, বিগত দশকত ইছলামিক ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ মহাকাশ সহযোগিতা যথেষ্ট বৃদ্ধি পাইছে।
মহাকাশ বিভাগৰ তথ্য অনুসৰি, ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত মুঠ ৩৯৩টা বিদেশী উপগ্ৰহ আৰু তিনিটা ভাৰতীয় গ্ৰাহক উপগ্ৰহ (Indian customer satellites) ইছৰ’ই উৎক্ষেপণ কৰিছিল। ইয়াৰে আঠটা উপগ্ৰহ মুছলমান প্ৰধান দেশ যেনে ইণ্ডোনেছিয়া, মালয়েছিয়া, কাজাখস্তান, ইউ এ ই, আলজেৰিয়াৰ আছিল। ব্যয়বহুল আৰু সময়সীমাত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষমতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত মহাকাশ শক্তি হিচাপে ভাৰতৰ উত্থানে কেইবাখনো দেশৰ আস্থা লাভ কৰিছে।
শেহতীয়াকৈ ইয়াৰ উদাহৰণ হৈছে ভাৰতৰ চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-৩। ২০২৩ চনৰ আগষ্ট মাহত ই চন্দ্ৰৰ অতি প্ৰত্যাহ্বানজনক দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। এই অভিযানৰ খৰচ আছিল মাত্ৰ ৬০০ কোটি টকা (প্ৰায় ৭৩ মিলিয়ন ডলাৰ)। ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া আৰু চীন চন্দ্ৰ অভিযানত সফল হৈছিল যদিও তেওঁলোকৰ বাজেট বহুত বেছি। উদাহৰণস্বৰূপে, ২০২৩ চনৰ আগষ্ট মাহত দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ বাবে মস্কোৱে ১৬ হাজাৰ কোটি টকা ব্যয় কৰিছিল।
এই অত্যধিক ব্যয়ৰ বিপৰীতে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ খৰচ-বহনক্ষমতা আৰু কাৰ্যক্ষমতাই সকলো দেশক আকৰ্ষিত কৰিছে। ভাৰতীয় মহাকাশ খণ্ডৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহৰ সৃষ্টি কৰা আন এটা মূল কাৰক হ’ল ইছৰোৰ প্ৰযুক্তিগত দক্ষতা। বছৰ বছৰ ধৰি ই অত্যাধুনিক মহাকাশ প্ৰযুক্তি ধাৰাবাহিকভাৱে বিকশিত কৰি আহিছে। ২০১৭ চনত ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাই পিএছএলভি-চি৩৭ অভিযানৰ সহায়ত একেটা অভিযানতে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল।
আমেৰিকা, জাৰ্মানী, নেদাৰলেণ্ড, ছুইজাৰলেণ্ডৰ বাহিৰেও এই উপগ্ৰহসমূহত ইউ এ ই আৰু কাজাখস্তানৰ এটাকৈ উপগ্ৰহ আছিল। কিন্তু ভাৰতৰ এই চমকপ্ৰদ কৃতিত্বৰ পিছত নাইজেৰিয়া, ইজিপ্ত আৰু কেইবাখনো উপসাগৰীয় দেশে ভাৰতৰ সৈতে নিজৰ মহাকাশ কাৰ্যসূচীৰ বিকাশৰ বাবে চুক্তিবদ্ধ হয়। ২০২০ চনৰ আগষ্ট মাহত নাইজেৰিয়াই পৃথিৱীৰ ৰিম’ট চেন্সিং, উপগ্ৰহ যোগাযোগ আৰু উপগ্ৰহ ভিত্তিক নেভিগেচন, মহাকাশ বিজ্ঞান আৰু গ্ৰহ অন্বেষণ, মহাকাশযান, উৎক্ষেপণ যান, মহাকাশ ব্যৱস্থা, আৰু স্থল ব্যৱস্থাৰ ব্যৱহাৰ, ভূ-স্থানীয় সঁজুলি আৰু কৌশলকে ধৰি মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগ আদি ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
ভাৰতৰ মহাকাশ বিভাগ আৰু ইছৰো আৰু নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা আৰু উন্নয়ন সংস্থা (NASRDA)ৰ সদস্যৰে গঠিত এটা যৌথ কৰ্মগোট গঠন কৰা হৈছে, য’ত সময়সীমা আৰু কাৰ্যকৰীকৰণৰ উপায়কে ধৰি কাৰ্য্যৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ২০২৫ চনৰ জানুৱাৰী মাহত ইছৰ’ই নাছাৰ্ডা (NASRDA)ৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে, য’ত ৰিম’ট চেন্সিং, মেপিং, আৰু উপগ্ৰহ বিকাশৰ ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
কিন্তু ইজিপ্ত নিশ্চিতভাৱে নিজৰ মহাকাশ কাৰ্যসূচীৰ প্ৰতি বহুত বেছি অভিলাষী। তেওঁলোকৰ লক্ষ্য হৈছে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আঞ্চলিক শক্তি হোৱা, আৰু ভৱিষ্যতে মানৱবাহী মহাকাশ অভিযানৰ দিশতো কাম কৰা। ২০২৩ চনৰ জানুৱাৰী মাহত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিছিৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত কায়ৰোৱে উপগ্ৰহ আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ নিৰ্মাণ আৰু উৎক্ষেপণৰ ক্ষেত্ৰত ভাৰতৰ বিশেষজ্ঞতা বিচাৰিছিল। দুয়োখন দেশে ৰিম’ট চেন্সিং, উপগ্ৰহ যোগাযোগ, মহাকাশ বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগ আদি ক্ষেত্ৰত কাম কৰিবলৈ সন্মত হয়।
উল্লেখযোগ্য যে ২০০৮ চনত ভাৰত আৰু ইজিপ্তৰ মাজত মহাকাশ ক্ষেত্ৰখনত দ্বিপাক্ষিক সহযোগিতাৰ বীজ ৰোপন কৰা হৈছিল আৰু দুবছৰ পূৰ্বে ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ইয়াক এক শক্তিশালী আকৃতি দিয়া হৈছিল। ইফালে, মহাকাশ খণ্ডত ভাৰত আৰু কুৱেইটৰ সহযোগিতাই আন এক উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে। কুৱেইট ইনষ্টিটিউট অৱ চাইন্টিফিক ৰিচাৰ্চ (KISR)ৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও ভাৰতে কুৱেইটক ইয়াৰ ৰিম’ট চেন্সিং আৰু যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত সহায় কৰি আছে। মহাকাশ বিজ্ঞানৰ গৱেষণা আৰু মহাকাশৰ অন্বেষণৰ ক্ষেত্ৰতো ভাৰতে উপসাগৰীয় দেশখনক সহায় কৰি আছে।
আনহাতে, ওমানে ভাৰতৰ সৈতে মহাকাশ বিজ্ঞান, প্ৰযুক্তি, আৰু পৃথিৱীৰ ৰিম’ট চেন্সিংকে ধৰি প্ৰয়োগৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিছে। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ইছৰোৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পিছৰে পৰা ওমানৰ পৰিবহণ আৰু যোগাযোগ মন্ত্ৰালয়ে ভাৰতীয় মহাকাশ সংস্থাটোৰ সৈতে নিজৰ যোগাযোগ ফলপ্ৰসূ আৰু ফলাফলমুখী কৰি তুলিবলৈ কোনো ক্ৰুটি কৰা নাই। ওমানে ইছৰোৰ পৰা মহাকাশ সম্পৰ্কীয় প্ৰশিক্ষণ বিচাৰিছে; আৰু ভাৰতীয় মহাকাশ সংস্থাক গ্ৰাউণ্ড ষ্টেচন স্থাপন আৰু উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণ কৰিবলৈ কয়।
সামগ্ৰিকভাৱে গ্ল’বেল চাউথৰ মুছলমান দেশসমূহৰ সৈতে ভাৰতৰ মহাকাশ সম্পৰ্কীয় যোগাযোগৰ আকৰ্ষণীয় সত্যটো হ’ল যে এইবোৰ কোনো লেনদেনৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ নতুন দিল্লীৰ সদিচ্ছা আৰু বিশ্বাস গঢ়ি তোলাৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰিহে এই সম্পৰ্ক গঢ় লৈ উঠিছে।
(লেখক শংকৰ কুমাৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু কৌশলগত বিষয়ক লৈ লেখা-মেলা কৰে)