শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যে দিল্লীৰ ৰামলীলা মৈদামত সৰ্বভাৰতীয় আহলে হাদীছ সন্মিলন

Story by  atv | Posted by  [email protected] • 13 d ago
মাৰ্কাজি জমিয়ত আহলে হাদীছ হিন্দৰ সংবাদমেল
মাৰ্কাজি জমিয়ত আহলে হাদীছ হিন্দৰ সংবাদমেল
 
মহম্মদ আক্ৰাম / নতুন দিল্লী

মাৰ্কাজি জমিয়ত আহলে হাদীছ হিন্দৰ উদ্যোগত ২০২৪ চনৰ ৯ আৰু ১০ নৱেম্বৰত দুদিনীয়াকৈ দিল্লীৰ ঐতিহাসিক ৰামলীলা মৈদামত “মানৱতাৰ প্ৰতি সন্মান আৰু বিশ্ব ধৰ্ম” বিষয়ক ৩৫ সংখ্যক সৰ্বভাৰতীয় আহলে হাদীছ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ মূল আকৰ্ষণ হ’ল মছজিদ-ই-নবৱীৰ ইমাম ড০ আব্দুল্লাহ বিন আব্দুৰহমান আল বুইজানৰ অংশগ্ৰহণ।
 
ইছলামৰ পবিত্ৰ স্থানৰ পৰা আহি ইমাম বুইজানে ১০ নৱেম্বৰৰ সন্ধিয়া মাগৰিব আৰু ঈছা নামাজৰ নেতৃত্ব দিব আৰু তাৰ পিছত প্ৰেৰণাদায়ক ভাষণ দিব য’ত তেওঁ ধৰ্মীয় আৰু সামাজিক বাৰ্তা শ্বেয়াৰ কৰিব।
 
মাৰ্কাজি জমিয়ত আলে হাদীছ হিন্দৰ আমিৰ (সভাপতি) মৌলানা আছঘৰ আলী ইমাম মাহদি চালাফীয়ে এই সন্মিলনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, ‘এই সন্মিলনৰ উদ্দেশ্য কেৱল ধৰ্মীয় চিন্তা-চৰ্চাই নহয়, দেশ আৰু মানৱতাৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ বিবেচনা কৰি সমাধানৰ দিশত উদ্যোগ লোৱা। এই সন্মিলনে সকলো ধৰ্মীয়, সামাজিক, আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি ইছলামৰ মৌলিক বাৰ্তা উপস্থাপন কৰিব, যিটো হৈছে সমতা, সন্মান, আৰু মানৱতাৰ সেৱা।” 
 
এই অনুষ্ঠানৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি মৌলানা আছঘৰ আলীয়ে কয় যে বিশ্বৰ সকলো ধৰ্ম আৰু পন্থাই মানৱ জীৱন, সম্পত্তি, সন্মান আৰু বিশ্বাসৰ সুৰক্ষাক সৰ্বোচ্চ বুলি গণ্য কৰে। ইছলামৰ মূল উৎস কোৰান আৰু হাদীছৰ শিক্ষাৰ ভিত্তিত তেওঁ কয় যে ইছলামে প্ৰতিজন মানুহক সন্মান কৰিবলৈ শিকায়, তেওঁ যি পটভূমিৰে নহওক কিয়। 
 
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পণ্ডিত আৰু বক্তাসকলে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত নিজৰ মতামত দাঙি ধৰিব, যাতে সমগ্ৰ দেশৰ প্ৰতিনিধিসকলে এই বাৰ্তা বুজিব পাৰে আৰু সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।
 
ভাৰত আৰু বিদেশৰ বিশিষ্ট ইছলামিক পণ্ডিত, বুদ্ধিজীৱী, ধৰ্মীয় ব্যক্তিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। এই সকলো বক্তাই বিভিন্ন ধৰ্ম আৰু সমাজত মানৱতাৰ গুৰুত্ব আৰু ইয়াৰ সুৰক্ষাৰ নীতিৰ বিষয়ে আলোকপাত কৰিব। তেওঁ ইছলামিক শিক্ষাক সামাজিক সমস্যাৰ সমাধান হিচাপে উপস্থাপন কৰিব, যিটো আজিৰ সময়ত অতি প্ৰাসংগিক।
 
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি আৰু দৰ্শকে ইছলামিক দৃষ্টিকোণৰ পৰা মানৱ সমস্যাৰ এক নতুন দৃষ্টিভংগী লাভ কৰিব, যিটো কেৱল ধৰ্মীয় শিক্ষাৰ বাবেই নহয়, সমাজ সংস্কাৰ আৰু নৈতিক বিকাশৰ বাবেও গুৰুত্বপূৰ্ণ। মৌলানা আছঘৰ আলী ইমাম মাহদীয়ে কয় যে জমিয়ত আহলে হাদীছ হিন্দ প্ৰতিষ্ঠা হোৱাৰ পৰা এতিয়ালৈকে সংগঠনটোৱে মানৱতাৰ মূল্যবোধ আৰু ধৰ্মীয় মূল্যবোধৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে।
 
সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াসকল
 
ইছলামৰ মৌলিক নীতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইছলামৰ বাৰ্তা কেৱল মুছলমানসকলৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে। কোৰান আৰু হাদীছৰ শিক্ষাই আমাক কয় যে প্ৰতিজন ব্যক্তিক সন্মান আৰু সুৰক্ষা দিব লাগিব। ইছলামে প্ৰতিজন মানুহৰ প্ৰতি প্ৰেম, সন্মান আৰু সমতাৰ বাৰ্তা দিয়ে, তেওঁ যি ধৰ্ম বা সমাজৰেই নহওক কিয়।
 
মৌলানা আছঘৰ আলী ইমাম মাহদীয়ে কয় যে ইছলাম আৰু মুছলমানসকল সদায় এই বাৰ্তাৰ প্ৰচাৰক আৰু এই সন্মিলনৰ উদ্দেশ্যও এই বাৰ্তা প্ৰচাৰ কৰা। জমিয়ত-ই-আহলে হাদীছ হিন্দে নিজৰ অস্তিত্বৰ আৰম্ভণিৰে পৰাই উচ্চ আদৰ্শ আৰু মানৱীয় মূল্যবোধৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। মৌলানা আছঘৰ আলীয়ে জানিবলৈ দিয়ে যে জমিয়তৰ সৰ্বভাৰতীয় আহলে হাদীছ সন্মিলনৰ সকলো কাৰ্যসূচী, সেৱা, আলোচনা চক্ৰ, আৰু আয়োজন এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে।
 
উল্লেখ্য যে, এই সংগঠনটোৱে সদায় সমাজৰ প্ৰতিটো শ্ৰেণীলৈ ইছলামৰ মৌলিক নীতি প্ৰচাৰৰ বাবে কাম কৰি আহিছে। জমিয়তৰ এই পদক্ষেপ কেৱল ধৰ্মীয় বিষয়তে সহায়ক হোৱাই নহয় সমাজত নৈতিকতা আৰু সমতা বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ক। মৌলানা আছঘৰ আলীয়ে কয় যে এই সন্মিলনখন দেশ আৰু সমাজত প্ৰচলিত বিভাজনকাৰী শক্তিসমূহৰ মাজত মানৱতা আৰু প্ৰেমৰ বাৰ্তা প্ৰচাৰৰ এক সুযোগ।
 
এই সন্মিলনে দেশ তথা সমাজত ইতিবাচক প্ৰভাৱ পেলাব আৰু ৰাইজে পাৰস্পৰিক ভাতৃত্ববোধ আৰু মানৱতাৰ বাৰ্তা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। সন্মিলনৰ জৰিয়তে তেওঁ সকলো অংশগ্ৰহণকাৰীকে মানৱতাৰ নীতি আৰু ইছলাম প্ৰেমৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছে। জমিয়ত-ই-আহলে হাদীছ বিহাৰৰ উপ-সভাপতি মৌলানা খুৰশ্বিদ মাদানী, মিডিয়া সমন্বয়ক মৌলানা শ্বীছ টাইমী,কে ধৰি বহু বিশিষ্ট ব্যক্তিও এই অনুষ্ঠানত উপস্থিত থাকিব।
 
এই সন্মিলনৰ বাৰ্তা দেশৰ চুকে-কোণে বিয়পাই দিয়াৰ প্ৰয়াস কৰা হ’ব যাতে অধিক সংখ্যক লোকে ইছলামৰ প্ৰকৃত বাৰ্তা বুজিব পাৰে। আজিৰ সমাজত প্ৰচলিত প্ৰত্যাহ্বান আৰু সমস্যাসমূহ বিবেচনাৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে ইয়াৰ উদ্দেশ্য হৈছে ইছলামৰ শিক্ষাসমূহ ভাগ-বতৰা কৰাৰ লগতে সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু প্ৰেমৰ বাৰ্তা প্ৰদান কৰা। ইছলামৰ শিক্ষাৰ বাৰ্তা হ’ল প্ৰতিটো ধৰ্ম আৰু পন্থাৰ সন্মান আৰু সকলোকে সমানে চোৱা উচিত।