ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰৰ নিৰ্বাচনক আকৰ্ষণীয় কৰি তুলিছে প্ৰাক্তন আই এ এছ আফজল আমানুল্লাই

Story by  atv | Posted by  [email protected] • 6 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ছিৰাজ আনোৱাৰ/পাটনা

দিল্লীৰ আড়ম্বৰপূৰ্ণ লুটিয়েনছ জ’নত থকা ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰৰ নিৰ্বাচনত এইবাৰ তীব্ৰ উত্তেজনীপূৰ্ণ হৈ পৰিছে। আগষ্ট মাহৰ প্ৰথম সপ্তাহত চেণ্টাৰৰ সভাপতি আৰু অন্যান্য পদৰ বাবে ভোটদান হ’ব যদিও ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন বিজ্ঞাপন আৰু ভিডিঅ’ মুকলি কৰা হৈছে।
 
বিহাৰৰ প্ৰাক্তন আই এ এছ আফজল আমানুল্লাহৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱাত এই নিৰ্বাচন অধিক আকৰ্ষণীয় হৈ পৰিছে। বিহাৰ চৰকাৰৰ গৃহ সচিব হিচাপে থকা আমানুল্লাহে এতিয়া পাটনা এৰি দিল্লীত বসতি স্থাপন কৰিছে। কিন্তু বিহাৰৰ সৈতে তেওঁৰ সম্পৰ্ক অক্ষত আছে।
 
সমগ্ৰ দেশ আৰু বিশ্বতে বিখ্যাত ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এইগৰাকী দ্বিতীয় বিহাৰী। ইয়াৰ পূৰ্বে বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে থকা শ্বাকীল উজ জামা আনছাৰীয়ে সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিহাৰত ইছলামিক চেণ্টাৰৰ ৩০ৰ পৰা ৩৫জন সদস্য আছে।
 
ইছলামিক কালচাৰেল চেণ্টাৰৰ এইবাৰৰ নিৰ্বাচন আকৰ্ষণীয় হোৱাৰ আন এটা কাৰণ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদেও সভাপতি পদৰ বাবে অৱতীৰ্ণ হৈছে। নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশ বছৰ ধৰি ইছলামিক চেণ্টাৰক শাসন কৰা ছিৰাজুদ্দিন কুৰেছি এইবাৰ সভাপতিৰ দৌৰৰ পৰা আঁতৰি আছে।
 
 
কিন্তু, নিজৰ প্ৰভাৱ বজাই ৰাখিবলৈ তেওঁ ড০ মজিদ আহমেদ তালিকোটিক নিৰ্বাচনত নমাইছে। এই পদৰ বাবে ৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে যদিও এই তিনিজন প্ৰাৰ্থীক লৈ অধিক চৰ্চা চলিছে। যদি এই পৰিস্থিতি শেষলৈকে চলি থাকে তেন্তে নিৰ্বাচনত ত্ৰিকোণীয় যুঁজৰ সম্ভাৱনা আছে।
 
উল্লেখ্য যে, চেণ্টাৰৰ মুঠ সদস্য ৪২০০ কিন্তু ভোটাধিকাৰ থকা সদস্যৰ সংখ্যা ২০০০ তকৈ অধিক। ইয়াত প্ৰায় ৩০০ হিন্দু ভোটাৰ আছে, যিয়ে ১১ আগষ্টত নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব। নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া ১৮ জুনত সমাপ্ত হৈছে। নিৰ্বাচন প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত অনুষ্ঠিত হ'ব।
 
ইছলামিক চেণ্টাৰৰ বৃহৎ সংখ্যক সদস্য বহিঃৰাজ্যত থকাৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে দুমাহ সময় ৰখা হৈছে। সমগ্ৰ দেশৰ জনসাধাৰণে এই নিৰ্বাচনৰ ওপৰত চকু ৰাখিছে। ইয়াত বিহাৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কাৰণ বিহাৰৰ এশজন ভোটাৰ দিল্লীত আছে।
 
ইছলামিক কেন্দ্ৰৰ বাছনি বহু দিশত গুৰুত্বপূৰ্ণ। বৌদ্ধিক মুছলমানৰ এইটোৱেই একমাত্ৰ সংগঠন, য'ত ধৰ্মীয় হস্তক্ষেপ একেবাৰে নগণ্য। ১৯৮০ চনত ইছলামৰ ১৪০০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে উদযাপন চলি আছিল। তেনে সময়তে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰে উপ-ৰাষ্ট্ৰপতি ন্যায়াধীশ হিদয়াতুল্লাহ খানৰ নেতৃত্বত এখন সমিতি গঠন কৰে, য’ত প্ৰথমবাৰৰ বাবে এনে এটা কেন্দ্ৰ গঠনৰ পৰামৰ্শ দিছিল।
 
 
১৯৮১ চনত পঞ্জীয়ন হোৱা এই সমিতিৰ মুৰব্বী আছিল হাকিম আব্দুল হামিদ। চৰকাৰে ইয়াৰ বাবে আবণ্টন দিছিল ৮ হাজাৰ গজ মাটি। ইন্দিৰা গান্ধীয়ে ১৯৮৪ চনৰ ২৪ আগষ্টত ইয়াৰ আধাৰশিলা স্থাপন কৰে। ১৯৯৬ চনৰ পৰা নতুন ভৱনটোৰ নিৰ্মাণ আৰম্ভ হয় আৰু ২০০৬ চনৰ ১২ জুনত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ইছলামিক কালচাৰেল চেণ্টাৰৰ নতুন ভৱনটো উদ্বোধন কৰে। ভৱনটো যথেষ্ট ধুনীয়া, য’ত ইৰাণৰ প্ৰভাৱ আছে।
 
এই কেন্দ্ৰটোত বহা কোঠা, দুটা প্ৰেক্ষাগৃহ, কফি হাউচ, ৰেষ্টুৰেণ্ট, পুথিভঁৰাল আৰু বহুতো সুবিধা আছে। ইয়াত সদস্যপদ সকলো ধৰ্মৰ লোকক দিয়া হয় আৰু ইয়াত অ-মুছলমান সদস্যৰ সংখ্যাও কম নহয়। ইয়াত ঈদৰ পৰা দীপাৱলী, বৰদিনলৈকে সকলো ধৰ্মৰ গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰা হয়, যিটো ভাৰতৰ উমৈহতীয়া ঐতিহ্যৰ সৈতে মিল আছে।
 
ইছলামিক চেণ্টাৰ এটা সাংস্কৃতিক কেন্দ্ৰ, যিটো ভাৰতৰ মুছলমানসকলৰ এক বিশেষ পৰিচয়। ইয়াত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কাৰ্যবাহী নিৰ্বাচন অনুষ্ঠিত হয়। মুঠ ৪টা পদৰ বাবে ১৩ জন লোক নিৰ্বাচিত হ’ব, য’ত ১ জন সভাপতি, ১ জন উপ-সভাপতি, ৭ জন সদস্য ট্ৰাষ্টী আৰু ৪ জন কাৰ্যবাহী সদস্য নিৰ্বাচিত হ’ব।
 
 
ভাৰত চৰকাৰৰ প্ৰাক্তন সচিব, অৱসৰপ্ৰাপ্ত আই এ এছ আফজল আমানুল্লাহ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ছলমান খুৰশ্বিদ, ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত আই আৰ এছ আব্ৰাৰ আহমেদ, আছিফ হাবিব, ডাঃ মজিদ আহমেদ তালিকোটি, ৱাছিম ​​আহমেদ গাজী, চুহেইল হিন্দুস্তানী আদি সভাপতি পদৰ প্ৰাৰ্থী।
 
একেদৰে, উপ-সভাপতি পদৰ বাবে আহমেদ ৰাজা, বদৰুদ্দিন খান, আফ্ৰ’জুল হক, আছিফ কমল, কালিমুল হাফিজ, মহম্মদ ফুৰকান, মোদাছিৰ হায়াতে মনোনয়ন দাখিল কৰিছে।
 
উল্লেখ্য যে, আফজল আমানুল্লাহ হৈছে প্ৰয়াত সাংসদ চৈয়দ চাহাবুদ্দিনৰ জোঁৱাই আৰু বিহাৰৰ প্ৰাক্তন মন্ত্ৰী পাৰবীন আমানুল্লাহৰ স্বামী। যোৱা বছৰ পাৰবীন আমানুল্লাহৰ মৃত্যু হৈছিল। আফজল আমানুল্লাহ বিহাৰৰ অন্যতম জনপ্ৰিয় বিষয়া হিচাপে পৰিগণিত হৈছে।
 
বিহাৰত তেওঁ গৃহ সচিবৰ পৰা স্বাস্থ্য সচিবলৈকে গুৰু দায়িত্ব চম্ভালিছে। কেন্দ্রীয় চৰকাৰৰ বহু বিভাগৰ সচিব হিচাপেও আফজল আমানুল্লাহে কাম কৰি আহিছে৷ অৱসৰৰ পিছত নীতিশ চৰকাৰে তেওঁক বিহাৰ ৰেৰাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।
 
 
আফজল আমানুল্লাহ ডুমকাৰ ডি এমও আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ এহছান আমানুল্লাহ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। আফজল আমানুল্লাহে কোভিডৰ সময়ত সমাজক সতৰ্ক কৰি দিয়া আৰু সহায় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অসম, বিহাৰ আৰু পশ্চিমবংগৰ নিঃস্ব শিশুসকলৰ বাবে তেওঁ বহু কাম কৰিছে।
 
আফজল আমানুল্লাহ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ প্ৰাক্তন ছাত্ৰ, যিয়ে অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা তেওঁ অৰ্থনীতিত এম.এ সম্পূৰ্ণ কৰিছে। আফজল আমানুল্লাহে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ আৰু পাটনা বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।
 
বিহাৰত তেওঁ জলসম্পদ, নগৰ উন্নয়ন আৰু সংখ্যালঘু কল্যাণ বিভাগ আদিৰ গৃহ সচিব আৰু প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আমানুল্লাই কেন্দ্ৰত প্ৰথম কাৰ্যকালত চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালক আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে।