পৰিৱেশ অনুকূল গণপতি মূৰ্তিৰে নতুন ট্ৰেণ্ড সৃষ্টি কৰিছে কৌছৰ শ্বেখে

Story by  atv | Posted by  [email protected] • 16 h ago
পৰিৱেশ অনুকূল গণপতি মূৰ্তিৰে নতুন ট্ৰেণ্ড সৃষ্টি কৰা মৃৎশিল্পী কৌছৰ শ্বেখ
পৰিৱেশ অনুকূল গণপতি মূৰ্তিৰে নতুন ট্ৰেণ্ড সৃষ্টি কৰা মৃৎশিল্পী কৌছৰ শ্বেখ
 
 
প্ৰজ্ঞা শিন্দে/পুনে

"মোৰ নাম মহম্মদ কৌছৰ শ্বেখ। মই ভগৱান গণপতিৰ মূৰ্তি বনাওঁ।"-এগৰাকী মৃশিল্পীৰ এনে মন্তব্য শুনি বহুত লোক আচৰিত হ'লেও বহুসংস্কৃতি আৰু বহুধৰ্মীয় ভাৰতত পৰম্পৰাগত উৎসৱ উদযাপনৰ সময়ত দেশবাসীৰ এনে একতা-সম্প্ৰীতি বিৰল পৰিঘটনা নহয়।
 
এইবাৰৰ গণেশ উৎসৱতো দেখা গ’ল ৪০ বছৰীয়া মহম্মদ কৌছৰ শ্বেখৰ কৰ্মৰাজিত একে ঐক্য আৰু ধৰ্মীয় সমন্বয়। মুম্বাইৰ সমীপৰ ভয়ান্দৰত বাস কৰা কৌছাৰে বিগত ২২ বছৰে গণপতিৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে। বহু ভাস্কৰ্য্যশিল্পীয়ে প্লাষ্টাৰ অৱ পেৰিছ (POP) ব্যৱহাৰ কৰাৰ বিপৰীতে কৌছাৰে মাটিৰ মূৰ্তি নিৰ্মাণ কৰাটো পছন্দ কৰে।
 
পেৰিছৰ প্লাষ্টাৰৰ মূৰ্তিবোৰ আকৰ্ষণীয় দেখা যায় যদিও ইয়াৰ ফলত পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে। পি অ’ পি পানীত সহজে দ্ৰৱীভূত নহয়, যাৰ বাবে মূৰ্তি বিসৰ্জনৰ পিছত পানী প্ৰদূষিত হয় আৰু জীৱ-জন্তুৰ ক্ষতি হয়। যিহেতু পি অ’ পিয়ে পানীত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰাৰ প্ৰৱণতা থাকে, সেয়েহে মাছ আৰু অন্যান্য জীৱ-জন্তুৰো মৃত্যু হয়।
 
হাতৰ পৰশেৰে গণেশৰ মূৰ্তিক প্ৰাণ দিছে কৌছৰ শ্বেখে
 
তদুপৰি, ক্ষতিকাৰক আৰু পৰিৱেশৰ প্ৰতি বিপজ্জনক পি অ’ পি শুকুৱাবলৈ ৰাসায়নিক ৰং আৰু অন্যান্য ক্ষতিকাৰক মৌল ব্যৱহাৰ কৰা হয়। গতিকে পি অ’ পিৰ  সহায়ত নিৰ্মাণ কৰা মূৰ্তিবোৰে পৰিৱেশ ধ্বংসৰ ক্ষেত্ৰত শ্ল' পইজনৰ দৰে কৰে, যাৰ দীৰ্ঘম্যাদী প্ৰভাৱ অতি মাৰাত্মক।
 
এই কথা মনত ৰাখি কেইবছৰমানৰ আগতে কৌছৰে POP মূৰ্তি নিৰ্মাণ বন্ধ কৰি পৰিৱেশ অনুকূল মাটিৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। পৰিৱেশ ৰক্ষাৰ বাবেই তেওঁ এই পৰিৱৰ্তন কৰিছে। এই বছৰ তেওঁ ৭০-৮০টা পৰিৱেশ অনুকূল গণেশ মূৰ্তি নিৰ্মাণ কৰিছে, যিবোৰ মানুহে আদৰি লৈছে। তেওঁৰ এই পদক্ষেপক পৰিৱেশ সুৰক্ষাৰ এক বৃহৎ প্ৰচেষ্টা বুলি গণ্য কৰা হৈছে। ই আন ভাস্কৰ্য শিল্পীসকলকো পৰিৱেশ অনুকূল মূৰ্তি নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিছে।
 
কৌছৰে কয়, "পেৰিছৰ প্লাষ্টাৰৰ মূৰ্তিয়ে পৰিৱেশৰ যথেষ্ট ক্ষতি কৰে। পি অ' পি মূৰ্তিৰ ওপৰত নিষেধাজ্ঞা আছে যদিও ই কেৱল কাগজ-কলমতে সীমাবদ্ধ।" 
 
উল্লেখ্য যে, তেওঁৰ মাটিৰ মূৰ্তিসমূহ কেৱল পৰিৱেশ-অনুকূলে নহয়, কলাত্মকভাৱেও উন্নত মানৰ। মহম্মদ কৌছাৰ শ্বেখে ​​কেৱল পৰিৱেশৰ ক্ষতি ৰোধ কৰিবলৈ পৰিৱেশ অনুকূল গণপতিৰ মূৰ্তি নিৰ্মাণ কৰাই নহয়, তেওঁ সংস্থাপনৰো ব্যৱস্থা কৰে।
 
তেওঁ কয়, "বৰ্তমান সমাজত দৰিদ্ৰতা ব্যাপক ৰূপত দেখা গৈছে আৰু বহুতৰে হাতত কাম নাই। মোৰ ব্যৱসায়ৰ জৰিয়তে মই বহু লোকক নিয়োগ কৰিবলৈ চেষ্টা কৰিছো। যেতিয়া পি অ' পি মূৰ্তিৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হ'ব, তেতিয়াহে মাটিৰ মূৰ্তি নিৰ্মাণ কৰা শিল্পীসকলে উপযুক্ত কৰ্মসংস্থাপন লাভ কৰিব পাৰিব।"
 
কৌছৰ শ্বেখৰ গণেশ মূৰ্তি নিৰ্মাণৰ কাম কেৱল এটা ঋতুতে নহয়, গোটেই বছৰটো তেওঁ এই কামত ব্যস্ত হৈ থাকে। তেওঁ আত্মবিশ্বাসেৰে কয়, "গণেশৰ মূৰ্তি নিৰ্মাণ কৰাৰ মোৰ বহুত ইচ্ছা আছিল। মই এই ইচ্ছা পূৰণ কৰি আছো আৰু কৰি যাম। যেতিয়া মোৰ হিন্দু ভাইসকলে মোৰ পৰা মূৰ্তি কিনিবলৈ আহে, তেতিয়া মই সন্তুষ্টি পাওঁ। মূৰ্তি নিৰ্মাণ কৰি মই মোৰ ঘৰ চলাইছো, গতিকে মই এই কাম কেতিয়াও বন্ধ নকৰো।"
 
গণেশ চতুৰ্থীৰ বাবে গণপতিৰ মূৰ্তি প্ৰস্তুত কৰি সময়ত কৌছৰ শ্বেখ
 
তেওঁ আৰু কয়, "এই ব্যৱসায়ৰ বাবে মই বহু আৰ্থিক সংকট অতিক্ৰম কৰিছো। মোৰ কামৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। ইয়াত ধৰ্ম কোনো বাধা নহয়। জাতি-ধৰ্ম নিৰ্বিশেষে নিজৰ শিল্পৰ জৰিয়তে মানুহক সুখ দি মই সন্তুষ্টি লাভ কৰো। ব্যৱসায়ৰ জৰিয়তে মই দেখুৱাইছো যে শিল্পৰ কোনো ধৰ্ম নাই।"
 
বৰ্তমান সময়ত সমাজৰ কিছুমান অপশক্তিয়ে ধৰ্মীয় উত্তেজনা আৰু বহু ভুল বুজাবুজি বিয়পাই আছে। এই সন্দৰ্ভত কৌছাৰ ভাইয়ে কয়, "হিন্দু আৰু মুছলমানৰ মাজত বৈষম্য কৰা ৰাজনীতিৰ পৰা আমি আঁতৰি থকা উচিত। গণপতিৰ মূৰ্তি নিৰ্মাণৰ বাবে মই বহুবাৰ সমালোচনাৰ সন্মুখীন হৈছো, কিন্তু মই এই কথাক আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰি আছো।"
 
তেওঁ আৰু কয়, "বহুতে ভোটৰ বাবে হিন্দু-মুছলমান উত্তেজনাৰ সৃষ্টি কৰে। কিছুমান মানুহ এই প্ৰতাৰণাৰ বলি হয়। কিন্তু মোৰ বাবে ৰাজনীতি আৰু মোৰ কাম দুটা বেলেগ বিষয়। মই ৰাজনীতিৰ কথাও নাভাবো। ৰাজনীতিতকৈ মই নিজৰ ব্যৱসায়ৰ জৰিয়তে সৃষ্টি কৰা সমন্বয়ক অধিক গুৰুত্ব দিও।"
 
ভাস্কৰ্য শিল্পী হিচাপে কৌছাৰৰ এই কামক গণেশ ভক্তসকলে অতিশয় শলাগ লৈছে। সামাজ আৰু পৰিবেশৰ প্ৰতি তেওঁ সচেতনা আৰু উদাৰ দৃষ্টিভংগীৰ বাবে গণেশ ভক্তসকলে তেওঁক অতি শ্ৰদ্ধাৰ ব্যক্তি হিচাপে গণ্য কৰে।