মাত্ৰ ১০০ টকাত ডায়েলাইছিছৰ ব্যৱস্থা কৰি বহু ৰোগীৰ জীৱন ৰক্ষা কৰা কলকাতাৰ চিকিৎসক-ৰাজনীতিবিদ ডাঃ ফুৱাদ হালিম

Story by  atv | Posted by  [email protected] • 3 d ago
কলকাতাৰ চিকিৎসক-ৰাজনীতিবিদ ডাঃ ফুৱাদ হালিম
কলকাতাৰ চিকিৎসক-ৰাজনীতিবিদ ডাঃ ফুৱাদ হালিম

মনছুৰুদ্দিন ফৰিদী /মঃ ছামিম হোছেইন (কলকাতা)

মাত্ৰ ১০০ টকাত ডায়েলাইছিছ; অবিশ্বাস্য যেন লাগিলেও এয়া কিন্তু সঁচা। কলকাতাৰ এজন চিকিৎসকৰ এনে এক অভিনৱ সেৱাই হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছে। বৃক্কৰ বিসংগতি ঘটা বা বৃক্ক বিকল হৈ পৰা যিসকল ৰোগীয়ে ব্যয়বহুল চিকিৎসা ব্যয় বহন কৰিবলৈ সামৰ্থ্যৱান নহয়, তেওঁলোকৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই অনা এই অভিযানৰ আঁৰৰ মানুহজন হৈছে ডাঃ ফুৱাদ হালিম। তেওঁ এজন কমিউনিষ্ট ৰাজনীতিবিদ, যিয়ে চিকিৎসক হিচাপে মানুহক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে।

মানুহৰ জীৱন ৰক্ষা কৰিবলৈ আৰু এটা পৰিয়ালৰ আশা জীয়াই ৰাখিবলৈ তেওঁ প্ৰায় ২০ বছৰ আগতে কিছুমান সমনীয়া চিকিৎসকৰ সৈতে মিলি এই পদক্ষেপ আৰম্ভ কৰিছিল। প্ৰতিদিনে চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ যুগত ডাঃ ফুৱাদ হালিমৰ এই পদক্ষেপ সমাজৰ বাবে যথেষ্ট উপকাৰী বিবেচিত হৈছে।

চিকিৎসাৰ বৰ্ধিত খৰচৰ সৈতে মোকাবিলা কৰিবলৈ দৰিদ্ৰ লোকৰ ক্ৰমাৎ বৃদ্ধি পোৱা হতাশাৰ প্ৰতি সঁহাৰি জনাই ডাঃ ফুৱাদ হালিমে প্ৰথমতে ডায়েলাইছিছৰ চাৰ্জ ৬০০ টকা নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া ১০০ টকালৈ ইয়াক হ্ৰাস কৰা হৈছে। 

আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত ৫৪ বছৰীয়া ডাঃ ফুৱাদ হালিমে কয় যে তেওঁৰ মিছনৰ আঁৰৰ একমাত্ৰ লক্ষ্য হৈছে বিপদত পৰা পৰিয়ালসমূহক সহায় কৰা আৰু চিকিৎসাৰ নামত ৰোগীক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা কৰা।
 

ৰক্তদানৰ সময়ত ডাঃ ফুৱাদ হালিম
 
উল্লেখ্য যে, মানৱদৰদী ডাঃ ফুৱাদ হালিম ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁৰ সামাজিক মনোভাৱ আৰু ৰাজনৈতিক বিশ্বাস প্ৰায় উত্তৰাধিকাৰী সূত্ৰে পোৱা যায়। কাৰণ তেওঁৰ পিতৃ হাছিম আব্দুল হালিম দুই দশকৰো অধিক সময় বাওঁপন্থী নেতা আৰু বংগ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল।

আমোদজনক কথাটো হ’ল তেওঁৰ পত্নী ছাইৰা শ্বাহ হালিমে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত চি পি আই (এম)ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে তেওঁ পৰাজয়ৰ সন্মুখীন হয়। ডাঃ ফুৱাদ হালিমেও ২০২১ চনৰ বিধানসভা নিৰ্বাচন আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু তেওঁ প্ৰচাৰৰ সময়ত ৰাজনীতিৰ কথা উত্থাপন কৰাৰ পৰিৱৰ্তে দুখীয়াসকলৰ দুখ আৰু সমস্যাবোৰ সম্বোধন কৰাৰ কথা আলোচনা কৰিছিল।

কলকাতাত জন্মগ্ৰহণ কৰা ফুৱাদ হালিমে ছেইণ্ট এন্থনী স্কুল আৰু পিছলৈ ছেইণ্ট জোচেফ কলিত অধ্যয়ন কৰিছিল। নীল ৰতন চৰকাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে আৰু পিছলৈ হায়দৰাবাদৰ ৰয়েল কলেজৰ এপ’ল’ গ্ৰুপৰ অধীনত ফেল’শ্বিপ কৰিছিল।

ফুৱাদ হালিমে কয় যে তেওঁ এই পদক্ষেপ আৰম্ভ কৰি ইয়াক বজাই ৰাখিব পাৰিছিল কেৱল তেওঁৰ সমমনা বন্ধু আৰু সমৰ্থকসকলৰ সহায়ৰ বাবে। তেওঁৰ মতে দুখীয়াৰ বাবে কাম কৰাটো তেওঁৰ অভিযানৰ মূল স্তম্ভ। 
 

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়ত ডাঃ ফুৱাদ হালিম
 
ক'ভিড মহামাৰীৰ সময়ত ডাঃ ফুৱাদ হালিম মিছন মুডত কাম কৰিছিল আৰু ৫০ টকাৰ মাচুলৰ বিনিময়ত প্ৰায় ২৪,০০০ ৰোগীৰ ডায়েলাইছিছ সম্পন্ন কৰিছিল। তেতিয়া ক’ভিড ৰোগীৰ অতিৰিক্ত বোজাৰ বাবে নিয়মীয়া ৰোগীৰ বাবে চিকিৎসালয় বন্ধ হৈ আছিল আৰু মানুহৰ আয় ভয়ংকৰভাৱে হ্ৰাস পাইছিল।

‘বৰ্তমান আমি প্ৰতি ডায়েলাইছিছত ১০০ টকা গ্ৰহণ কৰো। আপুনি জানি আচৰিত হ’ব যে আমি যেতিয়া এই অভিযান আৰম্ভ কৰিছিলো তেতিয়া প্ৰতি ডায়েলাইছিছৰ মূল্য আছিল ৬০০ টকা। দুবছৰৰ পাছত আমি ৫৫০ টকালৈ হ্ৰাস কৰিলোঁ। ২০০৯ চনত ৫০০ টকালৈ হ্ৰাস পালে। পৰৱৰ্তী দুবছৰত ৪৫০ টকা হ’ল। ক’ভিডৰ আগতে আমি ৩০০ টকাত ডায়েলাইছিছৰ ব্যৱস্থা কৰি আছিলো। মহামাৰীৰ সময়ত আৰু অধিক হ্ৰাস কৰি ৫০ টকা কৰা হৈছিল। আজি ডায়েলাইছিছৰ এটা ছেচনৰ মাচুল হৈছে ১০০ টকা।”-ডাঃ ফুৱাড হালিমে কয়। 

উল্লেখ্য যে, ডাঃ ফুৱাদ হালিমে নামমাত্ৰ মাচুলৰ বিনিময়ত মানুহৰ চকুৰ ছানি আঁতৰোৱাত সহায় কৰাৰ বাবেও এক অভিযান আৰম্ভ কৰিছিল। ‘২০০৪ চনত আমি মানুহৰ দৃষ্টিশক্তি শুধৰাবলৈ ৩,০০০ টা কেটাৰেক্ট অপাৰেচন কৰিছিলো। ইয়াৰ পিছতে ৰক্তদানৰ ওপৰত আমি এক এক অভিযান চলাইছিলো। তাৰ পিছত আমি আমাৰ ডায়েলাইছিছ মিছন আৰম্ভ কৰিলোঁ। আজি শ শ ৰোগীয়ে আমাৰ চেণ্টাৰত ডায়েলাইছিছ কৰি আছে।’”-তেওঁ কয়। 

৮২ বছৰীয়া পুৰণি সংস্থা পিপলছ ৰিলিফ কমিটিৰ সহযোগত ডাঃ ফুৱাদ হালিমৰ ডায়েলাইছিছ অভিযান আৰম্ভ কৰা হৈছিল। “ইয়াৰ সভাপতি হিচাপে মই ইয়াৰ কম খৰচী স্ক্ৰীনিং পৰীক্ষা, চিকিৎসা আৰু নাৰ্চিং হোম প্ৰদানৰ সকলো মিছন চোৱাচিতা কৰোঁ, য’ত মানুহক কম খৰচী চিকিৎসা প্ৰদান কৰা হয়।”-ডাঃ হালিমে জানিবলৈ দিয়ে।

তেওঁ কয় যে চিকিৎসক আৰু ৰাজনীতিবিদ হিচাপে তেওঁৰ ভূমিকাত কোনো মিশ্ৰণ নাই। “ মোৰ জীৱনত দুটা পক্ষ নাই; মই যি চিন্তাৰে ডাক্তৰ হৈছো, সেই একে সেৱাৰ মনোভাৱেৰে ৰাজনীতিও কৰিছো।”-ডাঃ হালিমে কয়। 

তেওঁ কয় যে বৃক্কৰ ৰোগত আক্ৰান্ত ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ হ’লে সঠিক সময়ৰ বাবে সঠিক ডায়েলাইছিছ কৰাটো গুৰুত্বপূৰ্ণ। যদি কোনো ব্যক্তিয়ে হাফ ডায়েলাইছিছ কৰে তেন্তে তেওঁৰ জীৱনৰ মানদণ্ড ভাল নহ’ব; তেওঁৰ জীৱন উন্নত নহ’ব।
 
ডাঃ হালিমৰ চেণ্টাৰত ডায়েলাইছিছ কৰি আছে এগৰাকী ৰোগীয়ে
 
‘আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল মানুহে নিজৰ খৰচ চম্ভালিব নোৱাৰে। গতিকে আমাৰ মূল ধাৰণা যে আমি ডায়েলাইছিছৰ খৰচ কম কৰিম। সেইবাবেই আমি ডায়েলাইছিছৰ খৰচ কমোৱাৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ, য’ত দানেও মুখ্য ভূমিকা পালন কৰে।”-ডাঃ হালিমে কয়। 

ডাঃ হালিমৰ সমাজ সেৱাৰ প্ৰতি আগ্ৰহ সম্ভৱতঃ তেওঁৰ পাৰিবাৰিক পটভূমিৰ পৰাই আহিছে য’ত ৰাজনীতি হৈছে জনসাধাৰণৰ সেৱাৰ এক উপায়। তেওঁৰ ককাকে ১৯২৫ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে কলকাতা নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰ পিছত তেওঁৰ পিতৃ হাছিম আব্দুল হালিমে কমিউনিষ্ট পাৰ্টিত যোগদান কৰি এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে তৃণমূল পৰ্যায়ত কাম কৰে।

ডাঃ ফুৱাদ হালিমে কয়, “মোৰ ৰাজনৈতিক জীৱন চিকিৎসা পদ্ধতিৰ পৰা পৃথক নহয়। মই একেজন মানুহ আৰু মোৰ চিন্তাও একেই। মোৰ সেৱা আৰু মোৰ ৰাজনীতিৰ ভিত্তি একে। মই মানুহক এটা বৈপ্লৱিক চিন্তাৰ ফল বুলি গণ্য কৰোঁ। কাৰণ আমাৰ লক্ষ্য হৈছে সকলো মানুহৰ স্বাস্থ্যৰ অধিকাৰ থাকিব লাগে। যিহেতু মানুহে সমস্যাৰ সন্মুখীন হৈছে, গতিকে মই এইবোৰক যিমান পাৰি সমাধান কৰিবলৈ চেষ্টা কৰো। মই এইটোও উপলব্ধি কৰিছোঁ যে এজন ব্যক্তিয়ে অকলে পৃথিৱীখন সলনি কৰিব নোৱাৰে; গতিকে মোৰ বন্ধুসকলৰ সহযোগত আমি একেলগে আগবাঢ়িছো। তেওঁলোক মোৰ শক্তি আৰু সাহস। সকলোৰে পৰা যথেষ্ট সমৰ্থন আৰু সহায় লাভ কৰিছো।”