চিত্তৰঞ্জন ওজা
অসম প্ৰকাশন পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ১৯৮৪ চনৰ ২৯ ডিচেম্বৰত জজ খেলপথাৰত আৰম্ভ কৰিবলৈ লোৱা প্ৰথমখন গ্ৰন্থমেলাৰ কথা আজিও মনত পৰে। তেতিয়া কটন মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা দলে-বলে প্ৰতিদিনে গ্রন্থমেলা প্ৰাংগণত ভুমুকি মাৰিছিলো। আবেলিৰ পৰা বিপণীসমূহ বন্ধ হোৱালৈ কিতাপৰ পাত লুটিয়াইছিলো।
সামর্থ্য অনুযায়ী গ্রন্থ কিনিছিলো। তেতিয়া দেখিছিলো দূৰ-দূৰণিৰ পৰা মানুহ আহি গাঁঠিৰ ধন ভাঙি কিতাপ কিনিছিল। গ্রন্থমেলাই যেন অসমলৈ এক গ্ৰন্থ অধ্যয়নৰ পৰিবেশ আনি দিছিল। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা পুথিভঁৰালৰ বাবে গ্ৰন্থ সংগ্ৰহ কৰিবলৈও মানুহৰ আগমন ঘটিছিল। মন কৰিবলগীয়া কথা যে ছয় বছৰীয়া অসম আন্দোলনে সামগ্রিকভাৱে গ্রন্থ অধ্যয়নৰ পৰিবেশ বিনষ্ট কৰা সময়তে এই গ্রন্থমেলা প্ৰতি বছৰে পাতিবলৈ লয় আৰু ইয়ে ছাত্র-ছাত্রীকে ধৰি সাধাৰণ পঢ়ুৱৈৰ মাজত গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত বিশেষ অৰিহণা যোগাইছিল।
সময়ৰ লগে লগে গ্ৰন্থমেলাৰ আগৰ ঐতিহ্য হ্রাস পাবলৈ ধৰে। মানুহৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ কমিবলৈ লয়। গ্রন্থমেলালৈ যথেষ্ট মানুহ আহে, কিন্তু তাৰ অধিকসংখ্যকে গ্রন্থ কিনিবলৈ নহয়, ফুড ক'ৰ্টত কফি, চাহ, চাওমিন খাই সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ ওভতাহে দেখিবলৈ পোৱা যায়। গ্ৰন্থমেলাৰ কেইদিন সাহিত্যবিষয়ক আলোচনাচক্রত একেবাৰে কম সংখ্যক মানুহৰ উপস্থিতি লক্ষ্য কৰা যায়। গ্রন্থ উন্মোচন থকা সভাগৃহ দুটাত মানুহৰ সংখ্যা তেনেই তাকৰ। কোনদিনাখন কোনখন গ্ৰন্থ উন্মোচন হ'ব তাক জনাৰ উপায় নাছিল।
অধ্যয়নৰ পৰিবেশৰ বিপৰীতে মাথোঁ মেলামুখী পৰিবেশ বিৰাজ কৰা দেখা গৈছিল। এইবাৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৭ ডিচেম্বৰৰ পৰা গ্ৰন্থমেলা পাতিবলৈ লোৱা হৈছে। ইয়াৰ পৰা গ্ৰন্থমেলাখন উপকৃত হ'ব বুলি ভাবো।
গ্ৰন্থ বিপণীত একাংশ শিক্ষাৰ্থীয়ে পচন্দৰ কিতাপৰ সন্ধান কৰিছে
উজনি আৰু নামনি অসমৰ পৰা গ্ৰন্থপ্রেমী ৰাইজে খানাপাৰালৈ আহিবলৈ সুবিধা হ'ব। চহৰৰ যানজটত সোমোৱাৰ প্ৰয়োজন নাই। পথাৰখন যিহেতু চানমাৰিতকৈ ডাঙৰ, বিপণীৰ সংখ্যা বৃদ্ধি হোৱাৰ সুবিধা আছে। বিপণীসমূহ আহল-বহল কৰি সহজে মানুহে কিতাপসমূহত ব্ৰাউজিং কৰাৰ সুবিধা পাব । নিজৰ ৰুচি অনুযায়ী কিতাপ কিনাৰ সুযোগ লাভ কৰিব। ব্যক্তিগত গাড়ীসমূহ পাকিঙৰ বাবে পর্যাপ্ত ঠাই আছে। ওচৰতে ভাল হোটেল, ভাল ৰেষ্টুৰেণ্ট আছে, মানুহৰ থকা-খোৱাৰ কোনো অসুবিধা নাই। বৌদ্ধিক আড্ডাৰ বাবে কফি হাউছ কেইখনমানো খুলিব পৰা যায়।
আশাকৰা হৈছে এইবাৰৰ গ্ৰন্থমেলা সফল হওক। গ্রন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টি হওক, অসমতো গ্রন্থ উদ্যোগ গঢ় লৈ উঠক। এইখিনিতে এটা প্রশ্ন মনলৈ আহে গ্ৰন্থমেলাখন প্রকৃততে কেনে হোৱা উচিত। তাৰ উত্তৰ বিচাৰি আমি বিশ্ব প্রেক্ষাপটত গ্ৰন্থমেলা এখনৰ বিষয়ে জানি লোৱা ভাল হ'ব। প্ৰায় দুটা দশক আগতে সৌৰভ কুমাৰ চলিহাই এটা প্ৰবন্ধত ফ্রাংকফুট গ্রন্থমেলাৰ বিষয়ে উল্লেখ কৰা মনত পৰে। এইখন হৈছে বিশ্বৰ সবাতোকৈ বৃহৎ গ্রন্থমেলা।
প্ৰতিবছৰে অক্টোবৰৰ মাজভাগত পতা এই গ্রন্থমেলাখন ৪০ লাখ বর্গ ফুট এলেকাত পতা হয়। ১৫৩ খন দেশৰ চাৰি হেজাৰৰ ওপৰত বিপণী থকা গ্ৰন্থমেলাখন এইবাৰ ১৬-২০ অক্টোবৰ ২০২৪ত অনুষ্ঠিত হৈছিল। ইয়াত গ্রন্থ উদ্যোগৰ স'তে জড়িত ১,১৫,০০০ ব্যক্তি আৰু আৰু প্ৰায় সমানসংখ্যক গ্রন্থপ্রেমীয়ে অংশগ্রহণ কৰে। এইবাৰ পাঁচটা দিনত ৩,৩০০টা অনুষ্ঠান আয়োজন কৰা হৈছিল।
খানাপাৰাত গ্ৰন্থমেলাৰ প্ৰস্তুতিৰ দৃশ্য
ফ্রাংকফুর্ট গ্ৰন্থমেলাৰ প্ৰথম দুদিন আৰু তৃতীয় দিনৰ আগবেলাতো কেৱল গ্রন্থ উদ্যোগৰ লগত জড়িত মানুহ আৰু লেখকসকলে অংশগ্রহণ কৰিব পাৰে। লেখকসকলে আগতীয়াকৈ প্রকাশকসকলৰ স'তে, বিক্ৰেতাৰ স'তে চলচ্চিত্ৰ পৰিচালকৰ স'তে যোগাযোগ ৰাখে। সেই কেইদিনত তেওঁলোকৰ মাজত আলোচনা হয় আৰু চুক্তিপত্ৰত চহী হয়। বিভিন্ন দেশৰ পৰা অহা প্রতিনিধিসকলৰ মাজত বিভিন্ন বিষয়ত আলোচনা হয়, কোটি কোটি টকাৰ লেনদেন হয়। বৌদ্ধিক মহলৰ আলোচনাসমূহো সমান্তৰালভাৱে চলি থাকে, নতুন নতুন চিন্তা-ভাৱনাৰ আদান-প্রদান হয়। নতুন প্ৰজন্মৰ লেখকসকলে ইয়াৰ যোগেৰে পৰিচিতি লাভ কৰে।
বিশ্বৰ প্ৰসিদ্ধ লেখকসকলক ইয়াত নিমন্ত্রণ জনোৱা হয়, তেওঁলোকৰ বহুমূলীয়া ভাষণ শুনিবলৈ আগতীয়াকৈ বুকিঙৰ অনলাইন ব্যৱস্থা ৰখা হয়। এই গ্রন্থমেলাখন ক'ব পাৰি লক্ষ্মী আৰু সৰস্বতীৰ মিলনক্ষেত্র। তেনে এখন গ্ৰন্থমেলাৰ প্ৰবেশ মূল্যও আমাৰ তুলনাত যথেষ্ট বেছি। এদিনৰ বাবে দিব লাগে ৫২ ইউৰো অৰ্থাৎ ভাৰতীয় মূল্যত ৪, ৭০০ টাকা। তাত এখন বিপণী দিবলে পাঁচ দিনৰ বাবে প্ৰতি বৰ্গ ফুটত দিব লাগে ৩৫০-৬০০ ইউৰো (ভাৰতীয় মূল্যত ৩২০০০ৰ পৰা ৫০,০০০ লৈ)। ইমান ব্যয়বহুল গ্রন্থমেলালৈ যাবলৈ কিন্তু মানুহে এবছৰ আগতে বুকিং কৰে। ইয়াত প্ৰতি বছৰে কোনো এখন দেশৰ সাহিত্যক বিষয়বস্তু হিচাপে নিৰ্বাচন কৰে। তেওঁলোকৰ ভাষাত Guest of Honour বুলি কোৱা হয়। যোৱাবাৰৰ বিষয়বস্তু আছিল ইটালীয় সাহিত্য, আগন্তুক বছৰৰ বাবে ফিলিপাইনৰ সাহিত্য।
ভাৰতৰ প্ৰেক্ষাপটত চালে দেখিবলৈ পাম যে কলিকতাত প্ৰতিবছৰে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গ্রন্থমেলা হ'ল ভাৰতৰ আটাইতকৈ বৃহৎ গ্রন্থমেলা। এই বছৰ ১৮-০১-২০২৪ ৰ পৰা ৩১-০১-২০২৪ লৈ অনুষ্ঠিত হোৱা এই গ্রন্থমেলাত সৰ্বমুঠ ২৭ লাখ মানুহৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল আৰু ১০০০খন বিপণীত ২৩ কোটি টকা মূল্যৰ গ্ৰন্থ বিক্ৰী হয়। গ্ৰন্থমেলাৰ মুখ্য বিষয় আছিল ইংলেণ্ডৰ সাহিত্য। অহাবাৰ ২৮-০১-২০২৫ ৰ পৰা ০৯-০২-২০২৫ লৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ মুখ্য বিষয় (Focal Theme) হ'ব জাৰ্মানীৰ সাহিত্য।
আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাৰ প্ৰৱেশ পথ
২০২৪ৰ কলকাতা গ্রন্থমেলাত আন্তঃৰাষ্ট্ৰীয় গ্রন্থ প্রকাশক যেনে— Penguin Random House, Harper Collins, Hachette, Bloomsbury, Rupa, Pan Macmillan Orient Blackswan উপস্থিত আছিল। আমেৰিকা, জার্মানী, ইটালী, ৰাছিয়া, স্পেইন, অষ্ট্ৰেলিয়া, আজেন্টিনা, কিউবা, পেৰু আদি দেশৰ পৰা গ্ৰন্থ উদ্যোগৰ সৈতে জড়িত ব্যক্তিসকল আহিছিল, নিজৰ নিজৰ বিপণীত বহিছিল। বিদেশৰ বিভিন্ন গ্ৰন্থৰ অনুবাদৰ স্বত্ব ভাৰতীয় প্রকাশকে লাভ কৰিছিল। তেনেদৰে কেইবাখনো ভাৰতীয় ভাষাৰ গ্ৰন্থ বিদেশী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ স্বত্ব লাভ কৰিছিল।
মুঠতে গ্রন্থমেলাখনে কলকাতাত গ্রন্থ উদ্যোগৰ এক পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তাৰ লগতে গ্ৰন্থ অধ্যয়নৰ পৰিবেশো গঢ়ি তুলিব পাৰিছে, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। ইয়াৰ বাবে বিভিন্ন আলোচনা, বক্তৃতাৰ ব্যৱস্থা কৰা হয়। কলকাতাৰ কলেজ ষ্ট্রীট গ্রন্থ বিপণীৰ বাবে বিখ্যাত। কলেজত পঢ়ি থকা দিনতে আমি কলেজ ষ্টীটৰ পৰা কিতাপ কিনিছিলো। ক'তো বিচাৰি নোপোৱা গ্ৰন্থও ইয়াত বিচাৰি পাইছিলো।
গুৱাহাটীৰ পাণবজাৰো কলেজ ষ্ট্ৰীটৰ দৰে হ'ব বুলি সদায়ে আশা পালি থাকো যদিও সেই আশা আজিলৈ পূৰ্ণ নহ'ল। অনলাইন মাধ্যম যেনে এমাজন, ফ্লিপকার্টত যিমানে ৰেহাই মূল্যত গ্রন্থ উপলব্ধ নহওক কিয়, কিতাপৰ বিপণীত ব্ৰাউজিং কৰি ভাল লগা কিতাপ এখন কিনাৰ মজাই বেলেগ। বন্ধু-বান্ধৱৰ স'তে ব্ৰাউজিং কৰি গ্ৰন্থ ক্ৰয় কৰাৰ মজা কেৱল গ্রন্থমেলা বা কলেজ ষ্ট্ৰীটৰ কিতাপৰ বিপণীতহে পোৱা যায়।
সামাজিক মাধ্যমৰ বাবে মানুহৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি থকা আগ্রহ দিনক দিনে কমিবলৈ লৈছে। ক’ভিড অতিমাৰীৰ সময়ৰ পৰা গ্ৰন্থৰ বিক্ৰী কমি আহিছে। উন্নত দেশবোৰৰ তুলনাত আনকি পশ্চিমবংগৰ তুলনাত অসমত কিতাপ পঢ়াৰ আগ্ৰহ নোহোৱা হৈছে। মানুহৰ মুখত কেৱল এটা কথাই শুনা যায়—'সময় নাই'।
গ্ৰন্থমেলাৰ বিপণীত অসমীয়া ভাষাৰ কেইখন গ্ৰন্থ
আগেয়ে এখন কিতাপ ২০০০, ৪০০০ কপি প্রিন্ট হৈছিল। আজি প্রতিষ্ঠিত লেখকৰে প্ৰথম সংকলনত ৫০০ কপিতকৈ অধিক প্রিণ্ট কৰিবলৈ প্ৰকাশকে সাহস নকৰা হ'ল। অসমৰ এনে পৰিস্থিতিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে লেখকসকল। আজি কোনো এজন লেখকৰ স'তে (প্রতিষ্ঠিত অথবা নতুন লেখক) প্রকাশকে চুক্তিপত্ৰত চহী নকৰায়। গ্ৰন্থ বিক্ৰীৰ বাবদ কিমান ৰয়েল্টী পাব তাক জনোৱা নহয় আৰু কিমান কপি বিক্ৰী হ'ল, তাৰ হিচাপ দিয়া দেখা নাযায় বা হিচাপৰ ক্ষেত্ৰত স্বচ্ছতা নাথাকে। তাৰ ফলত লেখকে পাবলগীয়া ধন নাপায় বা কমকৈ পায়।
ইয়াৰ ব্যতিক্ৰম দুই-এক নিশ্চয় আছে। মনোৰঞ্জন উদ্যোগত যিমান ধন শিল্পীসকলে পায় তাৰ তুলনাত ১% ও লেখকে নাপায়। অথচ গ্রন্থ এখন লিখি উলিয়াওঁতে যথেষ্ট সময় দিব লাগে, মগজুৰ কচৰত কৰিব লাগে, প্ৰচুৰ অধ্যয়ন কৰিব লাগে। খানাপাৰাত পাতিবলৈ লোৱা গ্ৰন্থমেলাত এনে এটা পৰিবেশ সৃষ্টি হওক য'ত পৰৱৰ্তী গ্রন্থ প্ৰকাশৰ বাবে চুক্তিপত্ৰত স্বাক্ষৰৰ বাবে প্ৰকাশক আৰু লেখকে একেখন টেবুলত বহিব পাৰে।
এই বছৰত প্ৰকাশ পোৱা গ্ৰন্থসমূহৰ গঠনমূলক সমালোচনা হওক। সাধাৰণ পঢ়ুৱৈয়ে কিনাৰ আগতে জানি লওক কোনখন কি ধৰণৰ কিতাপ। সমালোচকৰ পৰা ৰিভিউ আনি প্ৰকাশ কৰক। কেতিয়া ক'ত কি অনুষ্ঠান আছে, কোনখন বিপণী ক'ত আছে ক'ব পৰাকৈ এটা এপ উলিওৱাৰ কথা আয়োজকসকলে ভাবিব পাৰে। গ্ৰন্থমেলাৰ বাকৰিতে বন্ধু-বান্ধৱৰ স'তে একেলগে বহি, ৰ'দঘাই আবেলি এটাত কিতাপ পঢ়াৰ আমেজ ল'ব পৰাকে ঠাই উলিয়াই দিব লাগে। কফিত চুমুক দি কিতাপৰ আড্ডা মাৰিব পৰা পৰিবেশ থাকিব লাগে।
লেখক আৰু পাঠকে মুখামুখিকৈ মত বিনিময় কৰাৰ সুবিধা থাকিব লাগে। প্রতিষ্ঠিত লেখকসকলে নতুন প্রজন্মক ভাল লেখক হ'বলৈ দিহা-পৰামৰ্শ গ্ৰন্থমেলাৰ বাকৰিতে দিব লাগে। অসমীয়া ভাষাই আজি ধ্রুপদী ভাষাৰ মৰ্যাদা পালেও ভাষাটো জীয়াই ৰাখিবলৈ হ'লে অসমীয়া ভাষাৰ চৰ্চা কৰা মানুহো থাকিব লাগিব।
গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেণীৰ বাবে বিপণী সাজু কৰি তুলিছে একাংশ প্ৰকাশন গোষ্ঠীয়ে
চল্লিশতকৈ কম বয়সৰ প্রায়ভাগ গুৱাহাটীবাসীয়ে আজি ইংৰাজী মাধ্যমত পঢ়ি ডাঙৰ হোৱা। তেওঁলোকক কেনেকৈ অসমীয়া ভাষাৰ কিতাপ পঢ়িবলৈ উৎসাহ যোগাব পাৰি তাকো ভাবিব পৰা যায়। গ্রন্থমেলাই মৃত্যুমুখী গ্ৰন্থৰ উদ্যোগটোত সাৰ-পানী যোগাব পাৰিব লাগিব। বিশেষকৈ লেখকসকলে উপযুক্ত মর্যাদা পাব লাগিব।
অসমৰ মৃতপ্রায় পুথিভঁৰালসমুহো পুনৰুজ্জীৱিত কৰিব লাগিব। যোৱা বছৰ চানমাৰি গ্ৰন্থমেলাত চাৰি কোটি টকাৰ কিতাপ বিক্ৰী হৈছিল। ইয়াৰ ভিতৰত পিচে সৃষ্টিশীল লেখাৰে পূৰ্ণ (গল্প, উপন্যাস, কবিতা, প্রবন্ধ) গ্ৰন্থৰ বিক্ৰীৰ সংখ্যা খুৱ কম। সেয়েহে প্রকাশকে কবিতা আৰু গল্পৰ কিতাপ প্ৰকাশ কৰিব নিবিচাৰে। পঢ়ুৱৈৰ ৰুচিবোধ সলনি কৰাৰ প্ৰয়োজন আহি পৰিছে।
গ্রন্থ প্রকাশ পালেই নহ'ব, উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি হ'ব লাগিব। তাৰ বাবে অতিকে প্রয়োজন বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিবেশ সৃষ্টি। খানাপাৰা গ্ৰন্থমেলাৰ বাকৰিত সৃষ্টিৰ বীজ ৰোপণ হওক। গ্ৰন্থমেলাৰ বাকৰি হৈ পৰক সৃষ্টিশীলতাৰ পথাৰ।
(লেখক এগৰাকী গল্পকাৰ, নিবন্ধকাৰ, স্তম্ভলেখক)