মহাৰাষ্ট্ৰৰ মুছলমানসকলৰ ফাড়নভিছ চৰকাৰৰ পৰা কি কি দাবী আৰু প্ৰত্যাশা আছে

Story by  atv | Posted by  [email protected] • 21 d ago
মহাৰাষ্ট্ৰৰ মুছলমান নেতা ক্ৰমে  ইব্ৰাহিম খান, ডাঃ ছামছুদ্দিন তাম্বোলি, আৰু মুনীৰ মুল্লা
মহাৰাষ্ট্ৰৰ মুছলমান নেতা ক্ৰমে ইব্ৰাহিম খান, ডাঃ ছামছুদ্দিন তাম্বোলি, আৰু মুনীৰ মুল্লা
 
 
ভক্তি চলিক/পুনে

দেৱেন্দ্ৰ ফাড়নভিছ নেতৃত্বাধীন মহাযুতি চৰকাৰে মহাৰাষ্ট্ৰৰ দায়িত্ব ল’বলৈ সাজু হৈছে। এনে সময়তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ব্যাপক ৰূপত ভোট দিয়া যেন লগা মুছলমানসকলৰ নতুন চৰকাৰৰ প্ৰতি যথেষ্ট দাবী আৰু প্ৰত্যাশা আছে। বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পূৰ্বৰ লোকসভা নিৰ্বাচনত নিজকে আঁতৰাই ৰখাৰ পিছত মুছলমানৰ প্ৰতি থকা স্থিতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে।
 
ফলত হিন্দু ভোটৰ একত্ৰীকৰণৰ সমান্তৰালকৈ মহাযুতিয়ে ২৩৪ আসনৰ নম্বৰত উপনীত হয় আৰু ৩৮টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিত মুছলমান ভোটৰ অংশ ২০%তকৈ অধিক সমষ্টিৰ পৰা প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। আনটো মিত্ৰজোঁট মহাবিকাশ আঘাদীয়ে ১৩খন আসন লাভ কৰে।
 
‘ভোট জেহাদ’, ‘ধৰ্ম যুদ্ধ’ আদি শ্লোগান আৰু মহাযুতি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ ধাৰাবাহিক বিতৰ্কিত মন্তব্যৰ পটভূমিত সংখ্যালঘু মুছলমানসকলৰ মাজত অশান্তিৰ সৃষ্টি হৈছে। নতুন চৰকাৰৰ পৰা তেওঁলোকৰ আশাৰ বিষয়ে জানিবলৈ ‘আৱাজ দ্য ভইচ মাৰাঠী’-এ মহাৰাষ্ট্ৰৰ তিনিজন গুৰুত্বপূৰ্ণ মুছলমান নেতাৰ সৈতে যোগাযোগ কৰে।
 
পিপুলছ মুভমেণ্টছৰ ৰাষ্ট্ৰীয় সমন্বয়ৰ মহাৰাষ্ট্ৰ ৰাজ্যিক সমন্বয়ক (Maharashtra State Co-coordinator for National Coordination of People's Movements) ইব্ৰাহিম খানে কয়, ‘মহাৰাষ্ট্ৰৰ একপক্ষীয় নিৰ্বাচনৰ ফলাফলে সকলোকে আচৰিত কৰিছে। প্ৰকৃতাৰ্থত, এইবাৰ মিত্ৰজোঁটৰ ভিতৰত লক্ষণীয় বিভাজন দেখা গ’ল। মহাযুতিয়ে আত্মবিশ্বাসেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আনহাতে বিৰোধী মিত্ৰ দলসমূহে দুৰ্বলতা দেখুৱাইছিল। অৱশ্যে নতুন চৰকাৰৰ আগত সাধাৰণ নাগৰিকৰ সমস্যা উত্থাপন কৰি আমি আমাৰ কাম অব্যাহত ৰাখিম।”
তেওঁ আৰু কয়, ‘চৰকাৰে সাধাৰণ নাগৰিকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত। মুছলমান সমাজেও বৃহৎ সংখ্যক ভোটদান কৰিছে মহাযুতিক। আনকি কাছবাৰ (পুনেত)ৰ দৰে পৰম্পৰাগত সমষ্টিতো মুছলমানসকলে বিজেপিৰ সপক্ষে যথেষ্ট ভোটদান কৰিছে। এই বিষয়ে সকলো তথ্য মোৰ হাতত আছে। কেৱল বিজেপিয়েই নহয়, জাতীয়তাবাদী দলৰ দৰে ইয়াৰ মিত্ৰ দলসমূহেও যথেষ্ট মুছলমান সমৰ্থন লাভ কৰিছিল। গতিকে এই চৰকাৰখনে মুছলমান সম্প্ৰদায়ক ইতিবাচক দৃষ্টিভংগীৰে চোৱা উচিত আৰু সম্প্ৰদায়টোৰ মৌলিক বিষয়সমূহৰ ওপৰত গুৰুত্বসহকাৰে আলোচনা কৰা উচিত। মুছলমান সমাজৰ বাবে আছে মৌলানা আবুল কালাম আজাদ নিগম। চৰকাৰে ইয়াৰ বাবে উল্লেখযোগ্য আৰ্থিক ব্যৱস্থা কৰিব লাগে, আৰু ইয়াৰ দ্বাৰা ১০০% ধন যাতে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হয়।”
 
ইব্ৰাহিম খানৰ মুছলমানসকলৰ বাবে এটা পৰামৰ্শও আছে। তেওঁ কয়, ‘আমাৰ সামাজিক আন্দোলন ধৰ্মকেন্দ্ৰিক বা ধৰ্মীয় বিষয়ত সীমাবদ্ধ হোৱা উচিত নহয়। এয়া সমগ্ৰ সমাজৰ বাবে হ’ব লাগে। ধৰ্মীয় বিষয়ত যুঁজ দিয়াৰ পৰিৱৰ্তে মৌলিক বিষয়ৰ বাবে যুঁজ দি ধৰ্মীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে।”
 
ইফালে, মুছলিম সত্য শোধক মণ্ডলৰ সভাপতি ড০ ছামছুদ্দিন তাম্বোলিয়ে কয়, ‘এই নিৰ্বাচনত যিহেতু হিন্দু আৰু মুছলমানৰ মাজত মেৰুকৰণ হৈছিল, মাৰাঠা আৰু অ’বিচিৰ মাজতো মেৰুকৰণ হৈছিল। নিৰ্বাচনত জয়ী হ’বলৈ এই কাম কৰা হয়, কিন্তু ইয়াৰ দীৰ্ঘম্যাদী সামাজিক পৰিণতি ক্ষতিকাৰক।”
 
লোকসভা নিৰ্বাচনত মুছলমান ভোটাৰে মহাবিকাশ আগাদীক সমৰ্থন কৰিছিল যদিও বিধানসভা নিৰ্বাচনত মুছলমান ভোট খণ্ডিত হৈ পৰিল। আনহাতে, মহাযুতিয়ে মুছলমান ভোটাৰক আকৰ্ষণ কৰাত সফল হৈছিল। এই সন্দৰ্ভত মন্তব্য কৰি ছামছুদ্দিন তাম্বোলিয়ে কয়, ‘মহাযুতিৰ ‘লাডকী বেহেন’ (প্ৰিয় ভগ্নী) আঁচনি, এছ টি ভ্ৰমণৰ ৰেহাই, আৰু অন্যান্য নাৰীকেন্দ্ৰিক নীতিৰ বাবে বহু মুছলমান মহিলাই এই নিৰ্বাচনত মহাযুতিক মুকলিকৈ সমৰ্থন কৰিছিল। নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া আজমেৰ তীৰ্থযাত্ৰা আৰু মুছলমান মহিলাৰ মাজত বোৰ্খা বিতৰণেও মুছলমান ভোটাৰক প্ৰভাৱিত কৰিছিল।”
 
তেওঁ আৰু কয়, “যদিও মুছলমানসকলে মহাযুতিক ভোট দিছিল, তথাপিও তেওঁলোকক অস্তিত্বহীন ‘ভোট জেহাদ’ৰ নামত বদনাম কৰা হৈছে। ‘লাভ জেহাদ’, ‘লেণ্ড জেহাদ’, আৰু এতিয়া ‘ভোট জিহাদ’ আদি শব্দৰে হিন্দু সমাজত ভয়ৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে, ধৰ্মৰ ব্যৱহাৰ কৰি ভোট বিচৰা হৈছে।”
 
নতুন চৰকাৰৰ পৰা তেওঁৰ আশা সন্দৰ্ভত তাম্বোলীয়ে কয়, ‘মহাৰাষ্ট্ৰত জাতি আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি ঘৃণাৰ উত্থান ৰোধৰ বাবে নতুন চৰকাৰে কাম কৰিব লাগে। সত্য শোধক মণ্ডলৰ আমি সকলোৱে ইউনিফৰ্ম চিভিল ক'ডৰ ধাৰণাটোক সমৰ্থন কৰোঁ। ১৯৬৬ চনত মণ্ডলে তদানীন্তন মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখি আমি ইউনিফৰ্ম চিভিল ক'ডৰ পোষকতা কৰিছিলো। এই চৰকাৰে ইউনিফৰ্ম চিভিল ক'ড আনিব বুলি আমি আশা কৰিছো।”
 
ছাংলিৰ এন চি পিৰ সংখ্যালঘু কোষৰ জিলা সভাপতি মুনীৰ মুল্লাই কয়, ‘বিধানসভা নিৰ্বাচনৰ ফলাফল অভাৱনীয় আছিল। মহাযুতিৰ সফলতাৰ কাৰণ হ’ল ‘লাডলী বেহেন’ আঁচনি। মহিলাৰ একাউণ্টলৈ পোনপটীয়াকৈ ধন স্থানান্তৰ কৰি এই আঁচনিখনে মহিলা ভোটাৰৰ মাজত যথেষ্ট প্ৰভাৱ পেলাইছিল। ইয়াৰ উপৰিও মহাযুতীৰ কাৰ্যকালত আৰম্ভ কৰা বিভিন্ন আঁচনিয়ে বৃহৎ সংখ্যক ভোটাৰক আকৰ্ষণ কৰিছিল, যাৰ ফলত বিজেপিয়ে এই বিশাল জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।”
 
মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে শাৰী পাতিছে একাংশ মুছলমান  মহিলাই
 
তেওঁ আৰু কয়, ‘এতিয়া নতুন চৰকাৰে জনসাধাৰণৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। ঔদ্যোগিক, শৈক্ষিক, অৰ্থনৈতিক, আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰক দেশৰ শীৰ্ষ স্থানলৈ উন্নীত কৰিব লাগিব। মাৰাঠা জনগোষ্ঠীৰ বাবে সাৰথিৰ দৰে অনুষ্ঠান আৰু মাটাং জনগোষ্ঠীৰ বাবে এ আৰ টিৰ দৰে প্ৰতিষ্ঠান যিদৰে প্ৰতিষ্ঠা কৰা হৈছিল, তেনেদৰে মুছলমান সম্প্ৰদায়ৰ বাবেও একেধৰণৰ প্ৰতিষ্ঠান স্থাপন কৰা উচিত। MARTI (মৌলানা আজাদ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান)ৰ কোনো অগ্ৰগতি এতিয়ালৈ হোৱা নাই। ঠিক আন প্ৰতিষ্ঠানৰ দৰেই এই প্ৰতিষ্ঠানটোৱেও মুছলমান সমাজক সুতবিহীন ঋণ আগবঢ়াব লাগে। লগতে মুছলমান যুৱক-যুৱতীসকলৰ বাবে নিয়োগ আঁচনি আৰম্ভ কৰিব লাগে।”
 
‘আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল একাংশ দুষ্ট চক্ৰই নিজৰ ভাষণৰ জৰিয়তে মুছলমান সম্প্ৰদায়ক অহৰহ লক্ষ্য কৰি লৈছে। সামাজিক বিভাজন ৰোধ কৰিবলৈ বৰ্তমানৰ ঘৃণামূলক ভাষণ আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত।”-তেওঁ লগতে কয়। 
 
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ অভাৱনীয় ফলাফলক ব্যাপক বিশ্লেষণ কৰা হৈছে। সকলোৱে নিজৰ নিজৰ ধৰণেৰে ফলাফলৰ ব্যাখ্যা কৰি আছে। লোকসভা নিৰ্বাচনত মুছলমান ভোটে নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। অৱশ্যে এইবাৰ পৰিস্থিতি বেলেগ যেন লাগিছে। প্ৰায়ে ধাৰণা কৰা হয় যে মুছলমান ভোটাৰে সদায় মহাযুতিৰ বিৰুদ্ধে ভোট দিয়ে। কিন্তু এইবাৰ পৰিৱেশ সলনি হৈছে। মহাযুতিয়ে এতিয়া চৰকাৰ গঠন কৰাৰ লগে লগে ইয়াৰ দ্বাৰা মুছলমান সম্প্ৰদায়ৰ ওপৰত কেনে প্ৰভাৱ পৰে সেয়া চাবলৈ আগ্ৰহী হ’ব। বিজয়ৰ পিছত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী দেৱেন্দ্ৰ ফাড়নভিছে সকলোকে লগত লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এই বক্তব্যই মুছলমান সমাজক কিছু আশ্বাস দিয়াৰ সম্ভাৱনা আছে।