ছিকিমত পৰ্যটকসকলে জাবৰৰ মোনা ব্যৱহাৰ কৰাটো বাধ্যতামূলক

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গেংটক
 
চৰকাৰী আদেশ অনুসৰি ছিকিমত প্ৰৱেশ কৰা সকলো পৰ্যটক বাহনে এতিয়া বাধ্যতামূলকভাৱে এটা ডাঙৰ জাবৰৰ মোনা কঢ়িয়াই নিব লাগিব।
 
পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা হৈছে যে পৰিৱেশ বহনক্ষমতাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সম্প্ৰদায়ৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 
 
আৱৰ্জনা নিষ্কাশনৰ বাবে জাবৰৰ মোনা ব্যৱহাৰৰ বিষয়ে পৰ্যটকাৰীসকলক অৱগত কৰাটো ট্যুৰ অপাৰেটৰ, ট্ৰেভেল এজেন্সী আৰু বাহন চালকৰ দায়িত্ব হ’ব বুলিও জানিব পৰা গৈছে। 
 
লগতে কয় যে, পৰ্যটক বাহনসমূহৰ যাদৃচ্ছিক পৰীক্ষা কৰি নিয়ম মানি চলাটো নিশ্চিত কৰা হ’ব আৰু আদেশ উলংঘা কৰা যিকোনো বাহনক শাস্তি প্ৰদান কৰা হ’ব। 
 
আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ বহনক্ষমতাৰ বিষয়ে পৰ্যটকসকলক জ্ঞান দিয়াৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা অভিযান চলোৱা হৈছে বুলি বিষয়াসকলে জনায়। 
 
৬ লাখৰো অধিক বাসিন্দা থকা ভাৰতৰ কম জনবসতিপূৰ্ণ ৰাজ্য ছিকিমত প্ৰতি বছৰে ২০ লাখতকৈ অধিক দৰ্শনাৰ্থীয়ে ভিৰ কৰি আহিছে বুলি তেওঁলোকে জনায়।