নাছিকৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ ৮৪০ মেট্রিক টন পিঁয়াজ

Story by  atv | Posted by  Munni Begum • 16 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উপলব্ধতা বৃদ্ধি কৰি মূল্য সুস্থিৰ কৰাৰ প্রয়াসেৰে নাছিকৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে প্রায় ৮৪০ মেট্রিক টন পিঁয়াজ। অলপতে নাছিকৰ পৰা এখন বিশেষ ৰে'লযোগে গুৱাহাটীলৈ এই পিঁয়াজসমূহ সৰবৰাহ কৰা হৈছে। এনেদৰে ৰে'লযোগে পিঁয়াজ প্ৰেৰণৰ পদক্ষেপ গ্রহণ কৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন পৰিষদ, চমুকৈ নাফেডে। 
 
উপভোক্তা পৰিক্ৰমা বিভাগৰ মূল্য স্থিতিশীলতা পুঁজিৰ অধীনত সংস্থাটোৱে এই পিঁয়াজ ক্ৰয় কৰি দেশৰ বিভিন্ন প্রান্তলৈ প্রেৰণ কৰিছে। উত্তৰ-পূবলৈ পিঁয়াজ প্ৰেৰণ কৰাৰ পূর্বে যোৱা অক্টোবৰ মাহত কিষাণগঞ্জ ৰে'ল ষ্টেচনলৈ ১,৬০০ মেট্রিক টন আৰু দিল্লী ৰে'ল ষ্টেচনলৈ ৮৪০ মেট্রিক টন পিঁয়াজ প্রেৰণ কৰা হৈছিল।  
 
বজাৰত পিঁয়াজৰ উপলব্ধতা বৃদ্ধিৰ বাবে মাণ্ডিত প্রতি কিলোগ্রাম পিঁয়াজ ৩৫ টকা দৰত বিক্ৰী কৰা হ'ব। আজাদপুৰ মাণ্ডিত এই বুজন পৰিমাণৰ পিঁয়াজ খুচুৰা বজাৰত মুকলিৰ জৰিয়তে মূল্য হ্রাস পাব বুলি আশা কৰা হৈছে। এইদৰে পোন প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন অঞ্চললৈ সময়মতে ৰে'লৰে বুজন পৰিমাণৰ পিঁয়াজ সৰবৰাহ কৰা হৈছে। যোৱা ২৬ অক্টোবৰত নাছিকৰ পৰা চেন্নাইলৈ ৮৪০ মেট্রিক টন পিঁয়াজ প্ৰেৰণ কৰা হৈছিল। 
 
চৰকাৰে এই বছৰ মূল্য স্থিতিশীলতাৰ বাবে ৪.৭ লাখ টন পিঁয়াজ ক্রয় কৰে। এতিয়ালৈকে মজুত থকা ১.৪০ লাখ টনৰো অধিক পিঁয়াজ নাছিক আৰু আন আন উৎসৰ পৰা স্থলপথৰ জৰিয়তে ট্রাকেৰে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ ভিতৰত এন চি চি এফে ২২ খন ৰাজ্যৰ ১০৪ টা স্থান আৰু নাফেডে ১৬ খন ৰাজ্যৰ ৫২ টা স্থান সামৰি লৈছে। 
 
প্রতি কিলোগ্রাম পিঁয়াজত ৩৫ টকাকৈ খুচুৰা গ্ৰাহকক যোগান ধৰাৰ বাবে বিভিন্ন সংস্থাৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰা হৈছে। তদুপৰি খুচুৰা বিতৰণৰ বাবে ৯ খন ৰাজ্যৰ চৰকাৰ আৰু সমবায় সমিতিসমূহলৈ ৮৬,৫০০ মেট্রিক টন পিঁয়াজ আবণ্টন দিয়া হৈছে। পিঁয়াজৰ এই খুচুৰা বিতৰণ প্রক্রিয়া আৰম্ভ হোৱাৰ পিচৰে পৰা অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র, কর্ণাটক, উত্তৰ প্রদেশ, তামিলনাডু আৰু দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত খুচুৰা মূল্য যথেষ্ট সুস্থিৰ হোৱা দেখা গৈছে। 
 
গুৱাহাটীলৈ প্ৰেৰণ কৰা ৮৪০ মেট্রিক টন পিঁয়াজৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলত খুচুৰা মূল্য সুস্থিৰ হ'ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, যোৱা ২৯ অক্টোবৰলৈকে প্রকাশ পোৱা তথ্যানুসৰি নাছিকৰ মাণ্ডিত প্রতি কিলো পিঁয়াজৰ মূল্য ৪০ টকালৈ হ্রাস পাইছে।