ধৰ্মীয় স্বাধীনতাক লৈ আমেৰিকাৰ প্ৰতিবেদনক তীব্ৰ গৰিহণা ভাৰতৰ সংখ্যালঘু নেতাসকলৰ

Story by  atv | Posted by  [email protected] • 2 d ago
নিখিল ভাৰত মুছলিম জামাত দৰগাহৰ সভাপতি আলাহ হজৰত বৰেলী মৌলানা চাহাবুদ্দিন ৰাজৱী
নিখিল ভাৰত মুছলিম জামাত দৰগাহৰ সভাপতি আলাহ হজৰত বৰেলী মৌলানা চাহাবুদ্দিন ৰাজৱী
 
নতুন দিল্লী

ভাৰতৰ সংখ্যালঘু নেতাসকলে ধৰ্মীয় স্বাধীনতাক লৈ আমেৰিকাৰ প্ৰতিবেদনক তীব্ৰ গৰিহণা দিছে। তেওঁলোকে ইয়াক দেশৰ বৈচিত্ৰ্যৰ ওপৰত আক্ৰমণ বুলি আখ্যা দিছে। ভাৰতে আমেৰিকাৰ শেহতীয়া ধৰ্মীয় স্বাধীনতা প্ৰতিবেদনক পক্ষপাতিত্বমূলক আৰু আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বুলি অভিহিত কৰি ইয়াক তীব্ৰ সমালোচনা কৰিছে।
 
আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰতি বছৰে প্ৰকাশ কৰা এই প্ৰতিবেদনত ভাৰতকে ধৰি কেইবাখনো দেশৰ ধৰ্মীয় স্বাধীনতাক লৈ উদ্বেগক আলোকপাত কৰা হৈছে। বিভিন্ন বিশিষ্ট ধৰ্মগুৰুৱে প্ৰতিবেদনত উত্থাপিত দাবীক খণ্ডন কৰিছে।
 
ধৰ্মীয় বৈষম্য আৰু হিংসাৰ কাণ্ডৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিবেদনত উত্থাপিত উদ্বেগক সম্বোধন কৰি মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে আমি এই প্ৰতিবেদন নাকচ কৰিছো যিটো সীমিত বুজাবুজি আৰু নিৰ্বাচিত তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে।
 
বিভিন্ন ধৰ্মীয় গুৰুসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ফাইল ফটো)

নিখিল ভাৰত মুছলিম জামাত দৰগাহৰ সভাপতি আলাহ হজৰত বৰেলী মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে প্ৰতিবেদনৰ তথ্যক লৈ তীব্ৰ সংশয় প্ৰকাশ কৰে। ‘প্ৰতিখন দেশৰ নিজস্ব ইছ্যু আৰু সমস্যা আছে। কিন্তু আমাৰ সমৃদ্ধ সভ্যতা আছে আৰু আমাৰ গংগা-জামুনি তহজীব সমগ্ৰ বিশ্বই প্ৰেৰণা লোৱাৰ এক আদৰ্শ। আমাৰ সামাজিক তন্ত্ৰ বুজি নোপোৱাকৈ কোনো দেশৰ আমাৰ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। আমেৰিকাই আমাৰ ধৰ্মীয় পৰিৱেশ তন্ত্ৰক যিদৰে পৰ্যবেক্ষণ কৰিছে, তাক লৈ মই স্তম্ভিত হৈ পৰিছো। মই তেওঁলোকক আহ্বান জনাইছো যে ইয়াক অধিক মুক্ত আৰু নিৰপেক্ষ চকুৰে চাওক আৰু তেতিয়া তেওঁলোকে যি দেখিব সেয়া হ’ব এটা সুস্থ আৰু বৈচিত্ৰময় দেশ।’-এই মন্তব্য মৌলানা ৰাজৱীৰ।
 
উল্লেখ্য যে, মৌলানা ৰাজৱী হৈছে চুন্নী ইছলামৰ বৰেলৱী আন্দোলনৰ বিশিষ্ট ইছলামিক পণ্ডিত আৰু আধ্যাত্মিক নেতা ইমাম আহমেদ ৰাজা খানৰ দৰগাহ আলা হজৰতক তেওঁ প্ৰতিনিধিত্ব কৰে। নিজৰ বিদ্বান অৱদান, ধৰ্মতত্ত্বৰ লেখা, চুফী প্ৰথাৰ পোষকতা আদিৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।
 
ভাৰতীয় বিষয়াসকলে এই তথ্যক “প্ৰমাণহীন” বুলি উলাই কৰি অভিযোগ উত্থাপন কৰিছে যে আমেৰিকাই ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে ভাৰতৰ শক্তিশালী সাংবিধানিক সুৰক্ষাক উপেক্ষা কৰিছে। এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ ধৰ্মীয় সম্প্ৰীতিৰ প্ৰতি দায়বদ্ধ বুলি দৃঢ়তাৰে কয় আৰু আমেৰিকাৰ প্ৰতিবেদনে স্থলভাগত পৰিস্থিতিৰ “বিকৃত” ছবি দাঙি ধৰাৰ অভিযোগ উত্থাপন কৰে।
 
মুফতি আছফাক হুছেইন কাদ্ৰী
 
এই মতামতক সমৰ্থন কৰে বৰেলভি মুছলমান সংগঠন তথা দেশৰ প্ৰধান চুন্নী সংগঠন অল ইণ্ডিয়া তানজীম উলেমা ই ইছলাম দিল্লীৰ অধ্যক্ষ মুফতি আছফাক হুছেইন কাদ্ৰীয়ে। 
 
“আমি আমেৰিকাৰ প্ৰতিবেদনৰ তথ্যসমূহক সমৰ্থন নকৰো, বিশেষকৈ যেতিয়া সেইবোৰ আমেৰিকাৰ দৰে দেশৰ পৰা আহে, যিখন দেশ মুছলমান দেশসমূহৰ বিৰুদ্ধে কেতিয়াও অন্ত নপৰা অত্যাচাৰৰ বাবে কুখ্যাত। আফগানিস্তান, ইৰাক, পেলেষ্টাইন আদি দেশত মুছলমানৰ বিৰুদ্ধে তেওঁলোকৰ হিংসাই আমাক ধৰ্মীয় স্বাধীনতাৰ প্ৰচাৰ কৰিব নোৱাৰে। হয়, আমাৰ ইছ্যু থাকিব পাৰে। আৰু আমি আমাৰ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অহৰহ আলোচনাত মিলিত হৈ মতানৈক্য সমাধান কৰি এক সৰ্বাংগীন পৰিৱেশ গঢ়াৰ দিশত কাম কৰোঁ।’-মুফতি কাদ্ৰীয়ে কয়।