বিশ্বৰ ১০ খন শক্তিশালী মুছলমান ৰাষ্ট্ৰ; ভাৰতৰ বন্ধু আৰু শত্ৰু ৰাষ্ট্ৰৰ স্থান কিমান জানো আঁহক

Story by  atv | Posted by  [email protected] • 1 d ago
এক সন্মিলনত কেইখনমান মুছলমান দেশৰ মূৰব্বী (প্ৰতিনিধিত্বমূলক ফটো)
এক সন্মিলনত কেইখনমান মুছলমান দেশৰ মূৰব্বী (প্ৰতিনিধিত্বমূলক ফটো)
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

ইছলাম হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম। বিশ্বজুৰি ইয়াৰ ১.৮ বিলিয়নতকৈ অধিক অনুগামী আছে আৰু বিশ্বৰ জনসংখ্যাৰ এটা ডাঙৰ অংশ হৈছে ইছলামধৰ্মী। আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, ইছলামিক ৰাষ্ট্ৰসমূহৰ সংযুক্ত অৰ্থনীতি, যিটো ২০১৫ চনত ৩.২ ট্ৰিলিয়ন ডলাৰ আৰু ২০২১ চনত ৫.৭ ট্ৰিলিয়ন ডলাৰ আছিল, সেয়া যোৱা দশকত দুগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষলৈকে ৭.৭ ট্ৰিলিয়ন ডলাৰ হ'ব বুলি আশা কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ইছলামিক ফাণ্ড বজাৰত যোৱা ১০ বছৰত দ্ৰুত উত্থান ঘটিছে আৰু ৩০০%তকৈ অধিক বৃদ্ধি পঞ্জীয়ন কৰিছে। শেহতীয়াকৈ য়াহু ফাইনেন্সে (Yahoo Finance) ৩০খন শক্তিশালী ইছলামিক ৰাষ্ট্ৰৰ তালিকা প্ৰকাশ কৰিছে, য’ত কমেও ৫০ শতাংশ জনসংখ্যা মুছলমান। 

আটাইতকৈ শক্তিশালী মুছলমান ৰাষ্ট্ৰসমূহৰ স্থান নিৰ্ধাৰণ কৰিবলৈ প্ৰতিষ্ঠানটোৱে বিশ্ব বেংকৰ পৰা ২০২৩ চনৰ জিডিপিৰ তথ্য লৈছে আৰু গ্ল’বেল ফায়াৰপাৱাৰ সূচকাংক ২০২৪ৰ পৰা সামৰিক শক্তিৰ অনুমান কৰিছে। তলত আমি বিশ্বৰ ১০ খন শক্তিশালী মুছলমান ৰাষ্ট্ৰৰ তালিকা দাঙি ধৰিছোঃ

তুৰস্কঃ 

আনুষ্ঠানিকভাৱে তুৰস্ক ইছলামিক দেশ নহ’লেও ইয়াৰ জনসংখ্যাৰ অধিকাংশই মুছলমান, যাৰ বাবে ই এই তালিকাৰ বাবে যোগ্য। নাটো (NATO)ৰ সদস্য তুৰস্কই শেহতীয়াকৈ মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতিৰ মুখ্য দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ তেওঁলোকে ছিৰিয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক উফৰাই পেলোৱাত মূল ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে।

উন্নত সামৰিক ড্ৰ’ন নিৰ্মাণৰ ক্ষেত্ৰত তুৰস্কই প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা অন্যতম শীৰ্ষস্থানীয় দেশ হিচাপেও আত্মপ্ৰকাশ কৰিছে। পৰিসংখ্যা অনুসৰি ২০১৪ চনৰ পৰা ২০২৩ চনলৈকে আংকাৰাৰ প্ৰতিৰক্ষা ৰপ্তানি (Ankara’s defense exports) প্ৰায় তিনিগুণ বৃদ্ধি পাইছে আৰু দেশখনৰ প্ৰতিৰক্ষা উদ্যোগ ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বজুৰি ১১ নম্বৰ স্থানত আছে।

ইণ্ডোনেছিয়াঃ 

বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাৰ গৃহভূমি ইণ্ডোনেছিয়া হয়তো ভাৰত আৰু পাকিস্তানৰ দৰে এছিয়াৰ অন্যান্য প্ৰতিবেশী দেশসমূহৰ সমান সামৰিক শক্তিৰে সমৃদ্ধিশালী নহ’ব পাৰে। কিন্তু বিশ্ব বেংকৰ তথ্য অনুসৰি, ২০২৪ চনৰ পৰা ২০২৬ চনলৈ বছৰি গড়ে ৫.১% হাৰত ক্ৰমাগতভাৱে বৃদ্ধিৰে ইণ্ডোনেছিয়া এক শক্তিশালী অৰ্থনীতি হোৱাৰ দিশে আগবাঢ়িছে।

ছৌদি আৰবঃ 

তেল সমৃদ্ধ ছৌদি আৰব বিশ্ব অৰ্থনীতিৰ এক শক্তিশালী দেশ আৰু এই বিশ্বৰ জনমূৰি জিডিপি অনুপাতৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ দেশ। ইয়াৰ উপৰিও ছৌদি আৰৱৰ সশস্ত্ৰ বাহিনী (SAAF) বিশ্বৰ ভিতৰতে সৰ্বোত্তম পুঁজিৰে গঠিত, বৃহৎ প্ৰতিৰক্ষা বাজেটৰ বাবে যিটো বিশ্বজুৰি ষষ্ঠ বৃহত্তম হিচাপে চিহ্নিত হৈছে।
জনবিশ্বাসৰ বিপৰীতে ছৌদি আৰৱৰ শক্তিশালী সেনাবাহিনী আছে, য’ত ৰয়েল ছৌদি আৰ্মি, নৌসেনা, বায়ুসেনা, বায়ু প্ৰতিৰক্ষা আৰু এটা সুকীয়া কৌশলগত মিছাইল বাহিনী আছে।

পাকিস্তানঃ 

ভাৰতৰ প্ৰতিদ্বন্দ্বী পাকিস্তানে চতুৰ্থ শক্তিশালী ইছলামিক দেশ হিচাপে স্থান লাভ কৰিছে, মূলতঃ ইয়াৰ আকৰ্ষণীয় সামৰিক শক্তিৰ বাবে, আৰু নতুন দিল্লীৰ দৰে ইছলামাবাদৰ পাৰমাণৱিক শক্তি আছে। যদিও দেশখনৰ অৰ্থনীতি ভাঙি পৰিছে, তথাপি পাকিস্তান এছিয়াৰ এক শক্তিশালী সামৰিক শক্তি হৈয়েই আছে। সক্ৰিয় সামৰিক বাহিনীৰ ক্ষেত্ৰত তেওঁলোকে বিশ্বৰ ষষ্ঠ বৃহত্তম সেনাবাহিনীৰ গৌৰৱ অৰ্জন কৰিছে।

ইৰাণঃ

ইজৰাইল আৰু ইয়াৰ মিত্ৰ দেশ বিশেষকৈ আমেৰিকাৰ প্ৰধান শত্ৰু ইৰাণ তৰ্কহীনভাৱে মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ, যিয়ে নিজৰ চুবুৰীয়া দেশসমূহৰ তুলনাত অতুলনীয় সামৰিক শক্তিৰ গৌৰৱ অৰ্জন কৰে। ২০২৪ চনৰ ভিতৰত ইৰাণৰ সশস্ত্ৰ বাহিনী সক্ৰিয় সৈন্যৰ ক্ষেত্ৰত ইজিপ্তৰ সশস্ত্ৰ বাহিনীৰ পিছত মধ্যপ্ৰাচ্যৰ দ্বিতীয় বৃহত্তম আছিল।

আলজেৰিয়াঃ

উঠি অহা অৰ্থনৈতিক শক্তি আলজেৰিয়াৰ অৰ্থনীতি মূলতঃ তেল আৰু গেছৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। দেশখনৰ ৯৫ শতাংশ ৰাজহ আৰু মুঠ জিডিপিৰ ৩০ শতাংশতকৈ অধিক এই প্ৰাকৃতিক সম্পদৰ পৰাই আহে।

সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই):

এক কোটিতকৈ অলপ বেছি জনসংখ্যা থকা ইউ এ ইৰ মাত্ৰ ১২ শতাংশহে থলুৱা বাসিন্দা। প্ৰৱাসী লোকেৰে ভৰি থাকিলেও এই ক্ষুদ্ৰ আৰব দেশখনে মূলতঃ ইয়াৰ প্ৰচুৰ সম্পদ আৰু সমৃদ্ধিশালী পৰ্যটন খণ্ডৰে ইছলামিক বিশ্বত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। শক্তিশালী আন্তঃগাঁথনি আৰু আড়ম্বৰপূৰ্ণ চহৰৰ বাবে পৰিচিত ইউ এ ইৰ সাক্ষৰতাৰ হাৰ ৯৫ শতাংশতকৈও অধিক। ইয়াৰ উপৰিও দেশখনে প্ৰযুক্তিগত উদ্যোগতো যথেষ্ট বিনিয়োগ কৰিছে, আনকি তেওঁলোকে নিজাকৈ মংগল মিছনো (Mars mission) আৰম্ভ কৰিছে।

মালয়েছিয়াঃ 

মালয়েছিয়া বছৰ বছৰ ধৰি বিদেশী বিনিয়োগকাৰীৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু বিশ্বৰ কেবাটাও কোম্পানীৰ সংঘবদ্ধ প্ৰতিষ্ঠানসমূহে দেশখনত বিশাল বিনিয়োগ কৰিছে, যিয়ে ইয়াৰ অৰ্থনৈতিক বৃদ্ধিৰ গতি বৃদ্ধি কৰিছে। ২০২৪ চনত মাইক্ৰ’ছফটে এআই আৰু ক্লাউড আন্তঃগাঁথনি (AI and cloud infrastructure)ৰ বাবে ২.২ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল, যিয়ে মালয়েছিয়াত ২ লাখ লোকক প্ৰশিক্ষণ দিব।

ইৰাকঃ

আমেৰিকাৰ আক্ৰমণকে ধৰি দশক দশক ধৰি চলি অহা যুদ্ধ আৰু পিছলৈ ইছলামিক ষ্টেট সন্ত্ৰাসবাদীৰ উত্থানে ইৰাকক বিধ্বংস কৰিলেও দেশখন সামৰিক শক্তিৰ বাবে ইছলামিক বিশ্বৰ এক শক্তিশালী দেশ হৈয়েই আছে। ইৰাকৰ সেনাবাহিনীত ২০২৪ চনৰ হিচাপত স্থল বাহিনী, বায়ুসেনা, বায়ু প্ৰতিৰক্ষা, সেনা বিমান নৌসেনা বাহিনী আৰু সন্ত্ৰাসবাদ বিৰোধী সেৱাকে ধৰি মুঠ ১৯৩,০০০ সক্ৰিয় কৰ্মী আছে। ২০২৩ চনত ইৰাকৰ সামৰিক বাজেট আছিল ১০.৩ বিলিয়ন ডলাৰ।

কাজাখস্তানঃ 

ভাৰতৰ সৈতে সুসম্পৰ্ক থকা কাজাখস্তান বিশ্বৰ ভিতৰত দশম শক্তিশালী মুছলমান ৰাষ্ট্ৰ। দেশখনৰ অৰ্থনীতি সুস্থিৰ আৰু ই এক উদীয়মান সামৰিক শক্তিও।