সমন্বয়মুখী ভাৰতৰ অনুপম নিদৰ্শন; ৩ মুছলমান ভ্ৰাতৃয়ে হিন্দুৰ মাজত বিতৰণ কৰিলে ১০১টা গণেশৰ মূৰ্তি

Story by  atv | Posted by  [email protected] • 4 d ago
আৰক্ষী বিষয়াৰ পৰা গণেশৰ মূৰ্তি গ্ৰহণ কৰিছে এগৰাকী হিন্দু মহিলাই
আৰক্ষী বিষয়াৰ পৰা গণেশৰ মূৰ্তি গ্ৰহণ কৰিছে এগৰাকী হিন্দু মহিলাই
 
ভক্তি চলিক/পুনে

মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ এটা মুছলমান পৰিয়ালৰ মহানুভৱতাই হিন্দু আৰু মুছলমানৰ মাজত একতা, সম্প্ৰীতি আৰু ভাতৃত্ববোধ সৱল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। জিলাখনৰ নাটেপুটে চহৰৰ মুলানী পৰিয়ালটোৱে গণেশ মহোৎসৱৰ সময়ত হিন্দুসকলৰ মাজত ১০১টা গণেশৰ প্ৰতিমূৰ্তি সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰে।

শ্বাহিদ, ছিকন্দৰ, আৰু নৌছাদ নামৰ তিনিজন ভায়েকে গঠন কৰা ৰাজা ফাউণ্ডেচনে হিন্দুসকলৰ মাজত গণেশৰ মূৰ্তি বিতৰণ কৰা পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যই এই কামত সহযোগিতা আগবঢ়াইছে। ৰাজা ফাউণ্ডেচনে সমাজৰ উন্নতিৰ বাবে অন্যান্য বিভিন্ন পদক্ষেপো গ্ৰহণ কৰি আহিছে।
 
উল্লেখ্য যে, মহাৰাষ্ট্ৰত গণেশ উৎসৱ সৰ্ববৃহৎ সামূহিক অনুষ্ঠান আৰু ইয়াত সকলো ধৰ্মৰ লোকে উৎসাহেৰে অংশগ্ৰহণ কৰে। শ্বাহিদ আৰু তেওঁৰ পৰিয়ালে প্ৰতিবাৰে হিন্দু উৎসৱত অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। হিন্দু-মুছলমান ঐক্যৰ প্ৰসাৰৰ বাবে ৰাজা ফাউণ্ডেচনে বহু পদক্ষেপ গ্ৰহণ কৰে।
 
গণেশৰ মূৰ্তি প্ৰদানৰ সময়ত মূলানী ভাতৃত্ৰয়
 
শ্বাহিদ মুলানী অঞ্চলটোৰ এজন সুপৰিচিত ব্যৱসায়ী। মহানগৰীত তেওঁৰ সাগৰ নামেৰে দুখন হোটেল আছে য’ত সুস্বাদু খাদ্য পৰিবেশন কৰা হয়। হোটেলসমূহত ৫০ জনতকৈ অধিক স্থানীয় লোকে কৰ্মসংস্থাপন লাভ কৰিছে। অৱশ্যে ব্যস্ততাৰ মাজতো শ্বাহিদে নিখুঁতভাৱে সমাজসেৱা কৰি আছে। ঈদৰ সমান্তৰালকৈ তেওঁ দশেৰা আৰু দীপাৱলীৰ দৰে উৎসৱত দৰিদ্ৰজনক দান-বৰঙণি আগবঢ়ায়। 
 
এই পদক্ষেপৰ বিষয়ে শ্বাহিদে কয়, ‘আমি সকলো ধৰ্মৰ প্ৰতি সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰিছো। ধৰ্মীয় সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু হিন্দু ভাইসকলৰ সুখত যোগদান কৰিবলৈ আমি এই গণেশোৎসৱত বিনামূলীয়াকৈ গণেশ মূৰ্তি দিয়াৰ সিদ্ধান্ত লৈছিলো। গণপতি সকলোৰে হৃদয়ৰ অতি আপোন, গতিকে আমি অনুভৱ কৰোঁ যে এই সৰু প্ৰচেষ্টাই সমাজত ঐক্য বৃদ্ধি কৰিব।”
 
তেওঁ আৰু কয়, “২০০৯ চনৰ পৰা আমি গণেশ মণ্ডলৰ সভাপতিসকলক বিসৰ্জনৰ দিনটোত প্ৰমাণ পত্ৰ আৰু নাৰিকল দি মুছলমান সম্প্ৰদায়ৰ হৈ সম্বৰ্ধনা জনাই আহিছো। ইয়াৰ জৰিয়তে শ্ৰমিকসকলৰ উৎসাহ বৃদ্ধি কৰি দুয়োটা সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ প্ৰয়াস কৰা হয়। আমি আশা কৰোঁ আমাৰ এই পদক্ষেপে সমাজৰ প্ৰতিটো স্তৰতে ধৰ্মীয় সম্প্ৰীতিৰ অনুভূতিৰ সৃষ্টি কৰে।”
 
বিনামূলীয়া গণেশ মূৰ্তিৰ বিপনীখন
 
নাটেপুটে থানাৰ সহকাৰী আৰক্ষী পৰিদৰ্শক মহাৰুদ্ৰ পৰজানেৰ উপস্থিতিত এই গণেশ মূৰ্তিসমূহ বিতৰণ কৰা হয়। এই উপলক্ষে ভাষণ দি তেওঁ কয়, "মুলানী পৰিয়ালৰ এই পদক্ষেপ ধৰ্মসমূহৰ মাজত ঐক্যৰ এক উৎকৃষ্ট নিদৰ্শন। শ্বাহিদ, ছিকন্দৰ, আৰু নৌছাদ মুলানীয়ে বিনামূলীয়া গণেশ মূৰ্তি প্ৰদান কৰি হিন্দু-মুছলমানৰ মাজত ঐক্য-সংহতিৰ বাৰ্তা বিলাইছে। হিন্দু-মুছলমান ঐক্যৰ প্ৰসাৰৰ বাবে সমগ্ৰ ভাৰততে এনে প্ৰচেষ্টা চলোৱা উচিত।"
 
ইছলামে দিয়া সামাজিক সম্প্ৰীতিৰ শিক্ষাৰ সন্দৰ্ভত শ্বাহিদে কৈছে, “হজৰত মহম্মদে সামাজিক ঐক্য আৰু পাৰস্পৰিক সন্মানৰ শিক্ষা দিছিল। আমিও একেই পথেই অনুসৰণ কৰি আছো। আমাৰ পিতৃ-মাতৃয়েও আমাক একেখিনি মূল্যবোধৰ শিক্ষা দিছে। সকলো ধৰ্মৰ শিক্ষা একে। সেইবাবেই আজিও গাঁৱৰ সকলো ধৰ্মৰ মানুহে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু আমিও তেওঁলোকৰ অনুষ্ঠানলৈ যাওঁ।”