আৱাজ দ্য ভইচ অসম ব্যুৰ'
ৱাকফ (সংশোধনী) আইন বলবৎ হোৱাৰ পিছতে অসম আৰু পশ্চিম বংগকে ধৰি দেশৰ ভিন্ন প্ৰান্তত মুছলমান দল সংগঠনসমূহ প্ৰতিবাদমুখৰ হৈ পৰিছে। গুৱাহাটীত বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ৱাকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। এই আইনে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে সদ্য গৃহীত ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বিৰুদ্ধে সোমবাৰে অসমৰ পাঁচটা বিশিষ্ট মুছলমান সংগঠন ক্ৰমে মুছলিম ছাত্ৰ সন্থা (MSUA), উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থা (NEMSU), মুছলিম জাতীয় পৰিষদ (MJP), ধৰ্মীয় সংখ্যালঘু পৰিষদ (RMC), আৰু সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা (ABMSU)ই এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে।
গুৱাহাটীৰ চচলত ধৰ্ণা প্ৰদৰ্শন কৰি শতাধিক লোকে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই পদক্ষেপক গৰিহণা দি ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় স্বাধীনতা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰে। এম এছ ইউ এৰ সভাপতি জালাল উদ্দিনে সকীয়াই দিয়ে যে যদিহে চৰকাৰে এই আইনখন বাতিল নকৰে, তেন্তে সমগ্ৰ দেশতে মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত সংগঠনসমূহে দেশজোৰা আন্দোলনত নামিব।
তেওঁ কয়, ‘আমি এই আন্দোলনক ভাৰতৰ প্ৰতিটো চুকলৈ লৈ যাবলৈ সাজু হৈছো। এয়া কেৱল ধৰ্মীয় অধিকাৰৰ কথা নহয়। ই আমাৰ সাংবিধানিক স্বাধীনতাৰ কথা।’ তেওঁ আৰু কয় যে সংস্থাটোৱে আদালতত এই আইনক প্ৰত্যাহ্বান জনাবলৈ সাজু। ইফালে, নেমছুৰ সভাপতি বদৰুল ইছলামে কয়, ‘ৱাকফৰ সম্পত্তি মুছলমান সম্প্ৰদায়ৰ একচেটিয়া অধিকাৰ। ইয়াৰ প্ৰশাসন ব্যৱস্থাত অমুছলমানক জড়িত কৰিলে আমাৰ ধৰ্মীয় স্বাধীনতা ক্ষতিগ্ৰস্ত হ'ব।”
প্ৰতিবাদৰ সময়ত পাঁচটা সংগঠনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এখন স্মাৰক পত্ৰ প্ৰদান কৰি সাংবিধানিক কৰ্তৃত্ব ব্যৱহাৰ কৰি আইনখন পুনৰ বিবেচনা কৰি ইয়াক বাতিল কৰিবলৈ আহ্বান জনায়। স্মাৰকপত্ৰখনত ৱাকফ (সংশোধনী) আইনখনৰ বিশদ সমালোচনা উল্লেখ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে দাবী কৰিছএ যে ই মুছলমান প্ৰতিষ্ঠানসমূহৰ আধ্যাত্মিক আৰু আৰ্থ-সামাজিক দুয়োটা ভেটিৰ সৈতে আপোচ কৰে।
আনহাতে, এই সন্দৰ্ভত জমিয়ত উলেমা-ই-হিন্দৰ নেতা তথা অধিবক্তা জুনেইড খালিদে 'আৱাজ দ্য ভইচ অসম'ৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৱাকফ আইনৰ উদ্দেশ্য সঠিক নহয়, ৱাকফৰ নামত প্ৰকৃতাৰ্থত যিসকল মুছলমানে ভূমি দান কৰিছে, সেয়া চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছে। এই আইনৰদ্বাৰা চৰকাৰে ৱাকফৰ প্ৰধান উদ্দেশ্য মষিমূৰ কৰিছে।
ইফালে, ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ জাংগীপুৰত প্ৰতিবাদকাৰীৰ দলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে আৰক্ষীৰ বাহন জ্বলাই শিলগুটি নিক্ষেপ কৰে। প্ৰতিবাদৰ সময়ত সংঘটিত এই ঘটনাৰ পিছতে অঞ্চলটোত বৃহৎ আৰক্ষীৰ দল মোটায়েন কৰা হৈছে আৰু এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
“কিছুমান সংগঠনে প্ৰতিবাদী সমাৱেশৰ আহ্বান জনাইছিল আৰু এটা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল। যেতিয়া আৰক্ষীয়ে অৱৰোধৰ চেষ্টা কৰিছিল তেতিয়া এই হিংসাত্মক কাণ্ড সংঘটিত হয়। অৱশ্যে এতিয়া আৰক্ষীয়ে অঞ্চলটোত টহল দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে।"- এই মন্তব্য মুৰ্ছিদাবাদৰ জিলা দণ্ডাধীশ ৰাজৰ্শী মিত্ৰৰ।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জাংগীপুৰ আৰু মুৰ্ছিদাবাদৰ অন্যান্য অঞ্চলতো কেইবাটাও সংগঠনে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সভা আয়োজন কৰে। বিভিন্ন অঞ্চলত বৃহৎ সংখ্যক লোকে ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদকাৰীৰ এটা অংশই দুপৰীয়াৰ ভাগত জাংগীপুৰৰ উমৰপুৰ ক্ৰছিং অৱৰোধ কৰি ৰাষ্ট্রীয় ঘাইপথ ১২নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷
প্ৰথম অৱস্থাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক অৱৰোধ প্ৰত্যাহাৰ অনুৰোধ কৰিছিল যদিও তেওঁলোকে লৰচৰ কৰা নাছিল। পিছত যেতিয়া আৰক্ষীয়ে বলপূৰ্বক অৱৰোধ উঠাবলৈ চেষ্টা কৰে তেতিয়া প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু তেওঁলোকৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ দুখন জীপো জ্বলাই দিয়ে।