এডভান্টেজ আছাম ২.০ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আৱাজ দ্য ভইচ অসম ব্যুৰ'
"এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ স্থাপনৰ এক মেগা অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। আজি যেতিয়া ভাৰত উন্নয়নৰ দিশে আগবাঢ়িছে, তেতিয়া আকৌ এবাৰ আমাৰ উত্তৰ-পূর্বাঞ্চলে নিজৰ শক্তি প্রদর্শন কৰিবলৈ গৈ আছে৷"-মঙলবাৰে গুৱাহাটীত এডভান্টেজ আছাম ২.০ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
এই শীৰ্ষ সন্মিলনৰ গুৰুত্ব আৰু তাৎপৰ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলে আজি এক নতুন ভৱিষ্যতৰ আৰম্ভণি কৰিলে। সমগ্ৰ বিশ্বতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আজি ভাৰতে নিজৰ স্থানীয় যোগান শৃংখল শক্তিশালী কৰি তুলিছে আৰু বিশ্বৰ বিভিন্ন অঞ্চলৰ সৈতে মুক্ত বাণিজ্য চুক্তিত লিপ্ত হৈছে। পূব এছিয়াৰ সৈতে আমাৰ সংযোগ শক্তিশালী হৈ আহিছে, আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে নতুন সুযোগৰ সৃষ্টি কৰিছে।"
ভাৰতীয় অৰ্থনীতিলৈ অসমৰ অৱদান আৰু তাত বিজেপি চৰকাৰৰ ভূমিকা সম্পৰ্কেও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ দাবী কৰে যে "অসমৰ অৱদান ক্ৰমাৎ বৃহৎ হৈ আহিছে। ২০১৮ চনত এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণ মুকলি কৰা হৈছিল। তেতিয়া অসমৰ অৰ্থনীতি প্ৰায় ২.৭৫ লাখ কোটি টকা আছিল, এতিয়া ই ৬ লাখ কোটি টকাত ভৰি দিছে। অৰ্থাৎ বিজেপি চৰকাৰৰ দিনত ছবছৰত অসমৰ অৰ্থনীতি দুগুণ হৈছে। ইয়াৰ দ্বাৰা ডাবল ইঞ্জিন চৰকাৰৰ দুগুণ প্ৰভাৱ দেখা গৈছে।"
ছেমিকণ্ডাক্টৰ (semiconductor)ৰ উৎপাদন বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "ছেমিকনডাক্টৰ নিৰ্মাণৰ বাবে অসম এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। শেহতীয়াকৈ অসমৰ জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰৰ এছেম্বলি আৰু টেক ফেচিলিটি মুকলি কৰা হৈছে। এই উদ্যোগটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰযুক্তিগত বৃদ্ধিৰ প্ৰসাৰ ঘটাব।"
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল, আৰু পবিত্ৰা মাৰ্ঘেৰিটাই এই সন্মিলনত অংশগ্ৰহণ কৰাৰ বিপৰীতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলি এক অধিবেশনত ভাষণ দিয়ে।
সন্মিলনত এন চন্দ্ৰশেখৰণ, মুকেশ আম্বানী, গৌতম আদানী, সজ্জন জিন্দাল, প্ৰশান্ত ৰুইয়া, অনিল আগৰৱাল, অনিল কুমাৰ চালামালাছেট্টী আদিৰ দৰে আগশাৰীৰ ব্যৱসায়িক নেতাসকলো উপস্থিত থাকে।অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া, টাইৱান, ইণ্ডোনেছিয়া, থাইলেণ্ড, ভূটান, জাপানকে ধৰি দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।
অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপেঃ
অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক উল্লেখযোগ্য উদগণি হিচাপে আদানী গোটে বিমানবন্দৰ, এৰো চিটি, চহৰৰ গেছ বিতৰণ, ট্ৰেন্সমিছন, চিমেণ্ট, আৰু পথ প্ৰকল্পকে ধৰি প্ৰধান খণ্ডসমূহত ৫০,০০০ কোটি টকাৰ ব্যাপক বিনিয়োগৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট ২০২৫ৰ সময়ত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে এই ঘোষণা কৰে।
ৰাজ্যখনৰ সমৃদ্ধিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি আদানীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে এই বিনিয়োগে অসমৰ অৰ্থনৈতিক অগ্ৰগতি ত্বৰান্বিত কৰাই নহয়, ইয়াৰ উদ্যোগিক পৰিৱেশ তন্ত্ৰও শক্তিশালী কৰিব। উদীয়মান বিনিয়োগৰ কেন্দ্ৰ হিচাপে অসমৰ সম্ভাৱনাৰ ওপৰত নিজৰ বিশ্বাস পুনৰ দৃঢ় কৰি আদানীয়ে কয় যে, "অতি গৌৰৱেৰে আজি মই আদানী গোটৰ অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছো।"
অসমৰ অৰ্থনৈতিক আকাংক্ষা আৰু গুজৰাটৰ বিনিয়োগ সন্মিলনৰ সফলতাৰ কাহিনীৰ মাজত তুলনা কৰি আদানীয়ে বৃহৎ পৰিসৰৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কৃতিত্ব দিয়ে। তেওঁ ২০০৩ চনত গুজৰাটৰ অৰ্থনৈতিক পুনৰুত্থান আৰু তাৰ পিছত ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটৰ আৰম্ভণিৰ কথা স্মৰণ কৰে, যিটো বিনিয়োগ-চালিত বৃদ্ধিৰ লাভ উঠাবলৈ আন ৰাজ্যসমূহৰ বাবে আৰ্হি হৈ পৰিছিল।
আদানী গ্ৰুপৰ অভিলাষী বিনিয়োগ পৰিকল্পনাই উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লগতে অসমৰ সংযোগ, উদ্যোগিক ক্ষমতা, শক্তিৰ আন্তঃগাঁথনি বৃদ্ধি কৰি ৰাজ্যখনক উত্তৰ-পূবৰ এক প্ৰধান অৰ্থনৈতিক শক্তিৰ স্থান হিচাপে গঢ়ি তুলিব বুলি আশা কৰা হৈছে।
৫ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব মুকেশ আম্বানীয়েঃ
আনহাতে, গুৱাহাটীত আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ অগ্ৰগতিৰ ভূয়সী প্ৰশংসা কৰে। এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিটৰ উদ্বোধনী অনুষ্ঠানত আম্বানীয়ে শক্তি আৰু সৃষ্টিৰ আৰাধ্য দেৱী মা কামাখ্যাক প্ৰণাম জনাই ভাষণ আৰম্ভ কৰে।
তেওঁ কয় যে, "এই অনুষ্ঠানৰ শিৰোনাম হৈছে 'এডভাণ্টেজ অসম', কিন্তু প্ৰতিজন অসমীয়া আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰকৃত এডভাণ্টেজ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব।" তেওঁ কয় যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চললৈ চাৰিটা উল্লেখযোগ্য পৰিৱৰ্তন আনিছে।
প্ৰথমতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰলৈ আনিছে। প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলটো ৭০ বাৰতকৈও অধিক ভ্ৰমণ কৰিছে। দ্বিতীয়তে, তেওঁ ‘এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট’ (Act East, Act Fast, Act First) দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে যিয়ে অসমক কৌশলগত বৃদ্ধিৰ কেন্দ্ৰ হিচাপে স্থান দিছে। আম্বানীয়ে উল্লেখ কৰে যে অসমৰ ইমান দ্ৰুত গতিত বিকাশৰ সম্ভাৱনা আছে যে দক্ষিণ-পূব আৰু পূব এছিয়াই পশ্চিম দিশলৈ অসমক অৰ্থনৈতিক সুযোগৰ ভূমি হিচাপে চাব পাৰে।
তৃতীয়তে, ৰিলায়েন্সৰ অধ্যক্ষই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অভূতপূৰ্ব সংযোগ বিপ্লৱক শলাগ লয়। তেওঁ আঙুলিয়াই দিয়ে যে ফিজিকেল আৰু ডিজিটেল আন্তঃগাঁথনিৰ বাহিৰেও মোদীৰ শাসন ব্যৱস্থাই উন্নয়নমূলক আৰু আৱেগিক সংযোগক উদগণি যোগাইছে আৰু দেশৰ বাকী অংশৰ সৈতে অসমৰ সম্পৰ্ক শক্তিশালী কৰিছে।
অসমক লৈ মুকেশ আম্বানীয়ে ঘোষণা কৰা বৃহৎ পদক্ষেপকেইটা হৈছেঃ আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটিৰ বিনিয়োগ, অসমত AI ৰেডি ডাটা চেন্টাৰ নিৰ্মাণ, বায় গেছ প্ৰকল্প, মেগা ফুড পাৰ্ক, ৮০০ ৰিলায়েঞ্চ ৰিটেইল ষ্ট'ৰ, ছেভেন ষ্টাৰ অৱেৰয় হোটেল স্থাপন আৰু শুৱালকুচিৰ বস্ত্ৰ শিল্পক লৈ নতুন পৰিকল্পনা।
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২০১৪ চনৰ পিছত অসমে পুনৰ জনম লাভ কৰিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটীত আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে।
এডভান্টেজ আছামৰ পদক্ষেপৰ আৰম্ভণিৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "প্ৰধানমন্ত্ৰী মোদী জীৰ আশীৰ্বাদত আমি প্ৰথমে ২০১৮ চনৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম আৰম্ভ কৰিছিলো। সেই সময়তে আমাৰ নুমলীগড় ৰেফাইনেৰীক ২৬ হাজাৰ কোটি টকা অনুমোদনেৰে ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছিল। পাৰাদ্বীপৰ পৰা নুমলীগৰলৈ পাইপ লাইন বহুওৱা হৈছিল। এই পাইপ লাইনৰ দৈৰ্ঘ্য আছিল ১৬৪০ কিঃমিঃ। অসমক গেছ গ্ৰীডৰ সৈতে সংযোগ কৰা হ'ল। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত টাটাৰ দ্বাৰা অসমক ছেমিকনডাক্টৰ প্ৰজেক্ট দিয়া হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অলপতে ভাৰত চৰকাৰৰ বাজেটত আমাৰ নামৰূপত গ্ৰীণ ফিল্ড ফাৰ্টিলাইজাৰ প্লেনৰ প্ৰতিশ্ৰুতি দিছে, যি আনুমানিক উৎপাদন ক্ষমতা ১২ লাখ মেট্ৰিক টন হ'ব। এই পদক্ষেপে ৰাজ্যখনৰ ঔদ্যোগিক আৰু কৃষি খণ্ডত যথেষ্ট অৰিহণা যোগাব।"
মুখ্যমন্ত্ৰী শৰ্মাই বিগত দশকত অসমৰ আৰ্থ-ৰাজনৈতিক পৰিৱৰ্তনৰ ওপৰতো গুৰুত্ব আৰোপ কৰি এসময়ত অশান্তিৰে জুৰুলা অঞ্চলত শান্তি গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শাসন ব্যৱস্থাক কৃতিত্ব দিয়ে। "২০১৪ চনৰ পিছত অসমে পুনৰ্জন্মৰ অভিজ্ঞতা লাভ কৰিলে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এসময়ত দেশৰ আটাইতকৈ বিচলিত ৰাজ্য অসম এতিয়া আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্যত পৰিণত হৈছে।"-তেওঁ কয়।
দুদিনীয়া ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট’ৰ মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া বক্তব্য অনুসৰি ২০৩০ চনৰ ভিতৰত অসমৰ অৰ্থনীতি ১৪৩ বিলিয়ন ডলাৰ হ’ব। তেওঁ বিনিয়োগকাৰীক ৰাজ্যৰ অৰ্থনৈতিক উন্নতিত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ৷
আশাবাদী পবিত্ৰ মাৰ্ঘেৰিটাঃ
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অসমত আজিৰে পৰা আৰম্ভ হোৱা বিনিয়োগ সন্মিলনৰ বৃহৎ পৰিসৰৰ বিষয়ে আলোকপাত কৰি কয় যে ৬০খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে ব্যৱসায়িক সুযোগ বিচাৰিবলৈ ইয়াত সমবেত হৈছে। ইতিমধ্যে এই অনুষ্ঠানত বিভিন্ন খণ্ডৰ শীৰ্ষ উদ্যোগৰ নেতাসকলে অংশগ্ৰহণ কৰিছে।
মাৰ্ঘেৰিটাৰ মতে, অসম ৰাজ্যিক মন্ত্ৰীসভাই ইতিমধ্যে ১.২ লাখ কোটিৰো অধিক মূল্যৰ বুজাবুজি চুক্তিত অনুমোদন জনাইছে আৰু সন্মিলনৰ শেষলৈকে মুঠ বিনিয়োগ ১.৫ লাখ কোটি টকাৰ অধিক হ’ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানটোক অসমৰ উন্নয়ন আৰু বিশ্বব্যাপী প্ৰসাৰৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰি মাৰ্ঘেৰিটাই ৰাজ্যখনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক সম্ভাৱনা আৰু বিনিয়োগ অনুকূল নীতিৰ পোষকতা কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।