৪৪ গৰাকী হজযাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা পেছাৱৰৰ আছিফ বছিৰক গণৰাজ্য দিৱসত সন্মানিত কৰা হ'ব

Story by  atv | Posted by  [email protected] • 2 d ago
৪৪ গৰাকী হজযাত্ৰীক ৰক্ষা কৰা পেছাৱৰৰ আছিফ বছিৰ
৪৪ গৰাকী হজযাত্ৰীক ৰক্ষা কৰা পেছাৱৰৰ আছিফ বছিৰ
 
নতুন দিল্লী

নতুন দিল্লীত অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ভাৰতৰ গণৰাজ্য দিৱসলৈ এইবাৰ পাকিস্তানৰ পৰা এজন বিশেষ অতিথি আহিব। যোৱা বছৰ ২৪ জন ভাৰতীয়কে ধৰি ৪৪ জন হজযাত্ৰীৰ জীৱন ৰক্ষা কৰা পেছাৱাৰৰ বাসিন্দা আছিফ বছিৰে তেওঁৰ অসাধাৰণ কাৰ্য্যৰ বাবে ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰাৰ লগতে গণৰাজ্য দিৱস উদযাপনৰ সময়ত ভাৰত গণৰাজ্যৰ অতিথি হ’ব।
 
গণৰাজ্য দিৱসৰ আগমুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা "জীৱন ৰক্ষক পদক" লাভ কৰিব আছিফ বছিৰে। ডুব যোৱা, দুৰ্ঘটনা, অগ্নিকাণ্ড, বিদ্যুৎস্পৃষ্ট, আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে পৰিস্থিতিত জীৱন ৰক্ষা কৰা লোকক প্ৰদান কৰা এই বঁটা ২০২৪ চনৰ হজত তেওঁৰ বীৰত্বপূৰ্ণ আৰু নিস্বাৰ্থ উদ্ধাৰ প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা হ’ব।
 
উল্লেখ্য যে, যোৱা বছৰ ছৌদি আৰৱত হজৰ সময়ত স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াইছিল বছিৰে। এই সময়ছোৱাত তীৰ্থযাত্ৰীসকলৰ বাবে এটা মূল ষ্টপেজ আছিল মিনা। ২২ৰ পৰা ২৭ জুনলৈ পাঁচ দিনৰ প্ৰচণ্ড গৰমৰ বাবে বহু তীৰ্থযাত্ৰী স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল।
 
এই পাঁচ দিনত আছিফ বছিৰে প্ৰায় ৩৫০ গৰাকী তীৰ্থযাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান আছিল চিকিৎসা দলে সংকটজনক অৱস্থা বুলি ঘোষণা কৰা ৫০ জন গুৰুতৰভাৱে অসুস্থ তীৰ্থযাত্ৰীক কান্ধত তুলি লোৱা। তেওঁ অসুস্থ লোকসকলক কান্ধত লৈ প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ চিকিৎসা কেন্দ্ৰ এটালৈ লৈ গৈছিল। সঠিক সময়ত তেওঁ প্ৰদৰ্শন কৰা এই বীৰত্বৰ বাবে ২৪ জন ভাৰতীয়কে ধৰি মুঠ ৪৪ জন লোকৰ জীৱন ৰক্ষা পৰে। আচৰিত কথাটো হ’ল যে আছিফ বছিৰৰ এই বীৰত্বপূৰ্ণ কামৰ কোনো তথ্য পাকিস্তান চৰকাৰৰ হাতত এতিয়ালৈকে নাই।
মনকৰিবলগীয়া যে, আব্দুল গাফ্ফৰ খানৰ পিছত পেছাৱৰৰ ইতিহাসত ভাৰত চৰকাৰৰ অসামৰিক বঁটাৰে সন্মানিত হোৱা দ্বিতীয়জন ব্যক্তি হিচাপে পৰিগণিত হ’ব আছিফ বছিৰ। ভাৰতীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এই প্ৰস্তাৱ গ্ৰহণ কৰি আছিফ বছিৰে কয়, ‘এই বঁটা পাকিস্তানৰ সকলো নাগৰিকৰ বাবে উৰ্ছগা কৰিছো। মই কোনো জাতি-ধৰ্ম বা দেশৰ কথা নাভাবি মানৱতাৰ কল্যাণৰ বাবে কাম কৰিছো। মই ভাৰতত গণৰাজ্য দিৱসৰ ৰাজ্যিক অতিথি হিচাপে সন্মানিত হোৱাটো সকলো পাকিস্তানীৰ বাবে এক গৌৰৱৰ কথা। পেছাৱৰৰ বাসিন্দা হিচাপে মই এই সন্মান মোৰ সতীৰ্থ পেছাৱৰীসকলৰ প্ৰতি উৎসৰ্গা কৰিছো।”
 
আছিফ বছিৰে লগতে কয় যে তেওঁৰ এই কাম আছিল মানৱতাৰ বাবে। কোনো ব্যক্তিৰ যাতে প্ৰাণ নাযায়, তাৰ বাবে তেওঁ দেশ বা ধৰ্মৰ কথা নাভাবি সকলোকে সহায় কৰিব বিচাৰে। 
 
পাকিস্তানেও ভাৰতীয় লোকক অসামৰিক বঁটা প্ৰদান কৰিছে। ১৯৮৬ চনত পান আম ফ্লাইট ৭৩ (Pan Am Flight) অপহৰণ কৰাৰ সময়ত যাত্ৰীক বচাবলৈ সাহস আৰু দয়াৰ বাবে ইছলামবাদে ১৯৮৭ চনত নীৰজা ভানোটক মৰণোত্তৰভাৱে পাকিস্তানৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান তামঘা-ই-পাকিস্তানক প্ৰদান কৰিছিল।
পাকিস্তানে ১৯৯০ চনৰ ১৯ ​​মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰীক সৰ্বোচ্চ অসামৰিক বঁটা নিশ্বান-ই-পাকিস্তান প্ৰদান কৰে। পেছাৱৰৰ বাসিন্দাগৰাকীৰ বাবে ভাৰতে এই বঁটা ঘোষণাই পাকিস্তান চৰকাৰক অস্বস্তিত পেলাইছে, কাৰণ দেশখনৰ চৰকাৰৰ হাতত আছিফ বছিৰৰ এই সাহসী কাৰ্য্যৰ কোনো তথ্য নাই। ভাৰত চৰকাৰে বছিৰৰ সৈতে যোগাযোগ কৰাৰ পিছতহে এই খবৰ পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। 
 
বছিৰ আছিফৰ অসাধাৰণ সাহসিকতাৰ কোনো অভিলেখ নথকাৰ বাবে শ্বেহবাজ শ্বৰীফ চৰকাৰক পাকিস্তানৰ নাগৰিকে ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰিছে। ইয়াৰ পিছত আছিফ বছিৰৰ এই সন্মান সন্দৰ্ভত শ্বৰীফে সংশ্লিষ্ট মন্ত্ৰালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিৰ্দেশ দিছে যে বছিৰক ৰাষ্ট্ৰীয় অসামৰিক বঁটাৰ বাবে মনোনীত কৰা হৈছে নে নাই, তাৰ তদন্ত কৰা উচিত।
 
পাকিস্তানী বিশ্লেষকসকলে কয় যে ছৌদি আৰৱত থকা তেওঁলোকৰ ৰাষ্ট্ৰদূতৰ হাতত আছিফ বছিৰৰ এই কাৰ্য্যৰ কোনো অভিলেখ নাই। ব্ৰিটিছ চৰকাৰেও বছিৰৰ এই কাৰ্যক প্ৰশংসা কৰি তেওঁক "কিং গেলেণ্ট্ৰি এৱাৰ্ড"ৰ বাবে মনোনীত কৰিছে। এই বঁটা ব্ৰিটেইনত সেইসকল ব্যক্তিক দিয়া হয় যিসকলে জৰুৰীকালীন পৰিস্থিতিত অসীম সাহস দেখুৱাইছে।