১ টকা ১ পইচাকৈ পুনৰ বৃদ্ধি হ'ল প্রতিলিটাৰ পেট্ৰ'লৰ মূল্য

Story by  atv | Posted by  Munni Begum • 4 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
পেট্ৰ'লৰ মূল্য মূল্যবৃদ্ধিৰে পুনৰ ৰাইজক মাধমাৰ শোধালে চৰকাৰে। প্রতিলিটাৰ পেট্ৰ'লত পুনৰ বৃদ্ধি হ'ল ১ টকা ১ পইচাকৈ। ১০ অক্টোবৰত প্ৰতিলিটাৰ পেট্ৰ'লৰ বিপৰীতে চৰকাৰে বৃদ্ধি কৰিলে 'ভেট'। ইয়াৰ লগে লগে গুৱাহাটীত ৯৭.১৪ টকাৰ প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম হ'লগৈ ৯৮.১৫ টকা।  
 
তাৎপর্যপূর্ণভাৱে যোৱা ৫ জুনত প্রতিলিটাৰ পেট্ৰ'লত ১ টকা ১ পইচাকৈ আৰু ডিজেলৰ দাম বৃদ্ধি হৈছিল ১ টকাকৈ। ৫ জুনত ৯৬.১৪ টকাৰ প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম হৈছিলগৈ ৯৭.১৪ টকা আৰু ৮৮.৩৮ টকাৰ প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছিলগৈ ৮৯.৩৮ টকা। ইয়াৰ পূৰ্বে যোৱা এপ্রিল মাহতো বৃদ্ধি হৈছিল পেট্ৰ'লৰ দাম। 
 
লক্ষণীয়ভাৱে চলিত বর্ষত ক্রমাগতভাৱে বৃদ্ধি হোৱা পেট্ৰ'লৰ দামে স্বাভাৱিকতে বিপাঙত পেলাইছে সৰ্বসাধাৰণক। কাৰণ পেট্ৰ'ল-ডিজেলৰ দামৰ সৈতে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সম্পর্ক অংগাংগী। পেট্র'ল-ডিজেলৰ দাম বৃদ্ধি হ'লে সকলো সামগ্ৰীৰে পৰিবহণ ব্যয় বৃদ্ধি হয়। লগে লগে সেইসমূহ সামগ্রীৰ দামো বৃদ্ধি হয়।