ভক্তি চলিক / পুনে
"মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মই উপলব্ধি কৰিছিলোঁ যে জীৱন ৰক্ষাৰ বাবে ৰক্তদান কিমান গুৰুত্বপূৰ্ণ। পুত্ৰক হেৰুৱাই ঘৰত বহি শোক কৰি থকাৰ পৰিৱৰ্তে সমাজলৈ বৰঙণি আগবঢ়াব বিচৰাৰ বাবেই মই ডাঙৰ ৰূপত ৰক্তদানৰ কাম হাতত লৈছিলো।”-প্ৰায় ১৩ বছৰ পূৰ্বে তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯ বছৰীয়া পুত্ৰক হেৰুওৱা পুনেৰ বাসিন্দা সুৰেশ ছপকলে এইদৰে কয়।
যোৱা ২৪ ডিচেম্বৰত কিংবদন্তি গায়ক মহম্মদ ৰফিৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ছপকলে এন জি অ’ সুজয় প্ৰতিষ্ঠানৰ সহযোগত পুনেৰ নৱী পেঠ অঞ্চলত ৰক্তদান শিবিৰৰ আয়োজন কৰে। এই শিবিৰত পঞ্চাশজনৰো অধিক লোকে ৰক্তদান কৰি মহম্মদ ৰফিৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। এই অভিনৱ কামৰ জৰিয়তে ছপকলে ৰক্তদানৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ জৰিয়তে মানুহৰ জীৱন ৰক্ষাৰ প্ৰয়াস চলায়। ৰক্তদান শিবিৰৰ অন্তত সন্ধিয়া মহম্মদ ৰফিৰ জীৱনৰ আধাৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছত সুৰীয়া সংগীত কনচাৰ্টৰ এক কাৰ্যসূচীও অনুষ্ঠিত হয়।
ছকপালে 'আৱাজ-দ্য ভইচ'ক কয়, ‘মোৰ খুড়া মহম্মদ ৰফিৰ ডাঙৰ অনুৰাগী। প্ৰতি বছৰে মহম্মদ ৰফিৰ জন্মদিনত তেওঁ সংগীত সন্ধিয়াৰ আয়োজন কৰে। গতিকে, এই বছৰ ৰফিৰ জন্ম শতবাৰ্ষিকী আছিল, গতিকে আমি দুয়ো একেলগে আহি ৰক্তদান শিবিৰৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিলো।"
তেওঁ লগতে কয়, ‘হয়তো প্ৰথমবাৰৰ বাবে কোনোবাই গায়কৰ স্মৃতিত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। মই ভাবিলোঁ আন কিছুমান কাম কৰাৰ সলনি ৰক্তদান শিবিৰৰ কিয় আয়োজন কৰা নহয়? এই কাৰ্য্যই সমাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব আৰু আৰ্তজনকো সহায় কৰিব।”
ৰক্তদান শিবিৰত সংগীতশিল্পী মহম্মদ ৰফিক শ্ৰদ্ধাঞ্জলি
সুৰেশ ছপকলে এতিয়ালৈকে শ শ ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। এয়া তেওঁৰ ৯৮ সংখ্যক বাৰৰ বাবে ৰক্তদান। কৰ’ণা মহামাৰীৰ বাবে ৰাজ্যত তেজৰ অভাৱৰ সময়ত সুৰেশ ছপকল আৰু তেওঁৰ সংগঠনে হাজাৰৰো অধিক আৰ্তজনক প্লাজমা আৰু তেজৰ যোগান ধৰে। তেওঁৰ অৱদানৰ বাবে তদানীন্তন ৰাজ্যপালয়েও তেওঁক সম্বৰ্ধনা জনায়।
উল্লেখ্য যে, শিশুৰ ক্ষেত্ৰত থেলাছেমিয়া এক জটিল ৰোগ। এই ৰোগৰ বাবে বহু শিশুৱে প্ৰাণ হেৰুৱায়। এই ৰোগীসকলক দুমাহত এবাৰ ৰক্ত সঞ্চালনৰ প্ৰয়োজন হয়। গতিকে, এনে ৰোগীক বচাবলৈ পুনেৰ এই ব্যক্তিগৰাকীয়ে প্ৰতিদিনে অধিক সংখ্যক ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ছপকলে কয়, ‘ক’ৰোণা কালত আমি তেজৰ প্ৰয়োজনত সহায় কৰা মুছলমান ভাই-ভনীসকলক একত্ৰিত কৰি শাস্ত্ৰী চ’কত ৰক্তদান সম্পৰ্কে ফতোৱা জাৰি কৰিছিলো। তেতিয়াৰ পৰা সেই লোকসকলেও প্ৰতি বছৰে ৰক্তদান শিবিৰ পাতি বৃহৎ পৰিসৰত ৰক্তদান কৰি আহিছে।”
তেওঁ আৰু কয়, “আমি হাদাপছাৰ আৰু ৰামটেকডি চুবুৰীৰ লোকসকলকো ৰক্তদানৰ গুৰুত্বৰ বিষয়ে বুজাইছিলো। আমি তেওঁলোকক ক’লোঁ যে যদি মুছলমানসকলেও নিয়মিতভাৱে ৰক্তদান কৰিবলৈ আৰম্ভ কৰে, তেন্তে ৰক্তৰ অভাৱত ভোগা ১০ শতাংশ লোকক সহায় কৰিব পাৰিব। আমি তেওঁলোকক কোৱাৰ পিছত সেই লোকসকলেও গুৰুত্ব বুজি পাইছিল আৰু আমাক ৰক্তদানৰ আশ্বাস দিছিল। সমাজত মানৱতাক ৰক্ষা কৰিবলৈ সকলোৱে জাতি, ধৰ্ম নিৰ্বিশেষে কৰ্তব্য আৰু প্ৰকৃত প্ৰয়োজন বুলি গণ্য কৰি ৰক্তদান কৰা উচিত।”
ছপকলে কয়, "তেজ কোনো কাৰখানাত তৈয়াৰ নহয়, কেৱল মানুহৰ পৰাহে লাভ কৰা হয়। ৰক্তদানৰ সময় আহিলে কোনেও দেখা নাপায় ই কোন জাতিৰ, কোন ধৰ্মৰ। তেজৰ কোনো জাতি-ধৰ্ম নাই, গতিকে ই হিন্দু নে মুছলমান কোনেও ক'ব নোৱাৰে। তেজত কেৱল মানৱতা থাকিব লাগে। গতিকে মানুহে পাৰ্যমানে ৰক্তদান কৰা উচিত, কাৰণ কাৰোবাৰ বাবে কেতিয়া ইয়াৰ প্ৰয়োজন হ'ব কোনেও ক’ব নোৱাৰে।"