হোলী উপলক্ষে ৬২ খন বিশেষ ৰে'লৰ ব্যৱস্থা ৰে'ল বিভাগৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
ৰঙৰ উৎসৱ হোলী উপলক্ষে ৬২ খনকৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে ভাৰতীয় ৰে'ল বিভাগে। হোলীৰ সময়ছোৱাত যাত্ৰীৰ অত্যধিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্রতিষ্ঠানটোৱে এই সিদ্ধান্ত গ্রহণ কৰিছে। 
 
উল্লেখ্য যে, অহা ১৩ মার্চত হোলিকা দাহন অনুষ্ঠানেৰে হোলীৰ আৰম্ভ হ'ব আৰু ১৪ মার্চত সমগ্র দেশজুৰি উদ্যাপন হ'ব হোলী উৎসৱ। ইয়াৰ পিচতে ১৫ আৰু ১৬ মার্চ শনি আৰু দেওবাৰ হোৱা বাবে এই সময়ছোৱাত যাত্ৰীৰ ভিৰ অধিক হ'ব বুলি অনুমান কৰিছে ৰে'ল বিভাগে। 
 
সেইবাবে যাত্রীসকলক সুকলমে তেওঁলোকৰ গন্তব্য স্থানলৈ যোৱাৰ সুবিধা প্ৰদান কৰাৰ বাবেই ৰে'ল বিভাগে এই বিশেষ ৰে'লসমূহৰ ব্যৱস্থা কৰিছে।
 
এই বিশেষ ৰে'লসমূহ হৈছে-সবৰমতী-হৰিদ্বাৰ-সবৰমতী ছুপাৰফাষ্ট স্পেচিয়েল, হিছাৰ-হাদাপছাৰ (পুনে)-হিছাৰ উইকলি ছুপাৰ ফাষ্ট স্পেচিয়েল, হাদাপছাৰ-হিছাৰ উইকলি স্পেচিয়েল, দিল্লী চৰাই-সবৰমতী ৰিজার্ভড ছুপাৰ ফাষ্ট স্পেচিয়েল, মুম্বাই চেন্ট্রল-দিল্লী-মুম্বাই চেন্ট্রেল বাই উইকলি ছুপাৰ ফাষ্ট স্পেচিয়েল, দিল্লী-মুম্বাই চেন্ট্রেল ৰে'ল ইত্যাদি।