একেৰাহে দশমবাৰৰ বাবে আৰবিআই-ৰ ৰেপো ৰেট ৬.৫ শতাংশ

Story by  atv | Posted by  Munni Begum • 9 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
মুম্বাই
 
বুধবাৰে আৰ বি আইয়ে অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ মাজত ভাৰসাম্য বজাই ৰখাৰ বাবে একেৰাহে দশমখন বৈঠকৰ বাবে মূল নীতিগত ৰেপ’ হাৰ ৬.৫ শতাংশ অপৰিৱৰ্তিত কৰি ৰাখিছে। কিন্তু কেন্দ্ৰীয় বেংকে নিজৰ স্থিতি ‘নিৰপেক্ষ’ লৈ সলনি কৰিলে, যাৰ ফলত আগন্তুক নীতিসমূহত কৰ্তন হ’ব পাৰে। 
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভে যোৱা মাহত মানদণ্ডৰ হাৰ ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ পিছতো আৰবিআইয়ে নিজৰ স্থিতি বজাই ৰাখিছে। কিছুমান উন্নত ৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকেও তেওঁলোকৰ সূতৰ হাৰ হ্ৰাস কৰিছে।
 
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বেঞ্চমাৰ্ক সুতৰ হাৰৰ ক্ষেত্ৰত আৰ বি আইয়ে যথাৰ্থ অৱস্থা বজাই ৰাখিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে, ভাৰতৰ জিডিপি বৃদ্ধি শক্তিশালী হৈ থাকিলেও আৰবিআই য়ে খাদ্যৰ মুদ্ৰাস্ফীতি বৃদ্ধিৰ প্ৰতি সতৰ্ক হৈ থাকিব।