প্ৰথমবাৰলৈ বিধায়ক হোৱা তৃণমূল পৰ্যায়ৰ নেত্ৰী ৰেখা গুপ্তাৰ দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰা

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাজ্যপাল ভি কে ছাক্সেনাৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
ৰাজ্যপাল ভি কে ছাক্সেনাৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ নেত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই দিনটো তেওঁ আৰু তেওঁৰ দলৰ বাবে ঐতিহাসিক হৈ ৰ’ব, কাৰণ প্ৰায় ২৭ বছৰৰ পাছত দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিছে। তৃণমূল পৰ্যায়ৰ পৰা গৈ দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰি আগশাৰীৰ নেত্ৰী হোৱা ৰেখা গুপ্তাৰ দলৰ মতাদৰ্শৰ প্ৰতি গভীৰ বিশ্বাস আছে।

দীৰ্ঘদিন ধৰি সংগঠনটোত বিভিন্ন ভূমিকাত কাম কৰাৰ লগতে কাউন্সিলাৰ হিচাপে তেওঁ দিল্লীবাসীক সেৱা আগবঢ়াইছে। এনে পৰিস্থিতিত ৰাজধানীৰ সমস্যাবোৰৰ বিষয়ে তেওঁ ভালকৈ বুজি পায়। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে তেওঁ অত্যন্ত সক্ৰিয় হৈ কাম কৰিব বুলি আশা কৰা হৈছে। তেওঁ হৈছে দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী।

ইয়াৰ পূৰ্বে দিল্লীয়ে বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ পৰাও মহিলা মুখ্যমন্ত্ৰী লাভ কৰিছে। ৰেখা গুপ্তাই আপৰ নেত্ৰী আতিশীৰ স্থানত দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব। শলিমাৰ বাগ আসনৰ পৰা নিৰ্বাচিত বিধায়িকা ৰেখা গুপ্তাই বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। এই ভূমিকাসমূহত তেওঁ মহিলা আৰু পিছপৰা সম্প্ৰদায়ৰ কল্যাণৰ বাবে কেইবাটাও অভিযান আৰম্ভ কৰিছিল।

উল্লেখ্য যে, ৰেখা গুপ্তাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ সৈতে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ দৌলত ৰাম মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ ১৯৯৬–৯৭ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতিত্ব কৰি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহৰ বিষয়সমূহ উত্থাপন কৰিছিল।
 

দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ৰেখা গুপ্তা
 
২০০৭ চনত উত্তৰ পিতামপুৰাৰ পৰা কাউন্সিলাৰ হোৱাৰ পিছত তেওঁ নিজৰ অঞ্চলৰ পুথিভঁৰাল আৰু উদ্যানৰ দৰে আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিছিল। এল এল বি পাঠ্যক্ৰমো অধ্যয়ন কৰা ৰেখা গুপ্তাই "আছ" নামৰ এটা বেচৰকাৰী সংস্থা (এন জি অ') প্ৰতিষ্ঠা কৰিছিল। ২০২৩ চনত আয়োজিত মেয়ৰৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ শ্বেলী অবেৰয়ৰ হাতত পৰাস্ত হোৱা ৫০ বছৰীয়া ৰেখা গুপ্তা ২০২৫ত প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে।
 
দিল্লী বিজেপিত বহু জ্যেষ্ঠ নেতা আছিল যদিও দলটোৱে মহিলা নেতৃত্বক অগ্ৰাধিকাৰ দি মুখ্যমন্ত্ৰী পদৰ বাবে ৰেখা গুপ্তাক বাছি লয়। দিল্লী বিজেপিৰ আন একাংশ নেতাৰ তুলনাত তেওঁক ল'-প্ৰফাইল বুলি গণ্য কৰা হয়। যোৱা ৮ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা আৰম্ভ হোৱা জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে বুধবাৰে নিশা মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে।

মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিজেপিয়ে ৰেখা গুপ্তাৰ বাছনিক মহিলা নেতৃত্বৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। বৰ্তমান তেওঁ বিজেপিৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হ’ব। বিজেপি বিধানসভা দলৰ নেত্ৰী নিৰ্বাচিত হোৱাৰ পিছত ৰেখা গুপ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ নেতৃত্ব আৰু দিল্লীৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব বুলি উল্লেখ কৰি ৰেখা গুপ্তাই এই সুযোগৰ বাবে প্ৰধানমন্ত্ৰী মোদী, বিজেপি হাইকমাণ্ড আৰু দিল্লীবাসীক ধন্যবাদ জনায়। উল্লেখ্য যে, দিল্লীত সুদীৰ্ঘ ২৭ বছৰৰ পাছত বিজেপিৰ বাবে আৰম্ভ হৈছে এক নতুন অধ্যায়। দেশৰ মহিলাসকলৰ বাবেও এয়া এক গৌৰৱৰ মুহূৰ্ত।

"আমি চৰকাৰ গঠনৰ দাবী কৰিছিলো, সেয়া দিল্লীবাসীয়ে আমাৰ ওপৰত আস্থা ৰাখি আমাক এই সুযোগ দিছে। দিল্লীবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰাটোৱেই হ’ব মোৰ জীৱনৰ লক্ষ্য।"-নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়। তেওঁ লগতে কয় যে এগৰাকী মহিলাই মুখ্যমন্ত্ৰী পদৰ দায়িত্ব পোৱাটো দেশৰ মহিলাসকলৰ বাবে গৌৰৱৰ বিষয়, কাৰণ তেওঁলোকে জনসংখ্যাৰ আধা অংশক প্ৰতিনিধিত্ব কৰে।

তেওঁ কয়, "মই এই শপত খাইছো যে মই এই দায়িত্ব পালনত মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত উৰ্চগা কৰিম। মোৰ জীৱনৰ লক্ষ্য হ'ব বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দিল্লী চৰকাৰে সময়সীমাৰ ভিতৰত কাম কৰিব আৰু সকলো বিধায়কে ‘টিম মোদী’ হিচাপে নিজৰ দায়িত্ব পালন কৰিব।"
বৃহস্পতিবাৰে ৰামলীলা ময়দানত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাই শপত গ্ৰহণ কৰাৰ লগে লগে দিল্লীত বিজেপিয়ে নতুন অধ্যায়ৰ পাতনি মেলিব। ৰেখা গুপ্তাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত দলীয় নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি দিল্লীবাসীৰ কল্যাণৰ বাবে সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ কয়, "মোৰ ওপৰত বিশ্বাস ৰখা আৰু মোক মুখ্যমন্ত্ৰী পদৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে শীৰ্ষ নেতৃত্বৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এই আস্থা আৰু সমৰ্থনে মোক নতুন শক্তি আৰু প্ৰেৰণা যোগাইছে। দিল্লীৰ প্ৰতিজন নাগৰিকৰ কল্যাণ, সৱলীকৰণ আৰু সামগ্ৰিক উন্নয়নৰ বাবে পূৰ্ণ নিষ্ঠাৰে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছো। দিল্লীক নতুন উচ্চতালৈ লৈ যোৱাৰ এই গুৰুত্বপূৰ্ণ সুযোগৰ প্ৰতি মই সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।"

উল্লেখ্য যে, দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৮খন আসন লাভ কৰি আম আদমী পাৰ্টিক ক্ষমতাৰ পৰা উৎখাত কৰি এক ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।