কলকাতা
যোৱা বছৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা নাগৰিক স্বেচ্ছাসেৱকজনক শনিবাৰে চি বি আইৰ আদালতে দোষী সাব্যস্ত কৰে। কাণ্ডটোৱে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদ আৰু উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল। কলকাতা আৰক্ষীৰ নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰায়ক ২০২৪ চনৰ ৯ আগষ্টত সংঘটিত হোৱা ভয়ানক কাণ্ডৰ এদিন পিছতে গ্ৰেপ্তাৰ কৰি ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
ন্যায়াধীশগৰাকীয়ে কয় যে, "মই সকলো প্ৰমাণ আৰু সাক্ষী পৰীক্ষা কৰিছো, যুক্তিও শুনিছো। এই সকলোবোৰৰ চোৱাৰ পিছত মই আপোনাক দোষী সাব্যস্ত কৰিছো। আপুনি দোষী। আপোনাক শাস্তি দিব লাগিব।" সোমবাৰে আদালতে ঘোষণা কৰিব শাস্তিৰ কোৱাণ্টাম।
শুনানিৰ সময়ত ৰায়ে প্ৰশ্ন উত্থাপন কৰে যে "তেওঁক ফ্ৰেম কৰা"সকলক কিয় মুকলি কৰি দিয়া হৈছে - স্থানীয় থানাৰ প্ৰাক্তন এছ এইচ অ'ৰ উল্লেখ হিচাপে দেখা গৈছে, যিয়ে আৰ জি কাৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সৈতে প্ৰমাণ সলনি কৰাৰ অভিযোগৰ ক্ষেত্ৰত জামিন লাভ কৰিছিল।
"মই সদায় ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধো। যদি মই অপৰাধ সংঘটিত কৰিলোঁহেঁতেন তেন্তে সংঘটিত হোৱা ঠাইত মোৰ মালাদাল ছিঙি গ'লহেঁতেন। মই কৰা নাছিলো, মোক ফ্ৰেম কৰা হৈছিল। এজন আই পি এছ বিষয়াকে ধৰি মোক ফ্ৰেম কৰাসকলক মুকলি কৰা হৈছে," ৰায়ে কয়।
এই সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ সোমবাৰে তেওঁৰ যুক্তি শুনিব। "সোমবাৰে আপোনাৰ শুনানি হ'ব। এতিয়া, মই আপোনাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছোঁ।"- আদালতে কয়।
ৰায়ৰ বিৰুদ্ধে ধাৰা ৬৪ (ধৰ্ষণ), ধাৰা ৬৬ (মৃত্যুৰ শাস্তি), আৰু ধাৰা ১০৩ (হত্যা)ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছিল। ৬৪ ধাৰাত সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আছে, আনহাতে ৬৬ নং ধাৰাত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিব পাৰি।
ৰায়দান শুনি আদালতৰ ভিতৰতে ভাঙি পৰে ভুক্তভোগীৰ পিতৃয়ে। "মই আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিলোঁ। আমাৰ আস্থাক সন্মান জনোৱাৰ বাবে আপোনাক ধন্যবাদ।"
চৰকাৰী চিকিৎসালয়খনৰ চেমিনাৰ হলৰ ভিতৰত ৩১ বছৰীয়া কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল।
অদম্য প্ৰতিবাদৰ মাজতে কলিকতা উচ্চ ন্যায়ালয়ে গোচৰটো চিবিআইক গতাই দিয়ে। কেন্দ্ৰীয় সংস্থাটোৱে একমাত্ৰ অভিযোগনামাত সঞ্জয় ৰায়ক “প্ৰধান অভিযুক্ত” হিচাপে ঘোষণা কৰি ভুক্তভোগীগৰাকীক দলবদ্ধ ধৰ্ষণৰ সম্ভাৱনাক নুই কৰিছিল।
বিচাৰৰ সময়ত অৱশ্যে সঞ্জয় ৰায়ে নিজকে নিৰ্দোষী বুলি দাবী কৰি তেওঁক ফ্ৰেম কৰা বুলি দাবী কৰে।
এই ঘটনাৰ পিছত তেতিয়াৰ আৰ জি কৰ কলেজৰ অধ্যক্ষ সন্দীপ ঘোষে পদত্যাগ কৰিবলৈ বাধ্য হয় কাৰণ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰখন গোচৰটো চম্ভালি লোৱাৰ ক্ষেত্ৰত অপৰিসীম সমালোচনাৰ সন্মুখীন হৈছিল।
১৫ আগষ্টত মহিলা আৰু সামাজিক কৰ্মীসকলৰ 'ৰিক্লেইম দ্য নাইট' ৰেলীৰ সময়ত জনতাই চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত ভাংচুৰ কৰাৰ পিছত বিষয়টোৱে এক হিংসাত্মক ৰূপ লৈছিল।
লগতে চিবিআইয়ে সন্দীপ ঘোষ আৰু স্থানীয় থানাৰ প্ৰাক্তন এছএইচঅ’ক হেতালি খেলা আৰু প্ৰমাণ সলনি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ঘোষে অপৰাধস্থলীৰ ওচৰত মেৰামতিৰ কামৰ নিৰ্দেশ দিছিল বুলি অভিযোগ উঠিছিল - যিটো সত্য কলিকতা উচ্চ ন্যায়ালয়ে লক্ষ্য কৰিছিল। কিন্তু চৰকাৰে এই ভাঙি-ছিঙা কামটো অপৰাধস্থলীৰ পৰা প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা বুলি অস্বীকাৰ কৰে।
গ্ৰেপ্তাৰৰ ৯০ দিনৰ ভিতৰত চিবিআইয়ে পৰিপূৰক অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে ঘোষ আৰু প্ৰাক্তন আৰক্ষী বিষয়া দুয়োকে “ডিফল্ট জামিন”ত মুকলি কৰি দিয়া হয়। কিন্তু চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ সৈতে জড়িত আন এটা গোচৰত ঘোষক জেলত ৰখা হৈছে।