ঝুমইৰ বিনন্দিনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
প্ৰিয়া শৰ্মা
অসমৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি এক পৰম্পৰা চলি আহিছে৷ সেয়া হ'ল যি ৰাজনৈতিক দলে উজনি অসমত বেছি সংখ্যক আসন দখল কৰিবলৈ সক্ষম হয়, সেই দলেই ৰাজ্যত চৰকাৰ গঠন কৰে৷ৰাজ্যত ইমানদিনে হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সমূহ পৰ্যালোচনা কৰিলে এই কথা স্পষ্ট ভাবে ওলাই পৰে৷ অৰ্থাৎ উজনি অসমৰ ভোটাৰেই অসমৰ চৰকাৰ গঠনৰ ৰাজনীতি নিয়ন্ত্ৰন কৰে৷
ইয়াৰ আঁৰত নিঃসন্দেহে কিছু কাৰণ নিহিত হৈ আছে৷ সেইবোৰ কাৰন সঠিক ভাবে বিশ্লেষন কৰি নিৰ্বাচনী ৰাজনীতিৰ পৰিকল্পনা প্ৰস্তুত কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব আৰু কৰ্তব্য। যি ৰাজনৈতিক দলে এই কাম নিষ্ঠা সহকাৰে কৰিছে, সেই দলেই ৰাজ্যত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে৷
উজনিৰ ৰাজনীতিৰ মূল বিষয়টো হ'ল যে ইয়াৰ ভোটাৰসকলৰ প্ৰায় সকলোখিনিয়েই বহল অৰ্থত অসমীয়া৷ অৰ্থাৎ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰে গঠিত ভোটাৰ৷ নামনি অসম আৰু বৰাক উপত্যকাৰ দৰে ইয়াত অনুপ্ৰৱেশকাৰী হিচাপে আখ্যা দি অহা হিন্দু অথবা মুছলমান ভোটাৰ নাই৷ স্পষ্টভাবে ক'বলৈ গ'লে ইয়াত পূৰ্ব বংগীয় মূলৰ ভোটাৰ নাই৷ যিখিনি মুছলমান ভোটাৰ আছে, সেইখিনিও মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা অসমীয়া ভাষী লোক৷
আনহাতে, বাংলাভাষী মানুহ খিনিও তাহানিতে ব্ৰিটিছৰ দিনতে অহা আৰু তেওলোক ইতিমধ্যে অসমীয়া মূলসুতিত নিজকে বিলীন কৰিছে৷ গতিকে এইখিনি লোকৰ সৈতে নামনি অসম অথবা বৰাক উপত্যকাত ইতিমধ্যে সংখ্যাগৰিষ্ঠ হৈ পৰা পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ ৰাজনৈতিক চিন্তাধাৰা, মতাদৰ্শ আদিৰ কোনো মিল নাই৷
২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত গৌৰৱ গগৈ
সেই কথাখিনি জানি বুজিয়েই চতুৰ ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০১ চনত ‘হু ইজ বদৰুদ্দিন’ বুলি কৈ উজনি অসমৰ লগতে মুলসূতিৰ অসমীয়া লোকৰ মাজত এক আবেগ সৃষ্টি কৰাৰ উপৰি মেৰুকৰণ কৰিবলৈ সক্ষম হৈছিল আৰু আবেগিক অসমীয়াখিনিয়ে তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ সপক্ষে ভোটদান কৰিছিল, যাৰ পৰিণতিত কংগ্ৰেছে অসমত পুনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল৷
তৰুণ গগৈয়ে ২০০১ চনত সৃষ্টি কৰা আবেগৰ আৰ্হিতে বিজেপিয়ে ২০১৬ চনৰ নিৰ্বাচনত আন এক আবেগ সৃষ্টি কৰি কংগ্ৰেছক উৎখাত কৰি ৰাজ্যত প্ৰথমবাৰৰ বাবে ক্ষমতা দখল কৰিছিল৷ সেয়া আছিল বিজেপি সৃষ্ট শৰাইঘাটৰ শেষ ৰণৰ আৱেগ, অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে খিলঞ্জীয়া জনগনক একত্ৰিত কৰাৰ নামত সৃষ্টি কৰা আবেগ।
এই আবেগতে উটি-ভাহি গৈ ৰাজ্যৰ খিলঞ্জীয়া জণগণে সেইবাৰ ‘জাতীয় নায়ক’ আখ্যা পোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপিক ক্ষমতালৈ আনিছিল৷ ২০২১ চনতো বিজেপিয়ে সৰ্বানন্দ সোণোৱালকে সন্মুখত ৰাখি ৰাজ্যত বিধানসভা নিৰ্বাচনত অবতীৰ্ন হৈছিল৷ কিন্তু দলে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত সোণোৱালৰ স্থানত মুখ্যমন্ত্ৰী পদত অধিস্থিত হয় হিমন্ত বিশ্ব শৰ্মা৷ সোণোৱালক ৰাজ্যৰ প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰাই কেন্দ্ৰীয় মন্ত্ৰী হিচাবে স্থলাভিষিক্ত কৰা হয়৷
ইমানখিনিলৈকে সকলো ঠিকেই আছিল৷ ২০২৪ চনত হোৱা লোকসভা নিৰ্বাচনৰ পিছত পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰে৷ সেইবাৰৰ লোকসভা নিৰ্বাচনত হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলৰ সকলো প্ৰচেষ্টা ওফোৰাই গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হয়৷ সেইবাৰ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ সপক্ষে এক আবেগৰ সৃষ্টি হৈছিল৷ দল নিৰ্বিশেষে সকলো ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ সমৰ্থনত ভোট দিছিল৷
উজনি অসমৰ এখন নিৰ্বাচনী সভাত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ইয়াৰ মাজত বিজেপিৰ ভোটাৰো আছিল৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক হৰুৱাবলৈ তেওঁৰ মন্ত্ৰীসভাৰ আধাতকৈ বেছি সংখ্যক মন্ত্ৰীৰ লগতে বিধায়কক যোৰহাটত নিয়োজিত কৰাৰ পিছতো সফল হ'ব পৰা নাছিল৷ ইফালে, বিহালীৰ উপ-নিৰ্বাচনতো গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰাৰ্থীজনে বিজেপিৰ প্ৰাৰ্থীজনক প্ৰবল প্ৰত্যাহ্বান আগবঢ়াবলৈ সক্ষম হৈছিল৷ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলে হিমন্ত বিশ্ব শৰ্মাক উজনি অসমৰ ৰাজনীতি আৰু বিজেপিৰ স্থিতি সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে৷
উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে গৌৰৱ গগৈ৷ আহোমকে ধৰি উজনিৰ যিসকল জনগোষ্ঠী বিগত দুটা বিধানসভা নিৰ্বাচনত বিজেপিৰ পক্ষত আছিল, সেইসকলৰ বহুতে বিগত লোকসভা নিৰ্বাচনৰ পৰা গৌৰৱ গগৈৰ পক্ষত অবস্থান লোৱা দেখা গৈছে৷ এই প্ৰক্ৰিয়া অব্যহত থাকিলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে উজনি অসমত পূৰ্বৰ দৰে গৰিষ্ঠসংখ্যক আসন দখল কৰাটো কঠিন হৈ পৰিব৷
ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে উজনি অসমত মূলত আহোম আৰু চাহ জনগোষ্ঠীৰ ভোটাৰে গুৰুত্বপূৰ্ণ তথা ঠায়ে ঠায়ে নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰি আহিছে৷ চাহ জনগোষ্ঠীৰ লোকসকল পূৰ্বতে কংগ্ৰেছৰ সমৰ্থক আছিল যদিও ২০১৬ চনৰ পৰা বহুতে বিজেপিৰ সমৰ্থনত ভোট দিয়া দেখা গৈছে৷ ইয়াৰ বিপৰীতে আহোমসকলৰ ভোট বিগত দুটা বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত বিভাজিত হৈছে৷
এইবাৰ, অৰ্থাৎ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে যদি গৌৰৱ গগৈক সন্মুখত ৰাখি অৱতীৰ্ণ হয়, তেন্তে কেৱল আহোমেই নহয়, উজনিৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমুহেও গৌৰৱ গগৈৰ সমৰ্থনত থিয় দিয়াৰ সম্ভাৱনাই বেছি৷ কাৰণ প্ৰথম কথা হ'ল যে গৌৰৱ গগৈ উজনি অসমৰ আহোম জনগোষ্ঠীৰ লোক আৰু দ্বিতীয়তে তেওঁৰ পিতৃ তৰুণ গগৈৰ প্ৰতি উজনিৰ ৰাইজৰ এক আন্তৰিকতা আছে৷
তদুপৰি, গুৰুত্বপূৰ্ণ তথা অপ্ৰিয় সত্য কথাটো হ'ল যে উজনিৰ ৰাইজে সাধাৰনতে নেতা হিচাবে উজনিৰ লোককে বিচাৰে৷ হিমন্ত বিশ্ব শৰ্মা নামনি অসমৰ হোৱা বাবে হয়তো উজনি অসমত তেওঁৰ গ্ৰহণযোগ্যতা গৌৰৱ গগৈতকৈ কিছু কম হ'ব পাৰে৷ ফলত উজনিৰ ভোটাৰ, মূলতঃ আহোম জনগোষ্ঠীৰ ভোটাৰে গৌৰৱ গগৈৰ আহ্বানত বেছি সহাঁৰি দিব৷
অসম চৰকাৰৰ উদ্যোগত আয়োজিত ঝুমুৰ নৃত্যৰ এক মুহূৰ্ত
গতিকে, সকলো দিশ চালি জাৰি চাই আৰু ২০২৬ চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ অংক কৰি বিজেপিয়ে এই কথাত পতিয়ন গৈছে যে ৰাজ্যত পুনৰ ক্ষমতা দখল কৰিবলৈ হ'লে উজনি অসমত বেছি আসন পাবই লাগিব৷ সেই লক্ষ্যত উপনীত হ'বলৈ যিহেতু আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ সমৰ্থন নাপাব, সেয়েহে চাহ জনগোষ্ঠীৰ ভোট ১০০% লাভ কৰাটো নিশ্চিত কৰিব লাগিব৷
যদি এই কাম কৰিব পৰা যায়, তেন্তে উজনিৰ আন জনগোষ্ঠীৰ মাজত ভোটৰ বিভাজন ঘটাই তাৰো কিছু ভোট লাভ কৰিব পৰা যাব৷ এনে হিচাব-নিকাচ কৰিয়েই চৰকাৰে অনুষ্ঠিত কৰিলে ঝুমইৰ বিনন্দিনী নামৰ অনুষ্ঠান৷ অসমৰ আটাইতকৈ অবহেলিত জনগোষ্ঠী হিচাবে চিহ্নিত চাহ জনগোষ্ঠীক প্ৰধানমন্ত্ৰীৰ সন্মুখত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ দিয়াৰ জৰিয়তে দিয়া হল বিশেষ সন্মান৷ নৃত্য প্ৰদৰ্শন কৰা ৮৮০০ গৰাকী নাচনীৰ লগতে তেওঁলোকৰ পৰিয়ালক বিগত প্ৰায় তিনিমাহতকৈ অধিক কাল ইয়াৰ নামত ব্যস্ত কৰি ৰখা হ'ল৷
লগতে প্ৰতিগৰাকী নাচনিক ২৫ হেজাৰকৈ টকা মাননি হিচাবে দিয়াৰ কথাও ঘোষনা কৰা হ'ল৷ এইখিনি কাৰ্যই বিগত প্ৰায় ২০০ বছৰে অবহেলিত, অনাদৃত হিচাবে চিহ্নিত জনগোষ্ঠীটোক চৰকাৰ তথা বিজেপিৰ অনুগামী কৰি পেলালে৷ পৰিস্থিতি এনে পৰ্যায়লৈ লৈ যোৱা হ'ল যে ২০২৬ চনৰ নিৰ্বাচনত উজনি অসমত আহোমৰ ভোট কমকৈ পালেও হয়তো বিশেষ অসুবিধা নহ'ব৷ কাৰণ চাহ জনগোষ্ঠীৰ ভোট দলটোৱে ১০০%ই পাব৷
চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা আহোমতকৈ বেছি৷ তদুপৰি উজনিৰ সকলো সমষ্টিত আহোম ভোটাৰ নাথাকিলেও চাহ জনগোষ্ঠীৰ ভোটাৰ প্ৰায় প্ৰতিটো সমষ্টিতে আছে৷ মুঠতে ঝুমুইৰ বিনন্দিনীৰ জৰিয়তে বিজেপিয়ে প্ৰস্তুত কৰিছে উজনি অসম দখলৰ ব্লু প্ৰিন্ট৷