গুৱাহাটী
অসমৰ বৃহৎ জাতীয় সংগঠন সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদকৰূপে মনোনীত হৈছে সমীৰণ ফুকন। শিৱসাগৰত অনুষ্ঠিত জাতীয় সংগঠনটোৰ সাধাৰণ সভাত সহকাৰী সাধাৰণ সম্পাদকগৰাকীক সাধাৰণ সম্পাদকৰূপে মনোনীত কৰা হয়।
সমীৰণ ফুকনৰ নাম সাধাৰণ সম্পাদকৰূপে ঘোষণা কৰাৰ লগে লগেই জয়সাগৰৰ পৰাগ চলিহা ষ্টেডিয়ামৰ প্রতিনিধি সভা মণ্ডপৰ ভিতৰে-বাহিৰে থকা আছুকর্মী আৰু আছুৰ শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰে।
উল্লেখ্য যে, আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰূপে নির্বাচিত হোৱা সমীৰণ ফুকনৰ ঘৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ জয়ানগৰত। ১৯৮৯ চনৰ ১৯ ছেপ্টেম্বৰত জন্মগ্রহণ কৰা সমীৰণ ফুকনৰ পিতৃ তাৰাপ্রসন্ন ফুকন চাৰিঙৰ ছহিদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আৰু মাতৃ অঞ্জলি বৰুৱা ফুকন অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্রী।
তেওঁ ছাত্রাবস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত। ২০০২-০৩ বর্ষত অষ্টম শ্রেণীত অধ্যয়ন কৰি থকা সময়ত অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আলোচনী সম্পাদকৰূপে নির্বাচিত হৈ প্রত্যক্ষ ছাত্র ৰাজনীতিত প্রবেশ কৰা সমীৰণ ফুকন ২০০৩-০৪ বর্ষতো একেটা পদত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।
২০০৫ বর্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্রাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদকৰূপে আছুৰ মজিয়াত যাত্ৰা আৰম্ভ কৰে। একাদশ শ্রেণীত অধ্যয়নৰত সময়ত ২০০৫-০৬ বর্ষত একেখন শিক্ষানুষ্ঠানৰ সাধাৰণ সম্পাদকৰূপে নির্বাচিত হয়। কলেজীয়া দিনতো সক্রিয় ছাত্র ৰাজনীতিত জড়িত হৈ শিৱসাগৰ কলেজ, জয়সাগৰৰ ছাত্ৰ একতা সভাৰ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ সাধাৰণ সম্পাদক নির্বাচিত হোৱাৰ উপৰি ২০০৯-১০ বর্ষত উপ-সভাপতিৰূপে নির্বাচিত হৈ ছাত্র একতা সভাৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
কলেজীয়া ছাত্র হৈ থকা সময়তে ২০১০ বৰ্ষত শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হৈ ২০১৪ বর্ষলৈকে দায়িত্বত থাকি ২০১৪ বৰ্ষৰ শেষৰ ভাগৰ পৰা ২০১৬ বৰ্ষৰ জানুৱাৰীলৈ সভাপতিৰ দায়িত্বত আছিল। ২০১৬ বৰ্ষৰ জানুৱাৰীত বৰ্তমানৰ চৰাইদেউ জিলাসহ থকা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈ তাৰ পৰৱৰ্তী পৰ্যায়ত ২০২০ চনৰ অক্টোবৰ মাহত পুনৰ দ্বিতীয় কার্যকালৰ বাবে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হয়।
২০২০ চনৰ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰি আছুৰ কেন্দ্রীয় কার্যনির্বাহকৰূপে নির্বাচিত হয়। ২০২২ বর্ষৰ ছেপ্টেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে নির্বাচিত হৈ ২০২৩ বর্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কার্যনির্বাহ কৰে ২০২৩ বর্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বৰ্ষৰ ডিচেম্বৰ পর্যন্ত আছুৰ কেন্দ্রীয় কার্যনির্বাহকৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নির্বাচিত হয়।
শিৱসাগৰ কলেজ, জয়সাগৰৰ পৰা ৰাজনীতি বিভাগৰ স্নাতক ডিগ্রীধাৰী ফুকনে পৰৱৰ্তী কালত সংযোগী শিক্ষাৰ অধীনত ৰাজনীতি বিজ্ঞান আৰু গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ উপৰি বৰ্তমান সমাজতত্ত্ব বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তিম ষাণ্মাসিকৰ ছাত্ৰ।
উল্লেখ্য যে, আজি প্রতিনিধি সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পাঁচ সহস্রাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে। জাতীয় সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শর্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চর্জুন হাঞ্চেকে আদি কৰি প্ৰতিগৰাকী বিষয়ববীয়া উপস্থিত থাকে সভাত।